Khonoma: The Greenest Village of Asia ! How and When to visit ?
Why think of abroad when you have heaven in your country!!
“The world is a book and those do not travel read only a page”- Saint Augustine
Well, I am not a hardcore reader but if the world is a book, I have completed at least the first four pages of it! Traveling is sometimes called a healthy addiction and to be honest, I am addicted to it. Somebody said, “If you are happy or sad, it’s high time to pack your bag”. And I always follow this.
Today I will take you to Khonoma; the greenest village of Asia! So please be seated and fasten your seat belts as we will fly now from your city to the greenery. (Click here to visit Khonoma in Youtube in my channel)
(Picture Courtesy: http://www.wildtales.in/khonoma/) |
Khonoma is located on a hilltop at around 20 km south-west to Kohima. The village due to its location and strategic settlement and it’s relation to the headhunting, agricultural operations, collection of forest products and their sole dependence on nature has earned the name of “the land of drifting clouds”, “university of nature”, “the shy village” or “the stone village” by its visitors. Upon your entry to the village, you will be welcomed by the traditional gates carrying its own story of past and present, offering the first glimpse of a shy village.
Khonoma consists of three big colonies, called as Khel (Group of clans). They are Merhumia, Thevomia, and Semomia. You will found nearly 3500 people with about 580 households in Khonoma. The morung (boy’s dormitory) is a kind of community hall where the first education for the boys of the village starts. Every morung consists of a sitting place around a big bonfire and a common wooden bed in the interior room. You will be amazed to see the huge bed that carved out from a single tree trunk where 10-15 boys can easily sleep. I am sure you will be in shock after guessing the size of the tree! The funny thing is that any child’s evading morung activities were considered as weak and any men exempting from morung discussion is regarded as henpecked. During festive seasons they would bring their little bamboo cups of rice beer, merrily sitting around the fire, and listening to the aged person about their great ancestors during their headhunting period and their adventurous journeys into the mainland of India to collect salt, necklace, and cowrie shells.
Morung: the community hall |
Traditional gates:
You will find seven traditional gates in Khonoma. Like the morung’s, the traditional gates of this village are still well maintained in their original locations. These gates were the only entry points in the past and use to decorate by Mithun head, shield, human head, hornbill feather etc.
Forts:
In Khonoma you will find three khels and their respective forts that regarded as the source of strength and gallantry. When I try to have a look at their history, I have found that all the forthcoming war strategies and positions of the soldiers were discussed inside the forts with total secrecy. Forts also play an important role as the stock house for the warrior shields, machetes, spears, etc. Ok....ok you are scared… right?? Don’t worry! With peace and reconciliation as the prime need, the villages have renovated their forts and today they are using them as tuition centers, library or meeting places.
Image of a reconstructed fort for library |
Out of the seven festivals celebrated by the people of Khonoma, four are considered as the most important. All these festivals are directly related to the agricultural cycle and are observed according to the lunar calendar. The most important festival is the Sekrenyi and it is celebrated in February for ten days. This festival is also known as the festival of purification of males and rejuvenation. So you can note down that to witness Sekrenyi, you have to visit Khonoma in February.
The second most important festival is Thekrenyi celebrated in May announcing the plantation season. In the month of March, the people of Khonoma celebrate Ngonyi for firewood collection, fishing for the women, and hunting for the men. Other main festivals are Liekhwenyi, Tiede, and Suliede. So if you want to witness these colorful festivals, you have to visit Khonoma in the above mentioned months.
Climate:
Khonoma enjoys monsoon with heavy rainfall from June to September. Winter is cold and chilly and starts from November up to February. If you are lucky enough you will be able to witness snowfall in Khonoma. The temperature in summer ranges from 31ºC to 16ºC whereas in winter it is like 16ºC to 4ºC.
How to reach:
Dimapur is the hub for Nagaland. If you want to visit any places in Nagaland, you have to come to Dimapur. Dimapur is connected via air and rail from the rest of India. After reaching Dimapur, you can take a cab to Kohima; the capital of Nagaland which will take nearly 3 hours. From Kohima to Khonoma, it’s nearly 20 km but due to the bad road condition, it will take nearly 90 mins to reach.
Entry Formalities-Permits:
Before entering to Nagaland, an entry permit is a must. Domestic tourists have to carry an Inner line permit (ILP) issued by Deputy Resident Commissioner, Nagaland House, Delhi, and Kolkata; Resident Commissioner in Guwahati and Shillong.
Earlier for foreign tourists, restricted area permit (RAP)/ Protected area permit (PAP) was required to enter Nagaland but no longer needed nowadays (except tourists from China and Pakistan). Foreigners have to register their names at the local foreigners’ registration officer (FRO) of the district, they want to visit within 24 hours of their arrival.
Jhoom cultivation in Khonoma village |
বিদেশ ভ্ৰমনৰ কথা কিয় চিন্তা কৰে যেতিয়া আপোনাৰ দেশতে সৰগ আছে ?
"বিশ্বখন এখন কিতাপ আৰু যি ভ্ৰমন কৰা নাই তেওঁ সেই কিতাপৰ মাত্ৰ প্ৰথম পৃষ্ঠাটোহে পঢ়িছে !" সাধু আগুষ্টিন ৷
সঁচা কথা ক'বলৈ হ'লে মই কিতাপৰ পোক নহয় কিন্তু যদি পৃথিৱীখনক এখন কিতাপৰ লগত তুলনা কৰা হয় তেতিয়াহ'লে মই এতিয়ালৈ অন্তত: সেই কিতাপৰ প্ৰথম চাৰি পৃষ্ঠা পঢ়িছোঁ ৷ ভ্ৰমনক তুলনা কৰা হয় স্বাস্থ্যসন্মত নিচাৰ লগত আৰু তাৰে মই এজন নিচাসক্ত ! কোনোবাই কৈছিল, "তুমি যদি সুখত বা দুখত আছা তেতিয়া তোমাৰ বেগত কাপোৰ জাপিবলৈ সেয়াই সৰ্বশ্ৰেষ্ঠ সময় ৷"
আজি মই আপোনাক লৈ যাম এচিয়াৰ আটাইতকৈ সেউজীয়া গাওঁখনলৈ..খ'ন'মালৈ ! গতিকে অনুগ্ৰহ কৰি আপুুুনি আসনত বহি "চিট বেল্ট" বান্ধি লওঁক কাৰণ আমি এতিয়া আপোনাৰ চহৰৰ পৰা কিছু সেউজীয়ালৈ বুলি উৰা মাৰিম ৷" (খ'ন'মা গাওঁখন ইউ টিউবত চাবলৈ ইয়াত টিপক)
খ'ন'মা অৰ্থাৎ খ্বন'ৰিয়া হৈছে প্ৰায় ৫০০ বছৰ পুৰণি নাগালেণ্ডৰ এখনি গাওঁ ৷ তাৰে মানুহৰ পৰা পৰা খ'ন'মাৰ ইতিহাসৰ কথা সুধোতে গম পাইছিলো যে বহু বছৰৰ আগতে সেই বিশেষ ঠাইখিনি খ্ব'ন' (Glouthera fragrantisima) নামৰ এবিধ গোন্ধযুক্ত উদ্ভিদে আঁৱৰি ধৰিছিল যাৰ বাবে আজোককাহঁঁতে ঠাইখনৰ নাম দিছিল খ্ব'ন' আৰু এই গাঁৱৰ মানুহবোৰক কৈছিল খ্ব'ন'মিয়া বুলি ৷ প্ৰতিখন আংগামী নগা গাঁৱত "মিয়া" প্ৰত্যয়ৰ যোগ কৰা হৈছিল যাৰ অৰ্থ আছিল "মানুহ" ৷ গতিকে এয়াই আছিল গাঁওখনৰ নামৰ ৰহস্য ৷ বুৰঞ্জীতো এই অঞ্চলৰ নাম সোনালী আখৰেৰে লিখা আছে কিয়নো ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমখন যুুুুদ্ধ, খ'ন'মা যুুুুদ্ধ ১৮৭০-১৮৮০ চনত ইয়াতে হৈছিল ৷
খ'ন'মা গাওঁখন ক'হিমা চহৰৰ পৰা প্ৰায় ২০ কি:মি: দক্ষিন পশ্চিম দিশত এটা পাহাৰৰ টিলাত অৱস্থিত ৷ গাঁওখনৰ অৱস্থান, ৰণকৌশলীযুক্ত অৱস্থিতি আৰু নৰমুণ্ড চিকাৰ তথা কৃষিকৰ্মৰ লগত থকা সম্পৰ্কৰ বাবে অতিথিসকলে গাওঁখনক কেতিয়াবা "প্ৰকৃতিৰ বিশ্ববিদ্যালয়", "লাজকুৰীয়া গাওঁ" আৰু কেতিয়াবা "শিলা গাওঁ" বুলিও আখ্যা দিয়ে ৷ আপুনি যেতিয়া গাওঁখন দৰ্শন কৰিবলৈ যাব, আপোনাক আদৰণি জনাব গাওঁৰ আৰম্ভনিতে থকা ঐতিহ্যিক তোৰণকেইখনে যি কঢ়িয়াই লৈ গৈছে খ'ন'মাৰ অতীত আৰু বৰ্তমানৰ কাহিনী আৰু আপোনাক দিব এখন লাজকুৰীয়া গাঁৱৰ প্ৰথম "ঝলক" ৷
খ'ন'মা গাওঁখন মূলত: তিনিটা চুবুৰী বা "খেল"; "মেৰহুমিয়া", "থেভ'মিয়া" আৰু "ছেম'মিয়া"ৰে গঠিত ৷ গাওঁখনত প্ৰায় ৩৫০০ আৱাসীৰ সৈতে ৫৮০ টা পৰিয়াল আছে ৷ মৰুং (পুৰুষৰ সমুহীয়া শয়নকক্ষ) হৈছে এক প্ৰকাৰৰ সামাজিক কেন্দ্ৰ য'ত গাঁৱৰ কিশোৰসকলৰ প্ৰথম আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় ৷ প্ৰতিটো মৰুঙত একুৰা জুইক কেন্দ্ৰ কৰি বহিব পৰা এটা বৈঠক কক্ষ আৰু ভিতৰৰ কোঠাত এখন ডাঙৰ কাঠৰ বিচনাৰে এটা শয়ন কক্ষ থাকে ৷ আপুনি আচৰিত হ'ব যে শয়ন কক্ষৰ বিচনাখন এজোপা বৃহৎ গছৰ মাত্ৰ এটা কুণ্ডাৰে নিৰ্মিত য'ত ১০-১৫ জন ডেকা অনায়সে শুব পাৰে ৷ মই নিশ্চিত যে এতিয়া চাগৈ গছজোপাৰ আকাৰ কিমান সেয়া ভাৱি আপোনাৰ চকু কঁপালত উঠিছে ! হাঁহি উঠা কথাটো হৈছে যিবোৰ কিশোৰ আৰু বিবাহিত পুৰুষে মৰুংৰ কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখে, তেওঁলোকক দূৰ্বল আৰু তিৰোতা সেৰুৱা বুলি গন্য কৰা হয় ৷ উৎসৱ-পাৰ্বনৰ সময়ত প্ৰতিজন পুৰুষে বাঁহেৰে নিৰ্মিত পিয়লাত চাউলৰ পৰা তৈয়াৰী সুৰা লৈ জুইৰ চাৰিওকাষে শৃংখলাবদ্ধভাৱে বহি বয়সিয়ালসকলৰ পৰা তেওঁলোকৰ মুণ্ডচিকাৰ আৰু ভাৰতৰ বাকী অঞ্চলৰ পৰা নিমখ, গলপতা আৰু শামুকৰ খোলা আনিবলৈ যোৱাৰ কাহিনী শুনে ৷
খ'ন'মা জৈৱ বৈচিত্ৰৰে ভৰপূৰ এখন গাওঁ ৷ গাওঁখনত প্ৰায় ২৫০ বিধ প্ৰজাতিৰ গছ আছে য'ত ৭০ বিধেই হৈছে ঔষধিযুক্ত ৷ তাৰোপৰি আছে ৯ টা প্ৰজাতিৰ ভিন্ন কাঠফুলা, ১১৬ বিধ অৰ্কিড, ১১ বিধ বেত আৰু আছে ১৯ বিধ বিভিন্ন প্ৰকাৰৰ বাঁহৰ প্ৰজাতি ৷ খ'ন'মাৰ হাবিত ফুৰিবলৈ যাওঁতে সাৱধান হ'ব কিয়নো ইয়াত ২৫ টা সাপৰ প্ৰজাতি, বাঘ, ভালুক, দেও ছাগলী আৰু পানীৰ উদ অতি সহজতে দেখা পোৱা যায় ৷
ঐতিহ্যিক দ্বাৰ:
খ'ন'মাত সৰ্বমুঠ সাতখন ঐতিহ্যিক দ্বাৰ আছে ৷ মৰুংৰ দ্বৰেই এই ঐতিহ্যিক দ্বাৰ কেইখনো নিজৰ ঠাইত ধুনীয়াকৈ সংৰক্ষিত কৰা ৰখা হৈছে ৷ পুৰণি দিনত এই দ্বাৰবোৰেই আছিল গাঁৱৰ ভিতৰলৈ সোমোৱাৰ একমাত্ৰ পথ ৷ দ্বাৰবোৰ খুব ধুনীয়াকৈ মেথুনৰ মাথা, ঢাল, মানুহৰ লাওখোলা, আৰু ধনেশ পখীৰ পাখি আদিৰে সঁজোৱা ৷
খ'ন'মা গাওঁখন তিনিটা বিভিন্ন "খেল"ৰ জনসাধাৰণৰ দ্বাৰা গঠিত আৰু প্ৰতিটো খেলৰে নিজৰ নিজৰ একোটাকৈ দূৰ্গ আছে যাক অতীজৰে পৰা শক্তি আৰু বীৰত্বৰ উৎস হিচাপে গন্য কৰি অহা হৈছে ৷ মই তাৰে দুজনমান জ্যেষ্ঠ গাওঁবাসীক সুধোতে গম পালো যে এই দূৰ্গবোৰত গোপনীয়তা সুৰক্ষিত ৰাখি ভৱিষ্যতে হ'বলগীয়া যুদ্ধৰ বিভিন্ন ৰণকৌশল তথা কোন সৈন্যই ক'ত স্থিতি ল'ব তাৰ ওপৰত আলোচনা কৰা হৈছিল ৷ এই দূৰ্গবোৰক যুদ্ধৰ বাবে দৰকাৰী ঢাল, তৰোৱালৰ যোগান ৰখা ভঁৰাল হিচাপেও ব্যৱহাৰ কৰা হৈছিল ৷ আপুনি ভয় খাইছে চাগৈ ! নাখাব নাখাব ৷ সময়ৰ লগে লগে দূৰ্গবোৰৰো নৱীকৰণ কৰি বৰ্তমান সেইবোৰ টিউচন চেন্টাৰ, পুথিভঁৰাল বা সভা সমিতি অনুষ্ঠিত কৰা ৰাজহুৱা সভাগৃহ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷
উৎসৱ:
খ'ন'মাত উদযাপন কৰা ৭টা উৎসৱৰ ৪ টাক মূখ্য বুলি কোৱা হয় ৷ পালন কৰা প্ৰতিটো উৎসৱেই কৃষিভিত্তিক আৰু আটাইবোৰ চান্দ্ৰদিনৰ ওপৰত নিৰ্ভৰ কৰি পালন কৰা হয় ৷ এইকেইটা উৎসৱৰ ভিতৰত প্ৰধান উৎসৱটি হৈছে "চেকৰেণ্যি" আৰু ইয়াক ফেব্ৰুৱাৰী মাহত দহদিনৰ কাৰণে উদযাপন কৰা হয় ৷ এই উৎসৱটিক পুৰুষৰ শুদ্ধিকৰণ আৰু পুনৰ যৌৱনৰ প্ৰাপ্তিৰ আশাৰে উদযাপন কৰা হয় ৷ গতিকে আপুনি আপোনাৰ ডায়েৰীত লিখি ৰাখক যে যদি আপুনি "চেকৰেণ্যি" উদযাপন কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ফেব্ৰুৱাৰী মাহত খ'ন'মা দৰ্শন কৰিব লাগিব ৷
খ'ন'মাত পালন কৰা দ্বিতীয়টি মূখ্য উৎসৱ "থেকৰেণ্যি" যি গছ ৰোপনৰ লগত জড়িত আৰু প্ৰতিবছৰে মে' মাহত পালন কৰা হয় ৷ প্ৰতিবছৰে মাৰ্চ মাহত খ'ন'মাবাসীয়ে খৰি সংগ্ৰহ, মহিলাসকলে মাছ ধৰা তথা পুৰুষসকলে চিকাৰ কৰাৰ ওপৰত ভিত্তি কৰি "গণ্যি" নামৰ উৎসৱটি পালন কৰে ৷ আনবোৰ মূখ্য উৎসৱ হৈছে লিয়েখৱেণ্যি, টিয়েদি আৰু চুলিয়েদি ৷ গতিকে আপুনি যদি খ'ন'মাৰ এই ৰঙীন উৎসৱবোৰ উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে মই লিখনিটোত উল্লেখ কৰা ইংৰাজীমাহকেইটা ডায়েৰীত লিখি ৰাখিব ৷
Picture Courtesy: Glimpses of Khonoma |
খ'ন'মাত মৌচুমী ঋতু জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে থাকে আৰু সেইসময়ত প্ৰৱল বৃষ্টিপাত হয় ৷ শীতকালটি খুবেই ঠাণ্ডা হয় আৰু নবেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ পৰ্য্যন্ত থাকে ৷ যদিহে আপুনি ভাগ্যৱান তেতিয়াহ'লে আপুনি খ'ন'মাত হোৱা হিমপাতৰ সোৱাদ ল'বও পাৰিব ৷ সাধাৰণতে গ্ৰীস্মকালৰ তাপমাত্ৰা ১৬ ডিগ্ৰীৰ পৰা ৩১ডিগ্ৰী মানলৈ উঠে আৰু শীতকালৰ তাপমাত্ৰা ১৬ ডিগ্ৰীৰ পৰা ৪ ডিগ্ৰী মানলৈ নামে ৷
কেনেকৈ যাব?
ডিমাপুৰ হৈছে নাগালেণ্ডৰ মূখ্য কেন্দ্ৰ ৷ যদি আপুনি নাগালেণ্ডৰ যিকোনো এখন ঠাইলৈ যাব বিচাৰে তেন্তে আপুনি প্ৰথমে ডিমাপুৰলৈ আহিব লাগিব ৷ ভাৰতৰ বাকী অংশৰ পৰা ডিমাপুৰলৈ আহিবলৈ বাছৰ লগতে ট্ৰেইন তথা উৰাজাহাজৰ ব্যৱস্থা আছে ৷ ডিমাপুৰত উপস্থিত হোৱাৰ পিছত আপুনি এখন টেক্সিৰে ক'হিমালৈ যাবলৈ আপোনাক সময় লাগিব প্ৰায় ৩ ঘন্টা ৷ ক'হিমাৰ পৰা খ'ন'মাৰ দূৰত্ব প্ৰায় ২০ কি:মি: ৰ বেছি নহ'ব কিন্তু যিহেতু ৰাস্তাৰ অৱস্থা অতি বেয়া গতিকে আপোনাক সময় লাগিব প্ৰায় ৯০ মিনিট !
নাগালেণ্ডত সোমাবলৈ লগা দৰকাৰী অনুমতিপত্ৰ:
নাগালেণ্ডত সোমাবলৈ আপোনাক এখন প্ৰৱেশ অনুজ্ঞাপত্ৰৰ দৰকাৰ হ'ব ৷ দেশীয় পৰ্যটকসকলক নাগালেণ্ডৰ ভিতৰত সোমাবলৈ আন্ত: ৰাজ্যিক অনুজ্ঞাপত্ৰ (inner line permit) ৰ দৰকাৰ হয় ৷ এই অনুজ্ঞাপত্ৰ দিয়ে দিল্লী আৰু কলিকতাত থকা আৱাসী উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰু গুৱাহাটী আৰু ছিলংত থকা আৱাসী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ৷
Picture courtesy: Glimpses of Khonoma |
Comments
Post a Comment