Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

            কলোৱে কৈছিল ছোৱালীজনীৰ কন্ঠত মা সৰস্বতীৰ বসতি আছে ৷ বিস্ময় বালিকা গৰাকীয়ে গাই গৈছিল এটাৰ পিছত এটাকৈ গান ৷ গোটেই অসম তোলপাৰ লাগি গৈছিল ছোৱালীজনীৰ কন্ঠৰ জোৰত ৷ এদিন ছোৱালীজনী হিন্দী বোলছবিৰ গীত পৰিৱেশনৰ আমন্ত্ৰণ লাভ কৰি গুছি গৈছিল মুম্বাইলৈ ৷ হঠাৎ ছোৱালীজনী নোহোৱা হৈ গ'ল !  যেন হেৰাই গ'ল মুম্বাইৰ ভিৰত ! কি হ'ল ছোৱালীজনীৰ ?  ক'ত গ'ল ছোৱালীজনী? আজিকালি বাৰু গান গাইনে?  এতিয়া বাৰু কি কৰি আছে ? তাই বা এতিয়া ক'ত থাকে? এই সকলোবোৰ কথা গোটাই আজিৰ লিখনিটো প্ৰস্তুত কৰিলো ৷ 
            য় মই আজি ক'বলৈ গৈছো মোৰ শৈশৱৰ সোনোৱালী দিনবোৰক নিজৰ যাদুকৰী কন্ঠৰে জীপাল কৰা তেতিয়াৰ বিস্ময় বালিকা মুনমী বৰাৰ কথা ৷ পখিলা অঁকা, ৰঙা-নীলা ফ্ৰক পিন্ধি দৰা-কইনা খেলা বয়সত ব্যতিক্ৰমী মুনমীয়ে হাতত তুলি লৈছিল এটা মাইক্ৰ'ফোন ৷  গীত পৰিৱেশন কৰি গৈছিল ইখনৰ পিছত সিখন মঞ্চত !  গাই গৈছিল ইটোৰ পিছত সিটো কালজয়ী গীত ! বয়সত কণমানি ছোৱালীজনীৰ কন্ঠৰ পৰিপক্কতাই মোহাচ্চন্ন কৰি গৈছিল এজন এজন অসমীয়া শ্ৰোতা দৰ্শকক ৷ তাইৰ অকল্পনীয় কন্ঠৰ জোৰে যে অকল অসমতে খলকনি তুলিছিল তেনে নহয় ৷ কণমানি মুনমীক গীত পৰিৱেশনৰ আমন্ত্ৰণ কৰি নিছিল বহুতো প্ৰৱাসী ভাৰতীয়ই ৷ 
            মুনমী বৰাৰ জন্ম হৈছিল গুৱাহাটীতে ৷ একদম মাত ফুটাৰ পিছৰে পৰা কিবা কিবি অবুজ ভাষাত গুণগুণাই থকা মুনমীক মাক দেউতাকে পণ্ডিত হীৰেণ শৰ্মাৰ তত্বাৱধানত শাস্ত্ৰীয় সংগীতৰ তালিম ল'বলৈ নামভৰ্তি কৰি দিয়ে ৷ তাতে সংগীতৰ অ আ ক খ শিকি প্ৰায় সাতবছৰ বয়সত প্ৰথমবাৰলৈ মাত্ৰ তিনিজন বাদ্যযন্ত্ৰীৰ সহযোগত মঞ্চত গীত পৰিৱেশন কৰিবলৈ সাজু হয় ৷ সেয়াই আছিল আৰম্ভণি ৷ বিস্ময় বালিকা লাহে লাহে সমগ্ৰ অসমৰ প্ৰতিজন জনতাৰ হৃদয়ত সোমাই পৰিছিল ৷ মুনমীৰ জনপ্ৰিয়তা ইমানেই আছিল যে নৰিয়া গাৰেও আইতাকৰ কোঁচত উঠি গীত গাব লগাৰ পৰিস্থিতি হৈছিল ৷ কেতিয়াবা এটা নিশাত তিনিখনকৈও অনুষ্ঠান কৰিব লগাত পৰিছিল মুনমী ৷ 
            বাৰ মুনমীক গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছিল ধুবুৰী চহৰলৈ ৷ সেই একেই মঞ্চলৈ আমন্ত্ৰিত হৈছিল স্বনামধন্য গায়ক কিশোৰ কুমাৰৰ পুত্ৰ, গায়ক অমিত কুমাৰো ৷ অমিত কুমাৰৰ লগতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল মুম্বাইৰ (তেতিয়াৰ বোম্বে) বিখ্যাত গ্ৰুপ মেলডি মেকাৰ্চ ৷ মুনমীৰ গীত শুনি অমিত কুমাৰ আৰু মেলডী মেকাৰ্চৰ সদস্যসকল বাকৰুদ্ধ হৈ পৰিছিল ৷ তেওঁলোকে মুনমীৰ পিতৃ মাতৃক খাটনি ধৰিছিল মুম্বাইলৈ লৈ অনাৰ বাবে ৷ সেইসময়তে মুনমীৰ পিতৃৃ মাতৃৃৃৃয়েও মুনমীৰ কন্ঠত এটি গীতৰ এলবাম কৰাৰ কথা ভাৱি আছিল ৷ অমিত কুমাৰ আৰু মেলডী মেকাৰ্চৰ পৰা প্ৰেৰণা পাই তেওঁলোকে মুম্বাইলৈ গৈ ৰেৰ্কড কৰিছিল মুনমীৰ প্ৰথম এলবাম "পিকনিক পিকনিক"ৰ ৷ এই কেচেটটিত মুনমীৰ লগতে কন্ঠদান কৰিছিল স্বনামধন্য গায়িকা ঊষা মংগেশকাৰে ৷ কেচেটটিৰ গীতসমূহ ৰেৰ্কডিং কৰি মুনমী অসমলৈ ঘূৰি আহিছিল ৷ পিকনিক পিকনিক ৰ জনপ্ৰিয় হৈছিল ভাৱিব নোৱাৰাকৈ ৷ 
            মুনমীৰ বয়স যেতিয়া দহ বছৰ হৈছিল সেই সময়তে বলিউডত সংগীত পৰিচালক হিচাপে ভুমূকি মাৰিছিল অনু মালিকে ৷ মুনমী মুম্বাইলৈ গৈ মাহীয়েকৰ ঘৰত আছিল ৷ মুনমীৰ  মহাক আছিল সেইসময়ৰ বিখ্যাত মেগাজিন "স্ক্ৰীণ" ৰ সম্পাদক শিৱৰাজ বৰ্মনৰ বন্ধু ৷ মহাকে মুনমীৰ গান বৰ্মনক শুনাইছিল ৷ এই শিৱৰাজ বৰ্মনেই মুনমীক চিনাকি কৰাই দিছিল অনু মালিকৰ লগত ৷ প্ৰথম সাক্ষাতত মালিকে মুনমীক এটি গীত গাবলৈ কোৱাত মুনমীয়ে লতাজীয়ে গোৱা এটা ভজন গাই শুনাইছিল ৷ মালিক মোহাচ্চন্ন হৈ পৰিছিল আৰু তেওঁৰ আহিবলগীয়া ছবি "প্যাৰ কে দ' পল"ত গীত গোৱাৰ সুযোগ দিছিল ৷ মুনমীয়ে ছবিখনত চাৰিটা গীত গাইছিল ৷ সেইসময়ৰ বিখ্যাত অভিনেতা অভিনেত্ৰী মিঠুন চক্ৰৱৰ্তী আৰু জয়াপ্ৰদাই অভিনয় কৰা, ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত প্যাৰ কে দ' পল ৰ গীত কেইটিও খুব বিখ্যাত হৈছিল আৰু মুনমীৰ বিস্ময় কন্ঠৰ সকলোৱে শলাগ লৈছিল ৷ 
            প্যাৰ কে দ' পল" ৰ গীতবোৰৰ জনপ্ৰিয়তাই মুনমীকো বলিউডত জনপ্ৰিয় কৰি তুলিলে ৷ সেয়ে ছবিখনৰ কলা-কুশলীয়ে লণ্ডনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে লগত মুনমীকো লৈ গ'ল ৷ তাৰ পিছৰে পৰা মুনমীয়ে "দাদাগিৰি", "গংগা যমুনা সৰস্বতী", "ৰিহাই" আদি বোলছবিত কন্ঠদান কৰিলে ৷ মুনমীৰ জনপ্ৰিয়তা তুংগত থাকোতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা, স্বনামধন্য গীতিকাৰ প্ৰশান্ত বৰদলৈদেৱে এটি এলবামৰ পৰিকল্পনা কৰে আৰু নাম দিয়ে "মুনমী" ৷ এলবামটোৰ শাৰদী কোমলএই নিজান ৰাতি, ইয়াতো বতাহ বলে, জিৰি জিৰিৰ পাৰভঙা জনপ্ৰিয়তা আজিৰ দিনটো অটুত হৈ আছে ৷ মুনমীৰ এই এলবামটিৰ গানবোৰো মুম্বাইত ৰেৰ্কড কৰা হৈছিল ৷ ইয়াৰ পিছতে মুনমীৰ কন্ঠৰ তৃতীয়টি এলবাম "মৰমী মুনমী"য়ে মুক্তি লাভ কৰে ৷ মুক্তিৰ পিছতে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মৰমী মুনমী গৰিষ্ঠ সংখ্যক অসমীয়াৰ ঘৰে ঘৰে বিয়পি পৰে ৷ প্ৰায় ঠিক সেইসময়তে মুনমীয়ে অসমীয়া ছবি "অভিমান"ৰ গীতত কন্ঠদান কৰে আৰু সেই গীতটিৰ বাবে প্ৰথমে ৰাজ্যিক বঁটা আৰু পিছলৈ ৰাষ্ট্ৰীয় বঁটাৰেও তেওঁক সন্মানিত কৰা হয় ৷ 



            গুৱাহাটীৰ "হলি চাইল্ড স্কুল"ত ষষ্ঠ শ্ৰেণীলৈকে জীৱনৰ আদি পাঠ মুকলোৱা মুনমীয়ে সপ্তম শ্ৰেণীৰ পৰা মুম্বাইতে শিক্ষা গ্ৰহন কৰিবলৈ আৰম্ভ কৰে ৷ পিছলৈ মনোবিজ্ঞানত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰা মুনমীয়ে IITC আৰু  IATTA ৰ পৰা ট্ৰেভেল আৰু টুৰিজিমৰ ডিপ্লমাও লাভ কৰে ৷ পিছলৈ Wipro কোম্পানীত চাকৰি কৰিবলৈ আৰম্ভ কৰা মুনমীৰ চিনাকি হয় তেওঁৰ বচ্,  সুন্দৰ পাঞ্জাবী যুৱক বিবেক সাগৰক ৷ তেওঁলোকৰ প্ৰেম আৰু পিছলৈ বিবাহ হয় ৷ মুনমীৰ এটি মৰমলগা পুত্ৰ সন্তানো আছে ৷ তেওঁলোক দুয়ো বৰ্তমান Wipro কোম্পানীত কৰ্মৰত আৰু ফিলিপাইনচ্ ৰ মেনিলাত থাকে ৷ 


            মুনমীৰ খবৰ এদিন পঢ়িবলৈ পাইছিলো  কুমাৰ ভাস্কৰজ্যোতিৰ এটি লিখনিত যিটো ২০০৮ চনৰ এপ্ৰিল মাহৰ সংখ্যাত  নন্দিনী নামৰ অসমীয়া আলোচনীখনত ১০৯ আৰু ১০ পৃষ্ঠাত প্ৰকাশ পাইছিল ৷ তাতে পঢ়িব পাইছিলো যে এবাৰ বোলে মুম্বাইৰ বিখ্যাত "ফেমাচ স্টুডিঅ'ত " মুনমীৰ এটা ৰেকৰ্ডিং আছিল ৷ অনু মালিকৰ সংগীতত গীত বাণীবদ্ধ কৰা চিনেমাখনৰ নাম আছিল "জিম্মেদাৰ" যিখনে কিছুমান কাৰণত ৰিলিজ নাপালে ৷ তাতে লিখা আছিল যে মুনমীৰ সপোন আছিল কিংবদন্তী কিশোৰ কুমাৰৰ লগত গীত পৰিৱেশন কৰাৰ যিটো সুযোগ অনু মালিকে দিছিল এই ছবিখনত ৷ যেতিয়া ৰঙা, ফুল দিয়া ফ্ৰক পিন্ধি এঘাৰ বছৰীয়া মুনমী স্টুডিঅ'লৈ গৈছিল তেতিয়া কিশোৰ কুমাৰে তেওঁক দেখি অনু মালিকক সুধিছিল যে ইমান সৰু ছোৱালীজনীয়ে নায়িকাৰ বাবে কিদৰে গান গাব ৷ তেতিয়া অনু মালিকে কৈছিল তাইৰ বয়স তথা ৰঙা ফ্ৰকটোত ভোল নাযাব. .. তাইৰ মাতটো শুনক ৷ যেতিয়া বোলে মুনমীয়ে গীতৰ ৰেকৰ্ডিং আৰম্ভ কৰিছিল কিশোৰ কুমাৰৰ চেলাউৰি দাং খাই গৈছিল,  তেওঁৰ বিশ্বাস হোৱা নাছিল যে ইমান সৰু ছোৱালীজনীৰ মাত ইমান পৰিপক্ক কেনেকৈ ?



            কিন্তু পিছলৈ মুনমী হেৰাই গৈছিল ৷ ক'তো গান গোৱা নাছিল না অসমলৈ আহিছিল ! বহুতে কৈছিল মুনমীৰ বোলে কন্ঠনলীৰ বিসংগতিয়ে দেখা দিলে, কোনোবাই ক'লে মুনমীক কোনোবাই কিবা খোৱাই দিলে ৷ মুঠতে মুনমীয়ে গান গাবলৈ এৰি দিলে ৷




            পিছলৈ প্ৰাগ নিউজৰ দেৱজিৎ ভূ়ঞাঁৰ এটা ইন্টাৰভিউত মুনমীয়ে একপ্ৰকাৰে স্বীকাৰ কৰিছিল যে মুনমী মুম্বাইত ভাগি পৰিছিল ৷ মুনমীৰ কন্ঠত ৰেকৰ্ড কৰা কেইটিমান গান পিছলৈ চিনেমাত সোমোৱাওঁতে লতা মংগেশকাৰৰ কন্ঠত বাজিছিল ৷ মুনমীৰ গানটো আঁতৰাই দিয়া হৈছিল ৷ ফুলকুমলীয়া ছোৱালীজনী ভাগি পৰিছিল ৷ 
            কুমাৰ ভাস্কৰজ্যোতিৰ ইন্টাৰভিউটোত মুনমীয়ে কৈছিল যে অসমত থাকোতে মুনমীয়ে শাস্ত্ৰীয় সংগীতৰ তালিম লৈছিল গুৰু হীৰেণ শৰ্মাদেৱৰ তত্বাৱধানত ৷ মুম্বাইলৈ যোৱাৰ পিছতো শৰ্মাদেৱে বিভিন্ন চিঠি পত্ৰেৰে মুনমীক উৎসাহ জগাই গৈছিল ৷ তেওঁ হঠাৎ ঢুকাই থাকিল ৷ পিছলৈ মুনমীয়ে মুম্বাইতে গুৰু তাজ এহমদ খান চাহাবৰ ওচৰত তালিম ল'বলৈ আৰম্ভ কৰে আৰু শিকিবলৈ আৰম্ভ কৰা দুবছৰমান পিছতে সেইজন গুৰুও ঢুকাই থাকিল ৷ যদিও আমাৰ বিশ্বাস নহয়, মুনমীৰ মতে বাৰে বাৰে গুৰু সলাই থাকিব লগা হোৱাৰ বাবে মুনমীৰ মাতত তাৰ প্ৰভাৱ পৰিছিল ৷ সেয়েহে মুনমীয়ে অলপ দিনৰ বিৰতি লৈ নিজকে পঢ়া শুনাত নিয়োজিত কৰিছিল ৷ আৰু তেনেকৈয়ে মুনমী সংগীতৰ জগতখনৰ পৰা আঁতৰি আহিল ৷ 
            মি অসমবাসী এতিয়াও আতুৰ মুনমীৰ মৌসনা কন্ঠৰ মধু পান কৰিবলৈ ৷ আমিও ভগৱানক প্ৰাৰ্থনা কৰো যাতে মুনমী সংগীতৰ জগতখনলৈ ঘূৰি আহে,  অসমবাসীৰ মাজলৈ ঘূৰি আহে ৷ মাজতে মই মুনমীক ফেচবুকত বিচাৰি নাপাই তেওঁৰ স্বামীৰ ফেচবুক একাউন্টটো মেচেজ দিছিলো ৷ তেখেতে খুব ভালকৈ ৰিপ্লায়ো দিছিল ৷ সদ্যহতে ময়ো নাজানো বৰ্তমান তেওঁলোক মেনিলাতে আছে নে ক'ত আছে ৷ 


মুনমীৰ কেচেটৰ কেইটিমান লিংক দিলো ৷ আপোনালোকে মন কৰিলে লিংকত ক্লিক কৰি শুনিব পাৰিব ৷ 

Comments

  1. খুব ভাল লাগিল,সুন্দৰ উপস্থাপন।

    ReplyDelete
  2. Replies
    1. বুবু মই জানো ৷ বহু দিনৰে পৰা আছে নেকি বাৰু ?

      Delete
  3. বহুত ভাল লাগিল তোমাৰ লিখনিটো পঢ়ি।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ মোৰ লিখনিটো পঢ়ি চোৱাৰ বাবে :)

      Delete
  4. Replies
    1. বহুত ধন্যবাদ :) সহযোগ কৰি থাকিব এইদৰেই :)

      Delete
  5. ভাল লাগিল ইমানখিনি খবৰ দিয়া বাবে। মানুহৰ মন-মগজুত তেখেতৰ গীতে শিপাই আছে। বহুত খবৰ এই ওলাইছিল।এতিয়া অন্তত ভালে আছে বুলি জানি সুখী হ'লো।

    ReplyDelete
    Replies
    1. হয় হয় ৷ একদম ঠিক কৈছে ৷ মানুহৰ মন মগজুত শিপাই আছে তেওঁ :) বহুত ধন্যবাদ জনালোঁ এই সুন্দৰ মন্তব্যটিৰ কাৰণে :)

      Delete
  6. পঢ়ি ভাল লাগিল দাদা!!
    সুন্দৰ কৈ লিখিছে কথা খিনি

    ReplyDelete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries