Do'o Kapa: A traditional Chicken Recipe by the Garo tribes of Meghalaya
Meghalaya: the abode of clouds is a part of the northeastern states of India. Popularly known as the Scotland of the east, Shillong, the capital of Meghalaya is a high chosen travel destination by the tourist. Also known as the land of waterfalls, Meghalaya is the only northeastern state having a matriarchal society. Meghalaya is the home for mainly two tribal communities: Khasi and the Garos. People of the Khasi hills are better known as Khasi people whereas from Garo hills are known as Garo people.
Today I am going to prepare a delicious Chicken recipe used to cook by the Garo people called Do'o Kapa! In this recipe, chicken liver and gizzards are used to cook in alkali made from burning the dried banana cover, especially from the Musa species. No turmeric and garlic are used here as the rest of the chicken recipes. Due to the use of lots of green chilies, people who love to eat spicy food will simply love to Do'o Kapa.
Youtube Video Link of the Recipe
To buy Pigeon Stovekrat Non-stick Pan click here
Let's see the ingredients for the recipe:
✔️ Chicken (Liver and Gizzards): 250 g
✔️ Onion: Two, finely chopped
✔️ One Ginger of nearly 30-40 g, nicely grinded
✔️ Chili: 15-20 nos. cut into two equal halves.
✔️ Alkali: 4-5 teaspoon
✔️ Salt and Black pepper to taste
✔️ Cumin Powder (Optional)
Procedure:
❤ Heat a pan and fry the sliced onions. No need to add oil for frying.
❤ When the onion pieces will be turned golden in color, add the chili pieces and fry.
❤ After 2-3 mins, add the nicely ground ginger and fry them together.
❤ After 2-3 mins, add the chicken liver and gizzards and fry for nearly 10 mins.
❤ Add salt and black pepper to taste. You can also add Cumin powder but that is completely optional.
❤ When the chicken will start leaving its fatty oil, add 4-5 tablespoon of alkali and let the chicken to be cooked by covering the pot for 5-7 mins.
❤ After 7 mins, the chicken will change its color. It's time to add lukewarm water to cook the chicken nicely.
❤ Cook the chicken in low flame for 10-15 mins. When you will get the thick gravy, put off the gas.
❤ Now you can enjoy the spicy hot Do's Kapa with rice. Enjoy!
ড'অ' কাপা: গাৰোসকলে খাৰৰ সৈতে ৰন্ধা এবিধ সুস্বাদু কুকুৰা মাংসৰ ৰেচিপি
আমাৰ সীমান্তবৰ্তী ৰাজ্য মেঘালয়ৰ কথা ক'লেই আমাৰ মনলৈ অহা নাম কেইটা হৈছে ছিলং, বৰাপানী, ডাউকী, চেৰাপুঞ্জী ৷ আজি আপোনালোকলৈ লৈ আহিছো আমাৰ মেঘালয়ৰে গাৰো পাহাৰৰ নিবাসী, গাৰো জনগোষ্ঠীৰ এটা কুকুৰা মাংসৰ ৰেচিপি "ড'অ' কাপা" ৷ এই ৰেচিপিটো হৈছে কলখাৰত সিজোৱা কুকুৰাৰ লিভাৰ আৰু পাকস্থলীৰ এখন সোৱাদভৰা ব্যঞ্জন ৷ "ড'অ' কাপা" ৰান্ধোতে গাৰোসকলে হালধি আৰু নহৰুৰ ব্যৱহাৰ নকৰে যি আমি সাধাৰণতে মাংস ৰান্ধিলে ব্যৱহাৰ নকৰাকৈ নাথাকোৱেই ৷ তেলবিহীন লগতে কেঁচা জলকীয়াৰ প্ৰাধান্য থকা "ড'অ' কাপা" কিদৰে ৰান্ধে আজি সেয়াই জানো আহক ৷
ইউ টিউবত ভিডিঅ' চাবলৈ টিপক
আপোনাক লাগিব:
✔️ লিভাৰ/পাকস্থলী: ২৫০ গ্ৰাম
✔️ পিয়াজ: দুটা, মিহিকৈ কুটি লোৱা
✔️ এটুকুৰা আদা: প্ৰায় ৩০-৪০ গ্ৰাম ওজনৰ: খুন্দি ল'ব
✔️ জলকীয়া: ১৫-২০ টা পৰ্য্যন্ত: দুফালকৈ কাটি ল'ব
✔️ কলখাৰ: ৪-৫ চামুচ
✔️ নিমখ, জালুকৰ গুৰি
✔️ জিৰা গুৰি (নিদিলেও হ'ব)
পদ্ধতি:
❤ এখন কেৰাহী গৰম কৰি তাতে কুটি লোৱা পিঁয়াজখিনি দি তেল নিদিয়াকৈ ভাজি থাকক ৷
❤ পিঁয়াজ অলপ অলপ ৰঙা বৰণ হওঁতে তাতে দুফালকৈ কাটি লোৱা জলকীয়াখিনি দি ভাজি থাকক ৷
❤ অলপমান ভাজ খাওঁতে তাতে খুন্দি লোৱা আদাখিনি দি অলপ সময় ভাজি থাকক ৷
❤ এতিয়া মাংসখিনি যোগ কৰি প্ৰায় ১০ মিনিট ভাজি থাকক ৷ মাজে মাজে লৰাই দিব ৷
❤ মাংসত নিমখ আৰু জালুকৰ গুৰি সোৱাদ অনুসাৰে যোগ কৰক ৷ অলপ জিৰা গুৰিও দি দিব পাৰে ৷
❤ মাংসৰ পৰা তেল ফাটিবলৈ ধৰোতে তাতে কলখাৰখিনি দি লৰাই দিয়ক ৷ জুইতো কমাই দি ঢাকনি এখন মাৰি কম জুইত সিজিবলৈ দিয়ক প্ৰায় ৫-৭ মিনিট ৷
❤ দেখিব মাংসৰ বৰণ অলপ সলনি হৈছে ৷ লগে লগে তাত প্ৰায় ২ কাপ কুহুমীয়া পানী দি মাংসখিনি পুনৰ সিজিবলৈ ঢাকনি লগাই দিয়ক ৷
❤ প্ৰায় ১০-১৫ মিনিটৰ বাবে মাংসখিনি আকৌ এবাৰ সিজিবলৈ দিয়ক ৷ যেতিয়া পানী কমি থুপথুপীয়া হৈ যাব, গেছটো বন্ধটো কৰি দিব ৷
❤ এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ৷
Good one
ReplyDeleteThank you so much :)
Delete