How to earn money by writing blog:: An interview with a successful blogger of Assam: Part: II

Mrs Pushpanjalee Das Dutta is a PRO blogger from Guwahati, Assam, India; who turned her blogging business into six figures online business. Till now, a record of 30 million readers has gone through the write-ups of Mrs Dutta. She blogs about online writing and blogging. She has also won several accolades for her blogging. She also won Indian Bloggers Award by IndiBlogger under the section Assam.


Photo Courtesy: Nandini (Assamese monthly magazine) 

? Gitartha: Though you are very famous in the world of blogging still most of the people in social media don't know about you properly. Will you be kind enough to introduce yourself? Can you please paste the link of your blog here so that the general people can also go through your write-ups? 
✓Puspanjalee: To be honest, I use social media for simply my personal use. I am an introvert person and I generally keep my thoughts to myself. Maybe that’s why people may not know me but I am ok with it.
I started blogging in 2011 when I was an assistant professor of Geography. It was started as a time pass but gradually I realized that blogging could bring money too. I left my job in 2012 and concentrated fully on learning blogging and its many aspects.
I started my professional blogging in 2013 and since then, I have been blogging every day. I have been recognised by Google as one of the best content creators on the web in 2015, got listed in top 50 mompreneur blogs in the world by Feed post in 2016, got Indian Blogger Awards by Indiblogger in 2017. I was recognised by YourStory as a force that helps Indian women to make money blogging in 2019. My blogs are listed among Indian Top Blogs since 2017 regularly.
In 2020, my blogging career took a turn when I shut down my old blog mywritingmyworld.com and rebranded it as www.puspanjalee.com.
Apart from blogging, I have authored 3 books on Geography which are read by thousands of Geography students under Guwahati University since 2012 (the 4th textbook is due this year). I also have a cookbook and a book on SEO available on Amazon Kindle and other 2 books which are in pipeline.
I also have online workshops, e-courses and offer 1-1 blogging consultancy under my digital venture.


A recent book of Mrs Dutta on SEO for Blog Traffic 

? Gitartha: From when you started blogging?
✓ Puspanjalee: Answered above.

? Gitartha: Well, what is blogging for you? Your passion or profession? Can a general person dream to earn through writing blog?
✓ Puspanjalee: For me, blogging is a platform that emphasizes my skills. I love to blog and learn about it constantly. So, I combined my skill as a teacher with my knowledge and moulded it to a profession.
To answer, whether it is my passion or profession, well it's my profession and I am passionate about it.
Anyone can earn from blogging. I have proved that people can earn through writing. All it needs is dedication, hard work and consistency.

? Gitartha: Is it mandatory to write a blog post in English? Is it possible for a person to write the blog post in Assamese and to earn money?
✓ Puspanjalee: It’s not mandatory. Anyone can write in any language and earn through blogging. In fact, the golden days of regional language blogging have just started. If someone writes in Assamese and be consistent and hardworking, they certainly can earn through it.

? Gitartha: What are the conditions for a blog to get AdSense approval?
✓ Puspanjalee: You should check the official website of AdSense for their conditions. I do not do AdSense and I have no intention to display adds on my blog till now. I found AdSense’s income is meagre and if I put that energy in something else, I can earn better.

? Gitartha: What kind of post are suitable for a blog?
✓ Puspanjalee: See, blogs were created to share information. This is also how search engines work. Everyone uses Google to seek answers or to find a solution to the problem. I have found that instead of sharing random write-ups when I share tutorials, guides and posts that can help someone with something, they do better.
For example, I write about how to make money out of writing and blogging. So, when I write how to use a Facebook page as a writer, it brings me good traffic and earning.

? Gitartha: Will you suggest any ways to get traffic for a blog?
✓ Puspanjalee: I use SEO aka Search Engine Optimisation for my blog. It means that I optimise my writing in such a way that can help people find my blog from Google search results. I have been practising SEO for the last 8 years and learnt a trick or two. It brings 60% of overall traffic to my blog.
I also promote on social media. I use my personal Facebook profile, my Facebook pages, Twitter and Pinterest to promote my posts. Pinterest is another great source to bring traffic.
But for any new blogger, I would suggest that they use social media and SEO both to bring traffic. SEO needs time, so, social media is essential in bringing the traffic during the dry spell. But for the long run, a new blogger must understand how SEO works and apply it to their blog.

? Gitartha: While writing a new blog we generally take the help of some pre-existing blogs on that particular topic. Do you believe that giving appropriate citation of the pre-existing blog is very necessary? Have any experienced plagiarism of your blog by others?
✓ Puspanjalee: Yes. Linking to a blog and giving citation is an integral part of SEO and building relationship with other bloggers.
I have actually lost the count of cases when my content was plagiarized. It used to hurt but now I don’t give attention to it. I just concentrate on creating better content creating my own space.

? Gitartha: What are the keys to be a successful blogger?
✓ Puspanjalee: Success is a relative term in the blogging world. You can earn thousands of dollars but no one may remember you fondly within the blogging community. Or your blog can have thousands of admirers but still not making any money.
As I have mentioned, blogs were created to share information. I use my blog to share my knowledge and help new bloggers to make money. 95% of the content I create is available for free on my blog and YouTube channel. I have realised that the more you help, the more you get in return.
So, to be a successful blogger, you need to be dedicated to your blog’s focus, hardworking and willing to share information for free.

? Gitartha: Any suggestions for the budding bloggers like me?
✓ Puspanjalee: The only important thing when you start blogging is to learn SEO. Social media will bring fame, but the real recognition and money are in organic traffic from the search engines. You must have a clear focus of what you want to with your blog and learn SEO accordingly.
Concentrate on one social media at first and start using it to promote your blog. Promotion is also essential to have a popular and successful blog. 


Dutta during a meet up of Bloggers, Youtubers and social media influencers of Assam in Assam downtown university 

? গীতাৰ্থ: যদিও আপুনি ব্লগিংৰ পৃথিৱীখনত অতি জনপ্ৰিয়, তথাপিও ছ’চিয়েল মিডিয়াত থকা বহু লোকে আপোনালোকৰ পৰিচয় বৰ্তমানলৈ সঠিককৈ নাজানে। অনুগ্ৰহ কৰি আপোনাৰ পৰিচয় তেওঁলোকক জনাবনে? লগতে সম্ভৱ হ’লে আপোনালোকৰ ব্লগৰ লিংকটো দিলে সেইসকল লোকেও আপোনালোকৰ ব্লগৰ পৰা উপকৃত হ’ব পাৰিব। 
✓ পুুুুুষ্পাঞ্জলি: সঁচা কথা ক’বলৈ গ’লে ছ’চিয়েল মিডিয়া মই মোৰ ব্যক্তিগত ৰুচিৰ বাবেহে ব্যৱহাৰ কৰোঁ। মই মানুহগৰাকী অলপ অন্তৰ্মুখী ব্যক্তিত্বৰ আৰু সাধাৰণতে মোৰ ভাৱনাবোৰ নিজৰ মাজতে ৰাখোঁ। বোধহয় সেয়াও বহুতে মোক নজনাৰ কাৰণ হ’ব পাৰে আৰু সেয়া মোৰ বাবে গ্ৰহণযোগ্য। 
২০১১ চনত মই যেতিয়া ভূগোল বিষয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আছিলোঁ ঠিক তেতিয়াৰ পৰাই ব্লগ লিখা আৰম্ভ কৰিছিলোঁ। প্ৰথমতে সময় কটাবলৈ ব্লগিং কৰা মই লাহে লাহে ভাবিবলৈ বাধ্য হৈছিলোঁ যে এইটো কাম কৰিও উপাৰ্জন কৰিব পাৰি। গতিকে ২০১২ চনত মই চাকৰি এৰি দি ব্লগিংৰ বিভিন্ন দিশবোৰ খুটি নাটি মাৰি শিকিবলৈ যত্ন কৰিছিলোঁ। 
২০১৩ চনৰ পৰা মই পেছাদাৰী হিচাপে ব্লগিং আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা প্ৰতিদিনেই মই ব্লগিং কৰি আহিছোঁ। ২০১৫ চনত গুগলে মোক এগৰাকী অন্যতম শ্ৰেষ্ঠ সূচী সৃষ্টিকাৰক হিচাপেও স্বীকৃতি দিয়ে। সেইসময়তে ২০১৬ চনত ফিডপ’ষ্ট (Feedpost) নামৰ সংস্থাটোৰ পৰাও মই পৃথিৱীৰ ৫০ গৰাকী মাতৃ এণ্ট্ৰপ্ৰিনৰ (entrepreneur) ভিতৰত স্থান লাভ কৰোঁ। তেনেকৈয়ে ২০১৭ চনত মোক ইণ্ডিব্লগাৰে এগৰাকী শ্ৰেষ্ঠ ব্লগাৰ হিচাপেও স্বীকৃতি দিয়ে। ২০১৯ চনত YourStory নামৰ সংস্থাটোৱে মোক ভাৰতীয় মহিলাসকলক ব্লগিংৰ ক্ষেত্ৰখনত কৰা সহায়ৰ বাবে এগৰাকী অন্যতম মহিলাৰূপে স্বীকৃতি দিয়ে। তদুপৰি ২০১৭ চনৰে পৰা মোৰ ব্লগটোৱে প্ৰতিবছৰে ভাৰতৰ শীৰ্ষৰ ব্লগবোৰৰ মাজতো স্থান লভি আহিছে। 
২০২০ চনত মই মোৰ পুৰণা ব্লগ mywritingmyworld.comwww.puspanjalee.com লৈ সলনি কৰি পেলাওঁ আৰু তেতিয়াই মোৰ ব্লগিং কেৰিয়াৰে এক অন্য গতি ল’বলৈ ধৰে। 
ব্লগিং কৰাৰ বাহিৰে মই লিখা তিনিখন ভূগোল বিষয়ৰ কিতাপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে ২০১২ চনৰ পৰা পঢ়ি আহিছে। মোৰ চতুৰ্থ কিতাপখনেওনো এই বছৰতে প্ৰকাশ পাব। ইয়াৰ উপৰিও মই ৰন্ধন প্ৰকৰণ আৰু SEO ৰ ওপৰতো কিতাপ লিখিছোঁ যি দুখন “আমাজন কিণ্ডল”ত উপলব্ধ। মোৰ আৰু দুখন কিতাপ বৰ্তমান প্ৰকাশৰ বাবে সাজু হৈছে। 
ইয়াৰ লগতে মই কিছুমান অনলাইন কৰ্মশালা, ই ক'ছ আৰু ১:১ কৈ ব্লগিংৰ শিক্ষা মোৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে দি আহিছোঁ। 

? গীতাৰ্থ: আপুনি ব্লগিং কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলে? 
✓ পুুুুুষ্পাঞ্জলি: ওপৰৰ প্ৰশ্নৰ উত্তৰত এইটো প্ৰশ্নৰ উত্তৰটোও সন্নিৱিষ্ট কৰা হৈছে।

? গীতাৰ্থ: আপোনাৰ কাৰণে ব্লগিং কি? ই আপোনাৰ নিচা নে পেচা? এজন সাধাৰণ নাগৰিকে ব্লগত লিখি উপাৰ্জন কৰাৰ কথা ভাৱিব পাৰেনে? 
✓ পুুুুুষ্পাঞ্জলি: মোৰ বাবে ব্লগিং হৈছে মোৰ কাৰ্যকুশলতা প্ৰদৰ্শন কৰিব পৰা এখন মঞ্চ। ব্লগিং কৰি ভাল পোৱাৰ বাবে মই ইয়াৰ ওপৰত নিৰৱছিন্নভাৱে শিকি আহিছোঁ। গতিকে এগৰাকী শিক্ষক হিচাপে মোৰ কাৰ্যকুশলতা আৰু জ্ঞানক একগোট কৰি ব্লগিংক বৰ্তমান মোৰ পেচা হিচাপে উপবিষ্ট কৰাইছোঁ। 

? গীতাৰ্থ: ব্লগ প’ষ্টবোৰ ইংৰাজীতে লিখিব লাগিব বুলি কিবা বাধ্য বাধকতা আছে নেকি? এজন অসমীয়াত দখল থকা মানুহে অসমীয়াতে লিখি উপাৰ্জন কৰিব পাৰিবনে? 
✓ পুুুুুষ্পাঞ্জলি: ব্লগ সদায় ইংৰাজীতে লিখিব লাগিব বুলি কোনো বাধ্য-বাধকতা নাই। যিকোনো ব্যক্তিয়ে, যিকোনো এটা ভাষাত ব্লগ লিখিও উপাৰ্জন কৰিব পাৰে। সঁচা ক’বলৈ গ’লে বৰ্তমানৰ সময়খিনি আঞ্চলিক ভাষাৰ ব্লগিংৰ বাবে সোণালী সময়। যদি কোনোবা এজন ব্যক্তিয়ে নিয়মীয়াকৈ, অলপ পৰিশ্ৰমেৰে অসমীয়া ভাষাতো লিখে তেন্তে তেঁৱো উপাৰ্জন কৰিব পৰাতো নিশ্চিত। 
A recent publication by Mrs Dutta on an English daily

? গীতাৰ্থ: এটা ব্লগে এড্‌চেঞ্চৰ অনুমোদন পাবৰ কাৰণে কি কি চৰ্ত থাকে? 
✓পুুুুুষ্পাঞ্জলি: এড্‌চেঞ্চৰ নিজস্ব কিছুমান নীতি-নিয়ম আছে যিবোৰ তেওঁলোকৰ ৱেবচাইটত উপলব্ধ। মই এড্‌চেঞ্চ ব্যৱহাৰো নকৰোঁ আৰু এতিয়ালৈ মোৰ ব্লগত বিজ্ঞাপন দিয়াৰ বাবে আগ্ৰহীও হোৱা নাই। মোৰ মতে এড্‌চেঞ্চৰ উপাৰ্জনো ক্ষীণ আৰু যদি সেই একেখিনি কষ্টই মই বেলেগৰ বাবে ব্যৱহাৰ কৰোঁ, বেছি আয়ো কৰিব পাৰিম। 

? গীতাৰ্থ: এটা ব্লগৰ কাৰণে কেনেকুৱা লিখনিৰ দৰকাৰ?
✓ পুুুুুষ্পাঞ্জলি: চোৱা, ব্লগবোৰ সদায় বিভিন্ন তথ্যৰ উৎস হিচাপে সঁজা হয়। গুগল হৈছে এনেকুৱা এটা ছাৰ্চ ইঞ্জিন য’ত আমি বিভিন্ন ধৰণৰ প্ৰশ্নৰ সমাধান বিচাৰোঁ। মই মোৰ অভিজ্ঞতাৰ পৰা বুজিছোঁ যে ব্লগত এনেই যিকোনো লেখা লিখাতকৈ যদি কিছুমান টিউট’ৰিয়েল, বিভিন্ন ধৰণৰ বিষয়ৰ গাইড কৰিব পৰা পোষ্ট লিখোঁ তেন্তে সি অন্ততঃ এটা সাধাৰণ পোষ্টতকৈ সমাজৰ ভাল কৰিব। 
উদাহৰণস্বৰূপে কিদৰে ব্লগত লিখি উপাৰ্জন কৰিব পাৰি মই তাৰ ওপৰত লিখোঁ । গতিকে যেতিয়া মই লিখিম যে এটা ফেচবুক পৃষ্ঠা এগৰাকী লেখক হিচাপে কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া সেইটো লেখাত নিশ্চিতভাৱেই বেছি ট্ৰেফিক পাম। 

? গীতাৰ্থ: ব্লগত পঢ়ুৱৈৰ সংখ্যা বাঢ়িবলৈ আপুনি কিবা উপায় দিব নেকি?
✓ পুুুুুষ্পাঞ্জলি: মই মোৰ ব্লগৰ ট্ৰেফিকৰ কাৰণে SEO অৰ্থাৎ Search Engine Optimisation ৰ ব্যৱহাৰ কৰোঁ। ইয়াৰ অৰ্থ হৈছে মোৰ লেখাবোৰ মই এনেদৰে তৈয়াৰ কৰোঁ যাতে মানুহে গুগলত বিচাৰিলে মোৰ ব্লগৰ লেখা পায়। মই যোৱা ৮ বছৰৰ পৰা SEO অনুশীলনৰ দুটামান পদ্ধতি শিকিছোঁ। এইদৰে কৰি মই প্ৰায় ৬০% ট্ৰেফিক মোৰ ব্লগলৈ আনিব পাৰোঁ l 
তাৰ উপৰিও মই মোৰ ব্লগৰ প্ৰচাৰৰ বাবে মই বিভিন্ন সামাজিক মাধ্যমৰো ব্যৱহাৰ কৰোঁ। ইয়াৰ বাবে মই মোৰ ব্যক্তিগত ফেচবুক, টুইটাৰ আৰু পিণ্টাৰেষ্টৰ ব্যৱহাৰ কৰি সুফল পাইছোঁ। পিণ্টাৰেষ্ট হৈছে ট্ৰেফিক অনাৰ আন এটা ফলপ্ৰসূ প্ৰক্ৰিয়া। 
কিন্তু মই নতুন ব্লগাৰসকলক ক’ব খুজোঁ যে ট্ৰেফিক আনিবলৈ তেওঁলোকে সামাজিক মাধ্যম আৰু SEO দুয়োটাৰে সফল ব্যৱহাৰ কৰিব লাগিব। SEO ৰ বাবে অলপ সময়ৰ প্ৰয়োজন গতিকে এই খালী সময়খিনিত নতুন ব্লগাৰে ট্ৰেফিক আনিবলৈ তেওঁলোকে ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ সহায় ল’ব পাৰে। কিন্তু তেওঁলোকে ব্লগটো চলাই নিবলৈ SEO শিকি লোৱাটো খুবেই দৰকাৰী। 

? গীতাৰ্থ: এটা নতুন ব্লগ লিখিবলৈ আৰম্ভ কৰোঁতে সাধাৰণতে আমি কিছুমান পুৰণা ব্লগৰ তথ্য ব্যৱহাৰ কৰোঁ। সেই পুৰণা ব্লগৰ উদ্ধৃতি নিজৰ নতুন ব্লগত দিয়াটো আপুনি দৰকাৰী বুলি ভাবেনে? আপুনি কেতিয়াবা বেলেগে আপোনাৰ লেখাৰ নকল কৰা অভিজ্ঞতাৰ সন্মুখীন হৈছেনে? 
✓ পুুুুুষ্পাঞ্জলি: হয়। কোনো এটা ব্লগৰ উদ্ধৃতি দিয়াতো SEO ৰ এটা অতি দৰকাৰী ভাগ। ইয়ে সেই ব্লগাৰজনৰ সম্পৰ্ক উদ্ধৃতি দিয়া ব্লগাৰজনৰ লগত সম্পৰ্ক দৃঢ় কৰে। 
আচলতে লেখা চুৰিৰ ঘটনা মোৰ লগত কিমানবাৰ ঘটিলে সেই হিচাপ কৰি কৰি মই এতিয়া পাহৰি গৈছোঁগৈ। আগতে এইটো কামে মোক খুব দুখ দিছিল কিন্তু আজিকালি মই এইবোৰ লক্ষ্য নকৰা হ’লোঁ। এতিয়া মই মোৰ ব্লগত কিদৰে উৎকৃষ্ট লেখা দিব পাৰোঁ সদায় তাৰ বাবেই কষ্ট কৰোঁ। 

? গীতাৰ্থ: এজন সফল ব্লগাৰ হ’বলৈ কি কি দৰকাৰ বুলি ভাবে? 
✓ পুুুুুষ্পাঞ্জলি: সফলতা আৰু ব্লগিং হৈছে পৰস্পৰ নিৰ্ভৰশীল শব্দ। ব্লগিং কৰি এজন ব্যক্তিয়ে হাজাৰ ডলাৰ উপাৰ্জন কৰিব পাৰে, কিন্তু হয়তো তেওঁক ব্লগিং সমাজৰে কোনেও চিনি নাপাব পাৰে। আকৌ কোনোবা এজন ব্যক্তিৰ ব্লগৰ হাজাৰজন অনুসৰণকাৰী থাকিব পাৰে কিন্তু তেওঁৰ উপাৰ্জন শূন্য হ’বও পাৰে। 
মই ইতিমধ্যেই উল্লেখ কৰিছোঁ যে ব্লগ মানুহে বিভিন্ন তথ্য বিনিময়ৰ বাবে লিখে। এজন ব্যক্তিয়ে কেনেকৈ ব্লগ লিখি উপাৰ্জন কৰিব পাৰে তাৰ ওপৰত সম্যক জ্ঞান দিবলৈ মই মোৰ ব্লগৰ দ্বাৰা সদায় যত্ন কৰোঁ। গতিকে এজন সফল ব্লগাৰ হ’বৰ বাবে নিজৰ ব্লগৰ উদ্দেশ্যৰ প্ৰতি নিয়োজিত হ’ব লাগিব, কষ্ট কৰিব পাৰিব লাগিব আৰু তদুপৰি থাকিব লাগিব বিনামূলীয়াকৈ তথ্য বিনিময় কৰাৰ এটা সুন্দৰ মন। 

? গীতাৰ্থ: মোৰ দৰে নতুনকৈ আৰম্ভ কৰা ব্লগাৰ সকলক আপুনি কিবা পৰামৰ্শ আগবঢ়াব নেকি? 
✓ পুুুুুষ্পাঞ্জলি: ব্লগ আৰম্ভ কৰাৰ সময়ত শিকিবলগীয়া আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে SEO ৰ ব্যৱহাৰ। ফেচবুকৰ দৰে সামাজিক মাধ্যমে ব্লগাৰজনলৈ খ্যাতি আনিব পাৰে কিন্তু তেওঁক সমাজৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে উপাৰ্জনত সহায় কৰিব ছাৰ্চ ইঞ্জিনেহে। গতিকে নৱাগতজনৰ ধ্যান থাকিব লাগিব যে তেওঁ ব্লগত কি লিখিব আৰু তাৰ সমসাময়িকভাৱে SEOৰ ব্যৱহাৰো শিকিব লাগিব। 
ব্লগাৰজনে আৰম্ভণিতে নিজৰ ব্লগৰ প্ৰচাৰৰ বাবে এটা সামাজিক মাধ্যমতে মনোনিৱেশ কৰিব লাগে। এটা ব্লগক জনপ্ৰিয় তথা সফল কৰি তুলিবলৈ প্ৰচাৰৰ লগতে প্ৰসাৰৰ খুব প্ৰয়োজন।

Comments

  1. Can you suggest us any idea for book reviewd page on blogger? We are creating a blog on book review of Assamse English and Bengali books. Plz visit our blog-
    sikshavriskh.blogspot.com

    ReplyDelete
    Replies
    1. Hi ! That is really very great ! I hope this link will definitely help u.. kindly have a look :)

      https://blog.feedspot.com/bookreview_blogs/

      Delete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Khonoma: The Greenest Village of Asia ! How and When to visit ?

How to make Papad from rice ? চাউলৰ পৰা পাপৰ কেনেকৈ বনাব ?