ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীতকেইটাতকৈও জনপ্ৰিয়
                      অ'ৰিজিনেল বস্তুৰ প্ৰতি আমাৰ সদায়ে টান থাকে সেয়া লাগিলে যি বস্তুৱেই নহওক !  সাধাৰণতে গানবোৰ প্ৰথমতে জনপ্ৰিয় হয় প্ৰকৃত শিল্পীৰ কন্ঠতেই ৷ আচলতে আমিবোৰেও প্ৰায়ে ৰিমেক/ ৰিমিক্স কৰা গানবোৰ শুনিলে কওঁ প্ৰকৃত গীতটিয়েই ভাল আছিল বা old is gold বুলি ৷ কিন্তু কেতিয়াবা কিছুমান গীত এনেকুৱাকৈ ৰিমেক হয় যি আমাক প্ৰকৃত গীতটিৰ কথা পাহৰাই তোলে ৷ আমি পাহৰি যাওঁ প্ৰকৃত গীতটিৰ শিল্পী কোন আছিল বা কেতিয়া মুক্তি পাইছিল ৷ আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এনেকুৱা ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীত কেইটাতকৈও বহুগুণে জনপ্ৰিয় ৷ আহকচোন ব্লগটি পঢ়াৰ লগতে প্ৰকৃত তথা ৰিমেক গীত কেইটাও শুনো !  ১. ফুল ফুলক ৰ'দৰে ফুল  প্ৰকৃত কণ্ঠশিল্পী: বৈকুন্ঠ নাথ গগৈ  কথা: দ্বিজেন্দ্ৰ মোহন শৰ্মা  সুৰ: বৈকুন্ঠ নাথ গগৈ  ৰিমেক কণ্ঠশিল্পী: জুবিন গাৰ্গ  এলবাম: মুক্তি  মুক্তিৰ বছৰ: ১৯৯৭ চন                                 পেচাত এজন পশু চিকিৎসক স্বৰ্গীয় বৈকুন্ঠ নাথ গগৈৰ সৃষ্টি "ফুল ফুলক ৰ'দৰে ফুল" ৷ আকাশবাণী ডিব্ৰুগড়...