বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি::দ্বিতীয় খণ্ড
আগৰ খণ্ডৰ পৰা লিংক.......
২৯ তাৰিখৰ পৰা আমাৰ সন্মিলন আৰম্ভ হ’ল । সেইদিনা ৰাতিপুৱা ৭টা মান বজাতে উঠি গা ধুই সন্মিলনলৈ বুলি নিজকে সাজু কৰিলো । প্ৰায় ৭:৩০ মান বজাত মই ২য় মহলালৈ নামি আহিলো । দ্বিতীয় মহলাটোতে আছিল ভোজন কক্ষ । তাত আহি ৰাতিপুৱাৰ আহাৰ দেখি তবধ মানিলো । কমেও ১০০ বিধ মান ভিন্ন প্ৰকাৰৰ খাদ্য । কেকেই আছে প্ৰায় ১০ বিধ মান । একদম বাছি বাছি অলপমান ল’লো । কিন্তু পেটে মানিলেও চকুৱে নামানে । সেয়েহে কুকুৰাৰ তন্দুৰী আৰু ভঁজা মাছো ল’লো । উদৰ পূৰাই লৈ তাৰপিছতে ৪নং মহলাত থকা সভাগৃহলৈ উঠি আহিলো । তাতে বহি বিভিন্ন দেশৰ পৰা অহা গৱেষকসকলে মৎসৰ ওপৰত নিজৰ নিজৰ গৱেষণাপত্ৰ পাঠ কৰা শুনিলো । কোনোজনে ক’লে মৎসবিচিত্ৰতাৰ ওপৰত ; কোনোজনে ক’লে গোলকীয় উষ্ণতা বঢ়াৰ কাৰণে জীৱকূলৰ কিমান ক্ষতি হৈছে তাৰ ওপৰত । তাতে দুজনমান মৎস গৱেষকক লগ পালো যাৰ গৱেষণাপত্ৰ মই মোৰ গৱেষণাত সঘনে ব্যৱহাৰ কৰো । তেওঁলোকক ঘৰৰ পৰা লৈ যোৱা গামোচাৰে সম্ভাষণ জনালোঁ । প্ৰায় ৪ টা বজাত প্ৰথম দিনৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘটিল ।
আবেলিলৈ আমি, মানে চুইমা বা, মই আৰু তাইৰ লগৰে প্রৱক্তা মনিকা কুজনেটী বাইদেউৰ লগত জাকাৰ্টা চহৰ ফুৰিবলৈ ওলাই গ’লো । তাত দুচকীয়া আৰু চাৰিচকীয়া বাহনবোৰে দিনতো লাইট জ্বলোৱা দেখি আঁচৰিত হ'লো ৷ তিনিওটাই জাকাৰ্টা চহৰ ঘূৰি ৰাতি প্ৰায় ৮:৩০ বজাত হোটেল সোমালোহি । বাইদেউ দুগৰাকী মোক হোটেলত নমাই গুছি গ'ল ৷ কাপোৰ কানি সলাই মই আকৌ বাহিৰলৈ নামি আহিলো । পঢ়িব পাইছিলো জাকাৰ্টাৰ ৰাস্তাৰ খাদ্যৰ (Street food) কথা । সেই সোৱাদ পাবলৈয়ে ৰাস্তাৰে আগবাঢ়ি গ’লো । জাকাৰ্টাৰ মূূল খাদ্য হৈছে “নাচি” বা ভাত । কিন্তু তেওঁলোকে ভাতৰ লগত ডাইল জাতীয় ব্যঞ্জন নাখায় ৷ তেওঁলোকৰ প্ৰিয় খাদ্য হ’ল নাচি, জলকীয়াৰ চাটনি, শুকানকৈ ভঁজা মাছ বা মাংস আৰু তাৰ লগত এগিলাচ ঠাণ্ডা লাল চাহ । যিহেতু ইণ্ডোনেচীয়া এখন ইচলামিক দেশ গতিকে তাত গো মাংসৰ প্ৰচলন অবাধ । তাৰ মানুহে ইংৰাজীও খুব কমকৈ কয় । Yes আৰু No ৰে সকলো চলাই দিয়ে । গো মাংসক তেওঁলোকে ডগিং আৰু কুকুৰাৰ মাংসক আয়াং বুলি কয় । গতিকে মই ৰাস্তাৰ দোকানবোৰত সুধিছিলো “নাচি ?? ন’ ডগিং ?” তেওঁলোকেও হাঁহি হাঁহি মোক একপ্লেট ভাত আৰু এটুকুৰা শুকানকৈ ভঁজা মাছ আগবঢ়াই দিছিল । ৰাতি ঘূৰি আহি কোঠাত নিজৰ গৱেষণাপত্ৰখন আইনাৰ সন্মুখত এবাৰ আওঁৰাই চালো । সেইদিনা সোনকালেই শুই গ’লো ।
পিছদিনা ৰাতিপুৱা ঠিক ৭ মান বজাত উঠি, গা ধুই চ্যুট পেন্ট পিন্ধি নিজৰ গৱেষণা পত্ৰ পাঠ কৰিবলৈ সাজু হ’লো । তললৈ নামি আহি ৰাতিপুৱাৰ খাদ্য গ্ৰহন কৰি ষষ্ঠ মহলাত থকা সভা কক্ষলৈ উঠি গ’লো । তাতে দেখিলো মোৰ নামটো প্ৰথম বৈথকৰ তিনি নম্বৰতে আছে । সকলোৰে আগত মোৰ গৱেষণা পত্ৰ পাঠ কৰিলো । মোৰ পত্ৰৰ বিষয় বস্তু আছিল পৰিসংখ্যা ব্যৱহাৰ কৰি কিদৰে আমি এটা মাছৰ শাৰিৰীক অৱস্থা গম পাব পাৰো আৰু লগতে কিদৰে এটা মাছৰ দৈৰ্ঘ্য আৰু ওজনৰ পৰা তাৰ আকাৰ আৰু সংগ্ৰহ কৰা ঠাইৰ পৰিৱেশৰ বিষয়ে গম পাব পাৰো । তেওঁলোকে মোৰ গৱেষণাৰ বিষয়বস্তু খুব ভাল পালে আৰু ভাষণ শেষ হোৱাৰ পিছত তেওঁলোকৰ মনত খু দুৱাই থকা প্ৰশ্নবোৰ সুধিলে আৰু ময়ো উত্তৰ দিবলৈ যত্ন কৰিলো । এইদৰে বিদেশৰ মাটিত মোৰ গৱেষণা পত্ৰখন সফলতাৰে পৰিৱেশন কৰিব পাৰি মোৰো খুবেই ভাল লাগিল । সেইদিনাৰ সকলো গৱেষণাপত্ৰ পাঠ হোৱাৰ পিছত তেওঁঁলোকে মোক সেইদিনাৰ শ্ৰেষ্ঠ গৱেষণা পাঠক হিচাপে স্বীকৃতি প্ৰদান কৰিলে ৷
জাকাৰ্টাত মোৰ আজি চতুৰ্থ দিন ৷ কালি সুকলমে কনফাৰেন্স শেষ হ'ল ৷ ইয়াত আহি প্ৰথমে মোৰ অৱস্থাটো 'কুইন' চিনেমাখনৰ কংগনা ৰাণাৱটৰ দৰে হৈছিল ৷ ইংৰাজী বুজি পোৱা আৰু ক'ব পৰা মানুহৰ সংখ্যা তাত বহুত কম ৷ মই ইংৰাজীত যিমানে বুজাবলৈ চেষ্টা কৰো তেওঁলোকে সিমানেই বুজি নাপাইছিল ৷ তেওঁলোকে নিজৰ ইণ্ডোনেচিয়ান ভাষাতে কথা কৈ থাকিছিল আৰু ময়ো শেষত পূৰা অসমীয়াত কথা ক’বলৈ আৰম্ভ কৰিছিলো ৷ মই আচৰিত হৈছিলো যেতিয়া মোৰ মুখৰ ভংগীমাত তেওঁলোকে কিছুমান অসমীয়া কথাও বুজি পাইছিল ৷ মোৰ চিনাকী বাইদেউ দুগৰাকী, দাদা আৰু ভাইটিজনে ইণ্ডোনেচিয়ান বুজি পাইছিল ৷ তেওঁলোক সকলো কেইজন ইণ্ডোনেচীয়াৰ কালিমাণ্টানৰ পৰা আহিছিল ৷ মোৰ অসুবিধা হৈছিল খোৱাৰ সময়ত ৷ কি লিখা থাকে বুজি নাপাইছিলো ৷ তেতিয়া সেই বা দুগৰাকীয়ে মই খোৱাৰ আগে আগে সকলো সুধি কোনটো মই খাব পাৰো কোনটো নোৱাৰো কৈ গৈছিল ৷ সেইদিনাই মই আৰু চুইমা বাইদেৱে আঞ্চোল (Ancol) নামৰ ঠাইখনলৈ ফুৰিবলৈ গ’লো । ৰাতিলৈ আমি পাঁচটা জাকাৰ্টাৰ বিখ্যাত ইষ্টিকলাল মছজিদ, তাৰ সন্মুখতে থকা জাকাৰ্টা কেথেদ্ৰেল আৰু নেডাৰলেণ্ডৰ পৰা স্বাধীন হোৱাৰ পিছত বনোৱা স্মৃতিসৌধ ম’নাচ চাবলৈ গ’লো । কাইলৈ সিহঁত গোটেইকেইটা বৰ্নিঅ’লৈ ঘূৰি যাবগৈ । ভৰি পৰা দুচকুৰে গোটেইকেইটাই আহি মোক হোটেলত থৈ গ’লহি । নিজৰ ঠাইলৈ ঘুৰি যোৱাৰ আগয়ে সিহঁতি মই কি কৰিম, ক'ত যাম, কি খাম, কাৰ লগত যাম সকলো বন্দবস্ত কৰি থৈ গ'ল ৷ আনকি নিজৰ ঠাইৰ পৰাও ফোন কৰি মোৰ কাৰণে ফুৰিবলৈ গাড়ী ঠিক কৰি দিলে ৷
জাকাৰ্টাত আজি মোৰ পঞ্চম দিন ৷ আজি থাউজেণ্ড আইলেণ্ডলৈ গ'লো ৷ উত্তৰ জাকাৰ্টাৰ সাগৰৰ মাজৰ সৰু সৰু ১১০ টা দ্বীপৰ সমষ্টি এই থাউজেণ্ড আইলেণ্ড ৷ জাকাৰ্টাৰ পৰা প্ৰায় দুঘণ্টা পানী জাহাজেৰে গ’লে পোৱা যায় এই থাউজেণ্ড আইলেণ্ডবোৰ ৷ মই গ'লো পুত্ৰি আৰু চেপা আইলেণ্ডলৈ ৷ জীৱনত প্ৰথম বাৰৰ বাবে স্নৰ্কলিং কৰিলো ৷ এডাল পাইপৰ সহায়ত মুুখৰে লৈ তাৰে বতাহ লৈ পানীৰ তলৰ জগতখন চালো ৷ গ্লাচৰ নাৱত উঠি কৰেল ৰিফবোৰ চালো ৷ জেট স্কি চলালো সাগৰত ঘন্টাত ১৫০ কি:মি: বেগত ৷ আটাইতকৈ ভয়ানক আছিল বানানা ব'ট ৷ সাপ বেলুন আকৃতিৰ নাৱৰ ওপৰত লাইফ জেকেট পিন্ধাই আৰোহীজনক লৈ যোৱা হয় সাগৰৰ মাজলৈ ৷ তাৰ পাছত এখন চুপাৰ ফাষ্ট নাৱত এই বানানা ব'টখন বান্ধি দিয়া হয় ৷ নাৱে একদম চুচৰাই লৈ যায় ৷ গৈ থাকোতে টাৰ্ণ লওঁতেই গ'লো নহয় সাগৰৰ মাজতে পৰি ৷ মই ভয় কৰিম বুলি ভাৱি মোৰ লগত চেপা দ্বীপৰ পা (দাদা) চেমুৱেলে দুজন ল’ৰাক পঠিয়াইছিল । এইখনৰ পৰা বোলে এনেকৈ পৰিবলৈয়ে মানুহ উঠে ৷ জীৱনটো ভগৱানক সঁপি যেনেতেনে উঠি আহিলো ৷ তাৰ পাছত কাছ চাব গ'লো ৷ গধূলি মই থকা হোটেললৈ ঘূৰি আহিলো ৷
ইণ্ডোনেচিয়াত খুবেই জনপ্ৰিয় বলিউদৰ ছবি ৷ ইণ্ডোনেচিয়ান মানুহে যেতিয়া মোক ভাৰতীয় বুলি গম পাইছিল তেতিয়া এটাই অনুৰোধ কৰিছিল "please sing Kuch Kuch Hota Hai " ৷ কুছ কুছ হ'তা হ্যে ৰ শীৰ্ষক গীতটি চাগৈ 50 বাৰতকৈও বেছিবাৰ গাইছিলো ৷ তাৰ প্ৰায়বোৰ ডেকাই এইখন চিনেমা চাইছে বুলি গম পালো ৷ মোৰ প্ৰিয় চিনেমাখন এওঁলোকৰো প্ৰিয় বুলি গম পায় খুব ভাল লাগিছিল ৷ গীতটি গাই উঠি "টেৰিমা কাচেহ্" (ধন্যবাদ) বুলি ক’লে তেওঁলোকে বৰ ভাল পাইছিল ৷
জাকাৰ্টাত আজি মোৰ ষষ্ঠ দিন ৷ আজি ৰাতিপুৱাই বৰ্নিঅ'ৰ পৰা চুইমা বায়ে ফোন কৰি ক'লে "গীতু তোমাৰ কাৰণে আঠ বজাত এখন গাড়ী আহিব ৷ মই ড্ৰাইভাৰক কৈ দিছো কি কি চাব যাবা ৷ সি তোমাক লৈ যাব ৷" আঠটা বাজি পোন্ধৰ মিনিটমান যোৱাত মই লবিলৈ নামি আহিলো ৷ ড্ৰাইভাৰজন ডেকা ল'ৰা ৷ মই নামি যোৱাৰ আগতেই তেওঁ পালেহি আৰু মোক ফোন কৰি ক'লে গীতু মই তোমাৰ আজিৰ ড্ৰাইভাৰ কাম গাইড "ৰিল" ৷ তুমি আহি যোৱা তলত ৷ মোৰ বা জনীয়ে মোক গীতু বুলি মাতিছিল ৷ গতিকে তাই সকলোকে মোৰ নাম গীতু বুলিয়ে কৈ গৈছিল ৷ থাউজেণ্ড আইলেণ্ডটো সকলোৱে গীতু বুলিয়ে মাতিছিল ৷ কিন্তু ইণ্ডোনেচিয়ান ভাষাতো গীতু নামৰ এটা শব্দ আছে যাৰ অসমীয়া সমাৰ্থক শব্দ হৈছে "হয় নেকি" বা "is it ?"
যি হওঁক ৰাতিপুৱা ওলাই গ'লো ডেকাৰ লগত । গাড়ীখনত বহাৰ পিছতে মোৰ গাইড লগতে ড্ৰাইভাৰ ৰিলে গান বজাই দিলে ৷ সকলোবোৰ হিন্দী গান ৷ গানৰ লগে লগে মোৰ ফূৰ্তিবাজ ড্ৰাইভাৰে পূৰা হিন্দী গীতৰ কলি গাই গ'ল ৷ এটা কথা মন কৰিছিলো যে যদি ইণ্ডোনেচিয়াত দহজন জনপ্ৰিয় ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰে, তাত শ্বাহৰুখ খানৰ নাম হয়তো প্ৰথম পাঁচজনৰ ভিতৰতে পৰিব ৷ সেইদিনা দেওবাৰ হোৱাৰ কাৰণে প্ৰায়বোৰ মিউজিয়াম বন্ধ আছিল ৷ গতিকে সোমাব নোৱাৰিলো ৷ সচিবালয়টো চালো বাহিৰৰ পৰাই । পিছবেলা হোটেললৈ ঘূৰি আহিলো ৷ আবেলি আকৌ ৰিল ৰ লগত ফুৰিবলৈ ওলাই গ’লো ।
ইণ্ডোনেচীয়াৰ মানুহবোৰ খুবেই সহজসৰল ৷ খালী এটাই অসুবিধা ... ভাষা ৷ কিন্তু "দিল চে দিলৰ" কানেক্ট কৰি সেয়াও কম কৰাৰ চেষ্টা কৰিছিলো আৰু বহুখিনি সফলো হৈছিলো ৷
আজি ৩ নবেম্বৰ । ইণ্ডোনেচিয়াৰ বহুতো মিঠা, তেজাল স্মৃতি বুকুত বান্ধি বহি আছো চুকাৰ্ন' হাটা আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত ৷ মোৰ পৰৱৰ্ত্তী লক্ষ্যস্থান ছিংগাপুৰ ৷ জাকাৰ্টাৰ এই ছদিনীয়া অভিজ্ঞতাই দি গ'ল কিছুমান জীৱনজোৰা অভিজ্ঞতা, শিকাই গ'ল হাঁহিৰ অৰ্থ, হাঁহিৰ মূল্য ৷ ভাষা নাজানিলেও এটি হাঁহিৰে জগত কিদৰে জিনিব পাৰি সেইকথা ! সেইকাৰণে হয়তু কোনোবা বিখ্যাত মনিষীয়ে কৈ গৈছে,
A smile costs nothing..
So keep smiling….
ক্ৰমশ .......
I still remember this moment, so memorable
ReplyDeleteMe too Pa ! Will meet you all again.
DeleteWow gitu..very beautiful explanation.
ReplyDelete@Kaushik da thank you so much :)
Deleteভাল লাগিল পঢ়ি 👍
ReplyDelete@ Rumi ba thank you so much :)
ReplyDeleteWow simply awesome.. Proud of you and your talent.. Great bro, please keep this spirit & your smile.
ReplyDeleteThank you so much ! You too keep smiling :)
DeleteAmazing place. Amazing people. The away you shared it is beautiful.
ReplyDeleteThank you so much Ramu bhai. Just tried to write some lines for the beautiful people of Indonesia :)
Deleteজীৱনটো বৰ ধুনীয়াকৈ উপভোগ কৰিছে😊😊 বাকী থকা দিন কেইটাও এনেকৈ হাঁহি ফুৰ্তিৰ মাজেৰে সুকলমে পাৰ হওক☺️
ReplyDeleteবহুত ধন্যবাদ ৷ অসমীয়াক ক'য় যে হাঁহিয়ে জীৱন ৷ তুমিও হাঁহি থাকিবা ৷
DeleteVery nicely written Geet, I too like Indonesian people. The cleanherterted people's likes Indian and we too love them. In a very simple manner you described nicely about your tour. Keep continue brother.
ReplyDeleteDudul da ? Thank you so much for the kind lines brother. True, Indonesian people are very clean and kind hearted. Very similar to us. Memory for the life :)
Delete