Posts

কেইটামান মাছৰ ৰেচিপি: অসমীয়া ৰন্ধন প্ৰকৰণ

Image
১৷   তেল নিদিয়াকৈ বনোৱা ৰৌ মাছৰ আঞ্জা: কি কি ল'লো:: ১৷  ২-৩  টা বিলাহী, কাটি ল'লো ২৷  ২ টা ডাঙৰ পিঁয়াজ, কাটি ল'লো ৩৷   ১ টা ডাঙৰ নহৰু ৪৷   ৬-৭ টা জলকীয়া ৫৷   ২০-২৫ খিলা নৰসিংহ পাত ৬৷   নিমখ, হালধি, জলকীয়া গুৰি, গৰম মচলা আন্দাজমতে কেনেকৈ ৰান্ধিলো: এখন নন ষ্টিক কেৰাহীত তেল নিদিয়াকৈ পিঁয়াজ, নহৰু, জলকীয়াখিনি ভাজি ল'লো ৷ পিঁয়াজ ৰঙা হওঁতে কাটি লোৱা বিলাহীখিনি যোগ কৰি দিলো ৷ এতিয়া সোৱাদ অনুসাৰে নিমখ, হালধি, জলকীয়া গুৰি আৰু গৰম মচলাৰ গুৰি যোগ কৰিলো ৷ পাঁচ মিনিটমান ভাজি নমাই থ'লো ৷ একেখন কেৰাহীতে নৰসিংহ পাতকেইটাও কৰ্কৰিয়া কৰি ভাজি ল'লো ৷ এতিয়া এই আটাইবোৰ মিহলাই মিক্সিত পিহি ল'লো ৷ এতিয়া একেখন কেৰাহীতে মাছ কেইটুকুৰা শুকানে শুকানে ভাজি ল'লো ৷ মাছৰ পৰা তেল ওলাল ৷ সেই তেলতে মাছকেইটুকুৰা ভালদৰে ভাজি ল'লো ৷ এতিয়া মাছকেইটুকুৰা কেৰাহীতে ৰাখি ৪-৫ কাপ গৰম পানী যোগ কৰি দিলো ৷ ৫ মিনিট বইল হ'ব দিলো ৷ এতিয়া মিক্সিতগুৰি কৰি থোৱা পিঁয়াজ, নহৰুখিনি মাছৰ পানীখিনিত যোগ কৰি দিলো ৷ ২০ মিনিটমান সিজিবলৈ দিলো ৷ পানী কমি অহাত গেছটো বন্ধ কৰি দিলো ৷ অলপ ধনীয়া কাটি দিলো

চিকেন নাগেট কিদৰে বনাব ?

Image
ঠাণ্ডা বতৰ ৷ চাহৰ লগত পকৰিৰ দৰে কিবা এটা হ'লে খাই ভাল লাগে ৷ বেচন পকৰিও একঘেমীয়া হ'ল ৷ সেয়েহে আজি ভাৱিলো চিকেন নাগেটচ্ বনাওঁ ৷ কি কি লাগিব: ব্ৰেড্:  ৪ টুকুৰা কুকুৰা মাংস (ব্ৰইলাৰ): ২৫০ গ্ৰাম নিমখ, জলকীয়া গুৰি:  আন্দাজমতে ৰিফাইন তেল কৰ্ণফ্লৰ: ৩ চামুচ ৰাস্ককিট্ বিস্কুট: ৬ টুকুৰা কণী: ১ টা কি দৰে বনাব: ব্ৰেডৰ কেইটুকুৰাৰ কাষবোৰ কাটি সৰু সৰু টুকুৰা কৰি মিক্সাৰত গুৰি কৰি ল'ব ৷ ব্ৰইলাৰ মাংসখিনি বইল কৰি পানী পেলাই দিব ৷ ব্ৰইলাৰ বইল কৰিহে খাব ৷ বহুত বেমাৰ হৈছে আজিকালি ৷ বইল কৰা মাংসখিনিও ব্ৰেডৰ গুৰিখিনিৰ লগত মিলাই মিক্সিত পিহি ল'ব ৷ এইখিনি কোমল হ'বলৈ ৪-৫ চামুচ ৰিফাইন তেল দি দিব ৷ এতিয়া গুৰি কৰি লোৱা ব্ৰেড আৰু মাংসখিনি আটা মৰাদি মাৰি ডাঠকৈ বেলি ল'ব ৷ বেলি লোৱা ৰুটিখন মজলীয়া আকাৰত টুকুৰা টুকুৰাকৈ কাটি ল'ব ৷ এতিয়া ১ টা কণী ভাঙি লৈ নিমখ, আৰু জলকীয়া গুৰিৰ লগত ২-৩ চামুচ কৰ্ণফ্ল'ৰ মিলাই ল'ব ৷ একেসময়তে ৰাস্ককিট্ বিস্কুট কেইটুকুৰা হাতেৰে মোহাৰি গুৰি কৰি ল'ব ৷ এতিয়া টুকুৰা কৰি লোৱা ৰুটিৰ টুকুৰাকেইটা এটা এটা প্ৰথমে কণীত ডুবাই বিস্কুটৰ গুৰিৰে ভালকৈ সানি ল&#