বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি:: তৃতীয় খণ্ড
আগৰ পৰা ( https://gitarthakaushik.blogspot.com/2020/05/blog-post_26.html ) ডিলাক্স চ্যুটলৈ আপগ্ৰেডেশ্বন আৰু এতিয়া আগ্নেয়গিৰিৰ (মই অহাৰ পিছতে ইণ্ডোনেচীয়াত আগ্নেয়গিৰি উদগীৰণ হোৱাৰ বাবে তিনিদিনৰ কাৰণে সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল) পৰা বাচি আহি ছিংগাপুৰ পোৱাতোও জানো কম ভাগ্য নহয় ? যি নহওঁক ছিংগাপুৰত অৱতৰণ কৰি বিমান বন্দৰৰ পৰাই মেট্ৰ ট্ৰেনেৰে মোৰ ভাইটি / বন্ধু ধীৰাজৰ জুৰং ইষ্টত থকা ৰূমলৈ বুলি আহিলো ৷ ধীৰাজ আমাৰ অসমৰ নগৰবেৰাৰ ল'ৰা ৷ তাৰ ৰূম পাই মুখ হাত ধুই, তাৰ লগৰে এজন দক্ষিন ভাৰতীয় বন্ধুৰ সৈতে আমি তিনিও ওলাই গ'লো ৷ ছিংগাপুৰখন ক'বলৈ ভাষা নোহোৱাকৈ ধুনীয়া ৷ ইমান পৰিপাতি যে নেদেখিলে কাৰো বিশ্বাসেই নহ'ব ৷ ৰাস্তাবোৰ মূলত: তিনি ভাগত বিভক্ত ৷ বাওঁফালৰ ভাগেৰে বাছ যায়, মাজেৰে সাধাৰণ গাড়ী/বাইক আৰু সোঁফালে দ্ৰুত গতিৰ গাড়ী যায় ৷ কোনো গাড়ীয়ে অনাহকত হৰ্ণ নবজায় ৷ কোনো গাড়ী ইখনে সিখনক অতিক্ৰম কৰি ট্ৰেফিক ভাঙি আগুৱাই নাযায় ৷ ৰাস্তাৰ পদপথত কিছুমান চুইট্যচ আছে ৷ ৰাস্তা পাৰ হ'বলৈ মানুহ নাথাকিলে গাড়ী নৰখে ৷ ব্যস্ত ট্ৰেফিকবোৰৰ বাহিৰে বাকীবোৰ ৰাস্তাত আমাৰ ভাৰতৰ ট্ৰেফিকৰ দৰে ১ মিনিট...