Onla Dau: An ethnic Chicken Recipe of the Bodo community

        Northeast India, especially Assam is very rich in its cultural diversity. Though the Assamese language is spoken by most of the people still all the tribal communities have their own dialect. One such major communities of Assam is the Bodo community. They are the largest ethnolinguistic group of Assam. Bodo language is considered as one of the twenty-two scheduled languages of India (Source). Today I am going to prepare a very delicious, very healthy Chicken recipe of the Bodo community i.e. Onla Dau which means Chicken with rice powder.  

Let's have a look at the ingredients:
Chicken: 250 g
Rice powder: 3-4 spoons
Mustard Greens: 1 bunch
Alkali: 2-3 spoons
Potato: 1, cut into 4 equal pieces
Onion: 2: Nicely chopped
Ginger-Garlic-Chili mix: 2 spoons
Thai Coriander: 4-5 leaves
Salt and Turmeric to taste
Chicken, Jeera, Black pepper, Garam masala and red chili powder, black pepper powder

Procedure:

❤ In a bowl, mix all the masalas with salt and turmeric with some drops of mustard oil. Mix thoroughly.
❤ Marinate the chicken in the above mixture and keep it for 10-15 mins.
❤ Fry the sliced onion and ginger-garlic-chili mix until red in color.
❤ Add the chicken and fry it for 10-15 mins.
❤ When the chicken starts leaving the oil from it, add the mustard greens and fry them for 5-8 mins.
❤ Now add the alkali and mix it with the chicken thoroughly. Fry it for 3-4 mins.
❤ Mix the rice powder with a cup of water. Stair it nicely so that no lumps remain in the mixture.
❤ Add this mixture to the chicken and let it boil for 10-15 mins.
❤ Sprinkle down some fresh Thai coriander and your Onla Dau is ready to serve now. 


অনলা ডাউ (Onla Dau) হৈছে বড়োসকলৰ কুকুৰা মাংস ৰন্ধাৰ এটা পদ্ধতি ৷ অলপ দিনৰ আগত Geeta Dutta বাইদেৱে উত্তৰ পূৱ ভাৰতৰ বিভিন্ন প্ৰকাৰৰ ডাইল প্ৰস্তুত প্ৰণালীৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিল ৷ তেনেকুৱা এটা ধাৰণাকে মনত ৰাখি ময়ো উত্তৰ পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয়ে তৈয়াৰ কৰা কুকুৰাৰ মাংসৰ বিভিন্ন পদ্ধতি আপোনালোকৰ আগত প্ৰস্তুত কৰিম বুলিয়ে এটা ভিডিঅ' চিৰিজ বনাম বুলি ভাৱিলো ৷ মোৰ চিৰিজৰ প্ৰথমটি ভিডিঅ' কচুৰ সৈতে কুকুৰাৰ মাংস (তিৱা সকলৰ ৰন্ধন প্ৰকৰণ) ইতিমধ্যেই আপোনালোকক দেখুৱাইছিলো ৷ আজি লৈ অহা অনলা ডাউৰ ভিডিঅ'টো চাব বুলি আশা কৰিলো ৷ 
অনলা ডাউ ৰান্ধিবলৈ আপোনাক কি কি লাগিব:
❤ কুকুৰা মাংস : ২৫০ গ্ৰাম
❤ পিঠাগুৰি : ৩-৪ চামুুচ
❤  লাই শাক : ১ মুঠি
❤ খাৰ : ২-৩ চামুচ
❤  আলু : ১ টা, সমানকৈ ৪ টুুুুুকুৰা কৰি লোৱা
❤ পিঁয়াজ : ২টা: মিহিকৈ কাটি লোৱা
❤ আদা-নহৰু-জলকীয়া খুন্দা : ২ চামুচ
❤ মান ধনীয়া : ৪-৫ খিলা পাত
❤ নিমখ  আৰু হালধি  সোৱাদ অনুসাৰে
❤ চিকেন মচলাজিৰা গুৰিজালুকৰ গুৰিগৰম মচলা আৰু জলকীয়া গুৰি :  ১ চামুচকৈ

পদ্ধতি

❤  এটা বাটিত আটাইখিনি মচলাৰ সৈতে নিমখ, হালধি আৰু অলপ তেল যোগ কৰি ভালকৈ মিহলাই ল'লো ৷ 
❤ তাতে কাটি লোৱা কুকুৰাৰ মাংসখিনি ভালদৰে সানি প্ৰায় ১০-১৫ মিনিটৰ বাবে থৈ দিলো ৷ 
❤ কাটি লোৱা পিঁয়াজৰ সৈতে খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াৰ মিশ্ৰনটো ৰঙা হোৱালৈ ভাজি ল'লো ৷
❤ তাতে মাংসখিনি যোগ কৰি প্ৰায় ১০-১৫ ৰ বাবে মাংসখিনি ভাজি ল'লো ৷ 
❤ মাংসৰ পৰা তেল ফুটিবলৈ আৰম্ভ কৰোতে তাতে কুটি লোৱা লাই শাকখিনি দি কম জুইত ৫-৮ মিনিট সময় ভাজি ল'লো ৷
❤  তাতে খাৰখিনি যোগ কৰি দি আৰু ৩-৪ মিনিট সময় ভাজি ল'লো ৷ 
❤  পিঠা গুৰিখিনি একাপ পানীত গোটা পাতি নোযোৱাকৈ ভালদৰে ঘূলি ল'লো ৷
❤ এতিয়া তাতে ঘূলি লোৱা পিঠাগুৰিখিনি দি ১০১৫ মিনিটৰ বাবে সিজাই ল'লো ৷
❤ শেষত কুটি লোৱা মান ধনীয়াখিনি আঞ্জাৰ ওপৰত চটিয়াই দি স্ট'ভটো বন্ধ কৰি ল'লো ৷ হৈ গ'ল আমাৰ অনলা ডাউ ৷



Comments

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries