Potato pancake with a twist ! এটা টুইষ্টৰ সৈতে আলুৰ পেনকেক !
Potato is having the maximum fan among all the vegetables! Am I right ? Well today I am going to make potato pancake for you people ! Wait wait :) there is a small twist! This is not the simple potato pancake but I have added an egg base to it !
What you will need:
Medium sized Potato (2): For 6-7 pieces of Pancake
One (1) small Onion
Four (4) cloves of garlic
One (1) egg
Refined oil
Salt
Kashmiri chilli powder
Procedure:
Seal the potatoes and keep in water to prevent colour change. Cut the potatoes into small pieces. Grind them in a mixer grinder. Grind the onion and the garlic cloves too. Now mix all the three ingridients in a bowl and add salt to taste. Place a non stick tawa on the gas stove and add 2 ts refined oil. Now fry the grinded mixture for 7-8 minutes by spreading on the tawa keeping the gas stove in simmer mode. Turn the pancake and fry the otherside for 7-8 mins again. On a bowl, scramble the egg by adding salt and kasmiri chilli powder. Now spread the scrambled egg on the tawa and place the pancake on it. Keep it for 2-3 mins on the tawa and after that your egg based potato pancake is ready !
---------------------------—------------------------------------
সময় খুব বেয়া ৷ সকলোবোৰ ঘৰত থাকিব ৷ মাছ মাংসৰ বিক্ৰীও বন্ধ, খাবলৈও মন যোৱা নাই এইকেইদিন ৷ মোৰ ফেচবুকৰ বন্ধুদুজনমানে সুধি আছিল যে মাছ মাংস নোহোৱা কাৰণে তেওঁলোকৰ মাইনা কেইটাই একো খাব মন নকৰা হ'ল ৷ আলু খাই ভাল পাই সিহঁতে ৷ আলুৰ কিবা বনাব পাৰি নেকি সুধিলে ৷ সেয়েহে আজি বনালোঁ আলুৰ পেনকেক্ ৷ মই অলপ টুইষ্ট আহিবলৈ কণী এটাও যোগ কৰি দিলো ৷ কেনেকৈ বনালোঁ চাওঁচোন আহক ..
কি কি লাগিব:
১৷ মজলীয়া আকাৰৰ আলু দুটা (৭ টুকুৰামান কেক্ হৈছে)
২৷ সৰু পিঁয়াজ এটা
৩৷ চাৰিফুটা নহৰু
৪৷ ৰিফাইন তেল
৫৷ নিমখ আৰু কাশ্মিৰী জলকীয়া গুৰি
৬৷ কণী এটা
১৷ মজলীয়া আকাৰৰ আলু দুটা (৭ টুকুৰামান কেক্ হৈছে)
২৷ সৰু পিঁয়াজ এটা
৩৷ চাৰিফুটা নহৰু
৪৷ ৰিফাইন তেল
৫৷ নিমখ আৰু কাশ্মিৰী জলকীয়া গুৰি
৬৷ কণী এটা
কেনেকৈ বনালোঁ:
প্ৰথমে আলুদুটাৰ বাকলি গুচাই অলপ দেৰি পানীত তিয়াই থ'লো ৷ আলুদুটা ৰুকনি/চ'পাৰৰ সহায়ত ৰুকি ল'লো ৷ একে হিচাপত পিঁয়াজ আৰু নহৰুও একে লগতে ৰুকি ল'লো ৷ এতিয়া আলু, পিঁয়াজ আৰু নহৰু একেলগতে সানি এচামুচ নিমখ দি আকৌ চামুচেৰে সানি দিলোঁ ৷ এখন নন্ ষ্টিক টাৱাত অলপমান ৰিফাইন তেল দি কম জুইত ৭-৮ মিনিটৰ কাৰণে মেলি দি ভাঁজি ল'লো ৷ লাহেকৈ হেতাৰ সহায়ত কেক্ টো ওলোটাই দি আনটো ফালেও সমান দেৰি ভাঁজি লৈ নমাই থ'লো ৷ এতিয়া কণীটোৰ লগত সোৱাদ অনুসাৰে নিমখ আৰু জলকীয়া গুৰি দি মিহলি কৰি একেখন টাৱাতে ভাঁজি ল'লো ৷ অলপ ভাঁজ খাওঁতে ইতিমধ্যেই ভাঁজি থোৱা পেনকেক্ টো ওপৰতে লাহেকৈ জাপি দিলোঁ ৷ ২ মিনিট টাৱাৰ ওপৰতে ৰাখি গেচটো বন্ধ কৰি দিলোঁ ৷ এতিয়া পিজ্জাৰ দৰে কাটি লৈ বিলাহী চচৰ সৈতে পৰিৱেশন কৰিলো ৷ বনাই চাবচোন ৷ ঘৰৰ সৰুকেইটাই ১০০% ভাল পাব ৷
Comments
Post a Comment