How to earn money by writing blog:: An interview with a successful blogger of Assam: Part: I

Time is unpredictable! From the last mid of March, we all are at home due to the pandemic, Coronavirus! People, especially those who earned their bread and butter by doing small business, working in private companies are suffering the most. Some of them are not getting the salary, not able to open their shops due to the strict order by the govt. We are getting bored by performing the same work in repeat mode! 

Now the question comes how can we keep us away from these repetative works and can make some really fruitful moments for ourselves !! 

I have three questions for you all

Do you
*have a creative mind?
*love writing?
*have a smartphone?

If yes, then this blog post is for you! You can dream to earn money by writing a blog. Yes, you got it right. You can earn by writing! I have prepared this blog to give you some information regarding how you can earn money with ZERO INVESTMENT. I have collected some handful of facts on how to create a blog and run it successfully from three very popular bloggers of Assam. 

Mrs. Rumi Mahanta Dutta is a famous food blogger of Assam. Professionally Mrs. Dutta is an advocate who fond of cooking. She has opened a Facebook page in 2014 and started posting the various dishes prepared by her. She started blogging from 2016 and from then she is posting blogs related to various topics. So, we have today as our guest, Mrs. Rumi Mahanta Dutta for giving you various tips on how to start a blog



Mrs. Rumi Mahanta Dutta
Instagram
Twitter

? Gitartha:
Though you are very famous in the world of blogging still most of the people in social media don't know about you properly. Will you be kind enough to introduce yourself? Can you please paste the link of your blog here so that the general people can also go through your write-ups.
✔️ Rumi
To be very honest, I really don't know why and how popular I am as a blogger! First of all, I did blogging not to become popular but for my keen interest. When we are talking about social media, I am using them only to increase the traffic in my blog. 
Professionally, I am an advocate and blogging is my hobby. I have a number of blogs but my food blog is a bit popular. 
Here is the link for my food blog: 
Gitartha
From when you started blogging?
✔️ Rumi:
In India, though blogging has become very popular likely from 2005, I have started blogging very lately i.e. from 2016 only.

Gitartha: 
Well, what is blogging for you? Your passion or profession? Can a general person dream to earn through writing blogs?
✔️ Rumi: 
I have started blogging during my leisure time as a hobby. Now due to this pandemic Corona and lockdown, I am away from my lawyer profession. Hence, thinking of full-time blogging. 

Gitartha: 
Is it mandatory to write a blog post in English? Is it possible for a person to write the blog post in the Assamese and to earn money?
✔️ Rumi: 
It is not mandatory to write a blog in English only. A person can use any language of the world to write a blog. You can earn money by writing a blog in Assamese too.

Gitartha: 
What are the conditions for a blog to get AdSense approval?
✔️ Rumi:
For monetization, Google Adsense has some policies/conditions which are available on their website. Completion of those policies/conditions will lead to AdSense approval.

Gitartha:
What kind of posts is suitable for a blog?
✔️ Rumi:
Each and Everybody has their own style of writing. You can write a blog on any topic but that should be unique.

Gitartha:
Will you suggest any ways to get traffic for a blog?
✔️ Rumi: 
To increase the reader, you have to maintain the standard of your writing in the blog. It should be like after reading a post from your blog, your write up should have that "Karishma" to attract the reader for your next post. You can increase the number of your readers by sharing in social media platforms, by writing guest posts, and by developing SEO, etc.

Gitartha: 
While writing a new blog we generally take the help of some pre-existing blogs on that particular topic. Do you believe that giving appropriate citation of the pre-existing blog is very necessary? Do you have any experienced plagiarism of your blog by others?
✔️ Rumi:
To search for any information like the scientific name of a vegetable, I always take the help of Google. It is always suggested not to copy from online sources as you will be caught by Google for sure. But, if it is necessary to copy something from Google, don't forget to cite the source. I am repeating again, everybody has their own style of writing, just use your own style while writing.

Gitartha:
What are the keys to be a successful blogger?
✔️ Rumi: 
To be a successful blogger, you need lots of patience. Blogging is referred to as a business and hence it will take time to grow. You have to give time to your blog to make it popular and to get success.

Gitartha: 
Any suggestions for the budding bloggers like me? 
✔️ Rumi: 
For the budding bloggers:
1. Always try your best to write something and to update your blog with new content on a daily, weekly, or monthly basis.
2. Don't keep quiet after posting your blog! Share it on social media to get the highest traffic.
3. To be a successful blogger, it requires time. So don't be panic. All the best to the budding bloggers.


 
অসমীয়াত পঢ়ক: 

সময় বৰ আচৰিত !  কেতিয়া, কাৰ জীৱনত কি হ'বলৈ গৈ আছে আমি কোনেও অনুমান কৰিব নোৱাৰো !  আমি কোনোবাই যোৱা বছৰৰ এই সময়খিনিত ভাৱিছিলো নে যে এনেকুৱা এক সময়ো আহিব যিি আমাক ঘৰত থকাৰ বাবে বাধ্য কৰি তুলিব !  
কিন্তু আমি সময়ৰ লগত খাপ খাই চলিবই লাগিব ৷ চৰকাৰী চাকৰিয়াল সকলৰ এই সময়খিনিত ইমান এটা অসুবিধা হোৱা নাই কিন্তু যিসকলে ব্যৰ্কিগত খণ্ডত কৰ্মৰত বা যাৰ নিজৰ ব্যৱসায় আছে তেওঁলোকৰ খুব অসুবিধাৰ সৃষ্টি হৈছে এই দিনকেইটাত ৷ না কৰিবলৈ কিবা কাম আছে না টকা ! 
মোৰ কেইটামান প্ৰশ্ন আপোনালোকলৈ:
আপোনাৰ বাৰু
* এটা সৃষ্টিশীল মন আছেনে? 
* লিখি ভাল পায়নে ?
* এটা স্মাৰ্ট ফোন আছেনে ?
যদি আপোনাৰ উত্তৰ হয় আছে, তেতিয়াহ'লে এটা ব্লগটো আপোনাৰ বাবে ৷ আপুনি ব্লগিং কৰিও উপাৰ্জন কৰিব পাৰে ৷ আপুনি ফেচবুক কৰাৰ অলপমান সময় ব্লগিংত দিও টকা উপাৰ্জন কৰিব পাৰে ৷ ইয়াৰ বাবে আপোনাক নালাগে কোনো বিনিয়োগ ! মোৰ এই লিখনিটোত লৈ আহিছো অসমৰ তিনিজন বিখ্যাত ব্লগাৰৰ সাক্ষাৎকাৰ যি আপোনাক দিব কিছুমান দিহা যাৰ দ্বাৰা আপুনিও ব্লগিং কৰি উপাৰ্জন কৰিব পাৰিব ৷ আহকচোন কথাখিনি পঢ়ি চাওঁ ৷ 

? গীতাৰ্থ:
যদিও আপুনি ব্লগিংৰ দুনীয়াখনত অতি জনপ্ৰিয়, তথাপিও চ'চিয়েল মেডিয়াত থকা বহুলোকে আপোনালোকৰ পৰিচয় বৰ্তমানলৈ সঠিককৈ নাজানে৷ অনুগ্ৰহ কৰি আপোনাৰ পৰিচয় তেওঁলোকক জনাবনে? লগতে সম্ভৱ হ'লে আপোনালোকৰ ব্লগৰ লিংকটো দিলে সেইসকল লোকেও আপোনালোকৰ ব্লগৰ পৰা উপকৃত হ'ব পাৰিব ৷
✔️ ৰুমী:
আচলতে কিমান জনপ্ৰিয় মই নাজানো , বা কিয় জনপ্ৰিয় নহয় সেইটোও নাজানো | প্ৰথম কথা ব্লগিং মই চচিয়েল মিডিয়াত জনপ্ৰিয় লাভৰ বাবে কৰা নাছিলো , ব্লগিং মই মোৰ নিজৰ বাবেহে কৰিছিলো| চচিয়েল মিডিয়া বুলি কলে বহু মিডিয়া আছে , মই কেৱল ব্লগৰ ট্ৰেফিক বঢ়াবলৈহে চচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰো |
মই পেচাগত ভাৱে অধিবক্তা আৰু হবি হিচাপেহে ব্লগিং আৰম্ভ কৰিছিলো | ব্লগ মোৰ কেইবাটাও যদিও খাদ্য ব্লগ টোহে বহুতে জানে | 


?গীতাৰ্থ:
আপুনি ব্লগিং কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলে? 
✔️ ৰুমী:
ভাৰতত প্ৰায় 2005 মানৰ পৰাহে ব্লগিং জনপ্ৰিয় হৈ উঠিছিল যদিও মই বহুত দেৰিকৈ 2016 মানত হে ব্লগিং আৰম্ভ কৰো |

?গীতাৰ্থ:
আপোনাৰ কাৰণে ব্লগিং কি? ই আপোনাৰ নিচা নে পেচা? এজন সাধাৰণ নাগৰিকে ব্লগত লিখি উপাৰ্জন কৰাৰ কথা ভাৱিব পাৰেনে?
✔️ৰুমী:
 ব্লগিংক মই হবি হিছাপে হে আৰম্ভ কৰিছিলো, আজৰি সময়ত কিবা এটা কৰাৰ হেপাহ আছিল কিন্তু বৰ্তমান যি পৰিস্থিতি, যিহেতু কৰনা আৰু লকডাউনৰ বাবে মোৰ বৃত্তি উকালতিৰ পৰা আতৰি থাকিব লগিয়া হৈছে সেয়েহে ব্লগিংক বৃত্তি হিচাপে লবলৈ চিন্তা কৰা হৈছে |

? গীতাৰ্থ:
ব্লগ প'ষ্টবোৰ ইংৰাজীতে লিখিব লাগিব বুলি কিবা বাধ্য বাধকতা আছে নেকি? এজন অসমীয়াত দখল থকা মানুহে অসমীয়াতে লিখি উপাৰ্জন কৰিব পাৰিবনে?
✔️ৰুমী 
কেৱল ইংৰাজীত লিখিব লাগিব বুলি কোনো বাধ্যতা নাই , পৃথিৱীৰ যি কোনো ভাষাতে ব্লগিং কৰিব পাৰি| অসমীয়াত লিখিলেও ব্লগিংত উপাৰ্জন কৰিব পাৰি |

?গীতাৰ্থ: 
এটা ব্লগে এডচেঞ্চৰ অনুমোদন পাবৰ কাৰণে কি কি চৰ্ত থাকে ?
✔️ৰুমী: 
Adsense programs policies আছে কিছুমান যিবোৰ গুগলত পাব, সেইবোৰ পূৰ্ণ কৰিলে Adsense এপ্ৰুভেল পোৱা যায় |

? গীতাৰ্থ:
এটা ব্লগৰ কাৰণে কেনেকুৱা লিখনিৰ দৰকাৰ?
✔️ৰুমী:
ব্লগৰ কাৰণে যি কোনো লিখনিয়ে দিব পাৰে , সকলোৰে লিখাৰ নিজা এটা স্টাইল থাকে | লিখনিবোৰ ইউনিক হব লাগে 

?গীতাৰ্থ: 
ব্লগত পঢ়ুৱৈৰ সংখ্যা বাঢ়িবলৈ আপুনি কিবা উপায় দিব নেকি?
✔️ৰুমী: 
ব্লগত পঢ়ুৱৈ সংখ্যা বঢ়াবলৈ প্ৰথমতে লিখনিৰ মানদন্দ উন্নত কৰিবলৈ যত্ন কৰিব লাগে যাতে এজন পঢ়ুৱৈয়ে এবাৰ আপোনাৰ ব্লগ পঢ়িলে আকৌ পঢ়িবলৈ ইচ্ছা জাগে | চচিয়েল মিডিয়া, গেষ্ট পষ্ট, SEO আদিবোৰৰ দ্বাৰা পঢ়ুৱৈ বঢ়াব পাৰি |

?গীতাৰ্থ:
এটা নতুন ব্লগ লিখিবলৈ আৰম্ভ কৰোতে সাধাৰণতে আমি কিছুমান পুৰণা ব্লগৰ তথ্য ব্যৱহাৰ কৰো ৷ সেই পুৰণা ব্লগৰ উদ্ধৃতি নিজৰ নতুন ব্লগত দিয়াটো আপুনি দৰকাৰী বুলি ভাৱেনে? আপুনি কেতিয়াবা বেলেগৰ দ্বাৰা আপোনাৰ লিখনিৰ নকল কৰাৰ সন্মুখীন হৈছেনে?
✔️ৰুমী: 
গুগলত তথ্য বিচাৰো , যেনে কোনো পাচলিৰ বৈজ্ঞানিক নাম ইত্যাদি, পাৰাপক্ষত আনক নকল নকৰাই ভাল, আনক নকল কৰিলে গুগলত যিহেতু ধৰা পৰিয়ে যায়| কেতিয়াবা কপি কৰিব লগা হলেও উত্স লিখি দিয়া টো ভাল| আকৌ কওঁ সকলোৰে লিখাৰ নিজৰ এটা শৈলী বা স্টাইল থাকে , সেইমতে লিখাই ভাল |

? গীতাৰ্থ:
এজন সফল ব্লগাৰ হ'বলৈ কিহৰ দৰকাৰ বুলি ভাৱে?
✔️ৰুমী: 
ব্লগাৰ হিচাপে সফলতা লাভ কৰিবলৈ প্ৰথমতে ধৰ্য্যৰ বহু প্ৰয়োজন| ব্লগিংক ব্যৱসায় বুলি কোৱা হয়, কিছুমানে দুদিনমান ব্লগিং কৰিয়ে সফলতা নাপালে এৰি দিয়ে, বহু সময় লাগে ব্লগ এটা গ্ৰ কৰিবলৈ , সময় দিব লাগিব ব্লগিংত লাগি থাকিব লাগে, তেতেয়াহে সফলতা আহিব|

?গীতাৰ্থ:
মোৰ দৰে নতুনকৈ আৰম্ভ কৰা ব্লগাৰ সকলক আপুনি কিবা পৰামৰ্শ আগবঢ়াব নেকি ?
✔️ৰুমী: 
নতুন ব্লগাৰ সকললৈ -
১৷ সদায় কিবা অলপ অলপ লিখাৰ চেষ্টা কৰিব লাগে , আৰু সময়ে সময়ে , দৈনিক, সপ্তাহিক বা মাহেকত যেনেকৈ সম্ভৱ নতুন পষ্ট লিখি ব্লগটো আপডেট কৰি ৰাখিব লাগে |
২৷ ব্লগটো কেৱল লিখি মনে মনে বহি থাকিলে নহব , চচিয়েল মিডিয়াৰ সম্পূৰ্ণ ব্যবহাৰ কৰি ব্লগটো চেয়াৰ কৰিব লাগে তেতিয়া হে সথিক ট্ৰাফিকৰ ওচৰত ব্লগটো গৈ পাব|
৩৷ লাগি থাকিব লাগে , সহজতে হাৰ মানিব নালাগে, সময় লাগে ব্লগিংত সফলতা পাবলৈ |

View of Mrs Rumi's Blog " Rumi Cooks"



Comments

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Khonoma: The Greenest Village of Asia ! How and When to visit ?