কেইটামান মাছৰ ৰেচিপি: অসমীয়া ৰন্ধন প্ৰকৰণ
  ১৷   তেল নিদিয়াকৈ বনোৱা ৰৌ মাছৰ আঞ্জা:   কি কি ল'লো::  ১৷  ২-৩  টা বিলাহী, কাটি ল'লো  ২৷  ২ টা ডাঙৰ পিঁয়াজ, কাটি ল'লো  ৩৷   ১ টা ডাঙৰ নহৰু  ৪৷   ৬-৭ টা জলকীয়া  ৫৷   ২০-২৫ খিলা নৰসিংহ পাত  ৬৷   নিমখ, হালধি, জলকীয়া গুৰি, গৰম মচলা আন্দাজমতে   কেনেকৈ ৰান্ধিলো:  এখন নন ষ্টিক কেৰাহীত তেল নিদিয়াকৈ পিঁয়াজ, নহৰু, জলকীয়াখিনি ভাজি ল'লো ৷ পিঁয়াজ ৰঙা হওঁতে কাটি লোৱা বিলাহীখিনি যোগ কৰি দিলো ৷ এতিয়া সোৱাদ অনুসাৰে নিমখ, হালধি, জলকীয়া গুৰি আৰু গৰম মচলাৰ গুৰি যোগ কৰিলো ৷ পাঁচ মিনিটমান ভাজি নমাই থ'লো ৷ একেখন কেৰাহীতে নৰসিংহ পাতকেইটাও কৰ্কৰিয়া কৰি ভাজি ল'লো ৷ এতিয়া এই আটাইবোৰ মিহলাই মিক্সিত পিহি ল'লো ৷  এতিয়া একেখন কেৰাহীতে মাছ কেইটুকুৰা শুকানে শুকানে ভাজি ল'লো ৷ মাছৰ পৰা তেল ওলাল ৷ সেই তেলতে মাছকেইটুকুৰা ভালদৰে ভাজি ল'লো ৷ এতিয়া মাছকেইটুকুৰা কেৰাহীতে ৰাখি ৪-৫ কাপ গৰম পানী যোগ কৰি দিলো ৷ ৫ মিনিট বইল হ'ব দিলো ৷ এতিয়া মিক্সিতগুৰি কৰি থোৱা পিঁয়াজ, নহৰুখিনি মাছৰ পানীখিনিত যোগ কৰি দিলো ৷ ২০ মিনিটমান সিজিবলৈ দিলো ৷ পানী কমি অহাত গেছটো বন্ধ কৰি দি...