Posts

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Image
               স কলোৱে কৈছিল ছোৱালীজনীৰ কন্ঠত মা সৰস্বতীৰ বসতি আছে ৷ বিস্ময় বালিকা গৰাকীয়ে গাই গৈছিল এটাৰ পিছত এটাকৈ গান ৷ গোটেই অসম তোলপাৰ লাগি গৈছিল ছোৱালীজনীৰ কন্ঠৰ জোৰত ৷ এদিন ছোৱালীজনী হিন্দী বোলছবিৰ গীত পৰিৱেশনৰ আমন্ত্ৰণ লাভ কৰি গুছি গৈছিল মুম্বাইলৈ ৷ হঠাৎ ছোৱালীজনী নোহোৱা হৈ গ'ল !  যেন হেৰাই গ'ল মুম্বাইৰ ভিৰত ! কি হ'ল ছোৱালীজনীৰ ?  ক'ত গ'ল ছোৱালীজনী? আজিকালি বাৰু গান গাইনে?  এতিয়া বাৰু কি কৰি আছে ? তাই বা এতিয়া ক'ত থাকে? এই সকলোবোৰ কথা গোটাই আজিৰ লিখনিটো প্ৰস্তুত কৰিলো ৷                 হ য় মই আজি ক'বলৈ গৈছো মোৰ শৈশৱৰ সোনোৱালী দিনবোৰক নিজৰ যাদুকৰী কন্ঠৰে জীপাল কৰা তেতিয়াৰ বিস্ময় বালিকা মুনমী বৰাৰ কথা ৷ পখিলা অঁকা, ৰঙা-নীলা ফ্ৰক পিন্ধি দৰা-কইনা খেলা বয়সত ব্যতিক্ৰমী মুনমীয়ে হাতত তুলি লৈছিল এটা মাইক্ৰ'ফোন ৷  গীত পৰিৱেশন কৰি গৈছিল ইখনৰ পিছত সিখন মঞ্চত !  গাই গৈছিল ইটোৰ পিছত সিটো কালজয়ী গীত ! বয়সত কণমানি ছোৱালীজনীৰ কন্ঠৰ পৰিপক্কতাই মোহাচ্চন্ন কৰি গৈছিল এজন এজন অসমীয়া...

ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীতকেইটাতকৈও জনপ্ৰিয়

Image
                      অ'ৰিজিনেল বস্তুৰ প্ৰতি আমাৰ সদায়ে টান থাকে সেয়া লাগিলে যি বস্তুৱেই নহওক !  সাধাৰণতে গানবোৰ প্ৰথমতে জনপ্ৰিয় হয় প্ৰকৃত শিল্পীৰ কন্ঠতেই ৷ আচলতে আমিবোৰেও প্ৰায়ে ৰিমেক/ ৰিমিক্স কৰা গানবোৰ শুনিলে কওঁ প্ৰকৃত গীতটিয়েই ভাল আছিল বা old is gold বুলি ৷ কিন্তু কেতিয়াবা কিছুমান গীত এনেকুৱাকৈ ৰিমেক হয় যি আমাক প্ৰকৃত গীতটিৰ কথা পাহৰাই তোলে ৷ আমি পাহৰি যাওঁ প্ৰকৃত গীতটিৰ শিল্পী কোন আছিল বা কেতিয়া মুক্তি পাইছিল ৷ আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এনেকুৱা ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীত কেইটাতকৈও বহুগুণে জনপ্ৰিয় ৷ আহকচোন ব্লগটি পঢ়াৰ লগতে প্ৰকৃত তথা ৰিমেক গীত কেইটাও শুনো ! ১. ফুল ফুলক ৰ'দৰে ফুল প্ৰকৃত কণ্ঠশিল্পী: বৈকুন্ঠ নাথ গগৈ কথা: দ্বিজেন্দ্ৰ মোহন শৰ্মা সুৰ: বৈকুন্ঠ নাথ গগৈ ৰিমেক কণ্ঠশিল্পী: জুবিন গাৰ্গ এলবাম: মুক্তি মুক্তিৰ বছৰ: ১৯৯৭ চন                    পেচাত এজন পশু চিকিৎসক স্বৰ্গীয় বৈকুন্ঠ নাথ গগৈৰ সৃষ্টি "ফুল ফুলক ৰ'দৰে ফুল" ৷ আকাশবাণী ডিব্ৰুগড়...

How to prepare Bhappa Ilish ?

Image
                                  Bhappa Ilish  Cooking time:  40 mins (10 mins for preparation + 30 mins for steaming) Bhappa Ilish is a very popular Bengali delicacy where Ilish fish is steamed with a mixture of mustard seeds and chilli, ginger garlic paste. As no spices and very less oil is used, so this recipe is quite healthy too !  Lets see the ingridients to prepare Bhappa Ilish at home.  Youtube link What we need: One Ilish fish  (Cleaned and cutted into medium pieces) Black and white mustard seeds: 3 spoons Musk melon seeds: 3 spoons Onion: 2 (Big size) Tomato: 2 (Medium size) Garlic: 1 (Big size) Green/Red chillies: 2-4 Corriander Salt and turmeric: according to taste Few drops of oil   Procedure: Grind all the ingridients in a mixer grinder. Marinate the fish pieces with the mixture and place in a tiffin. Now, close the tiffin cover.  In a pot, boil 3-4 cu...

ৰঙানদী : মৎস বিচিত্ৰতা আৰু সংকট ( প্ৰান্তিকত প্ৰকাশিত)

Image
                 কাঞ্চাল আৰু আৰোৰাই ২০১২ চনত প্রকাশিত তেওঁলোকৰ গৱেষণা পত্রত অলৱণীয় প্রাণীৰ জৈৱ বিচিত্ৰতা ত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে নৱম বুলি উল্লেখ কৰিছিল । ১৯৯৬ চনত প্রকাশিত ক’টেলেট আৰু হুইটেনৰ গৱেষণা পত্রত ভাৰতবৰ্ষৰ উত্তৰ পূৱ অঞ্চলক অলৱণীয় পানীৰ মাছৰ গোলকীয় ক্ষেত্র হিচাপে স্বীকৃতি দিয়া হৈছে । অসম ( ২৬ ° ১২ '' ২ . ১৭৩৮ " উ আৰু ৯২ ° ৫ ৬ ' ১৫ . ২৬৫৮ " পূ ), ইণ্ডো - বাৰ্মা জৈৱ বিচিত্ৰতা ক্ষেত্রৰ অন্তৰ্গত এখন ৰাজ্য । উমেশ চন্দ্ৰ গোস্বামীৰ (Goswami et al ., 2012) গৱেষণা পত্ৰত প্ৰ্কাশিত তথ্য অনুযায়ী ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা  ৪২২ টা প্ৰ্জাতিৰ মাছ তালিকাভূক্ত কৰা হৈছে । তাৰোপৰি প্রান্তিকতে প্রকাশিত ড. সঞ্জয় শৰ্মাৰ ‘থলুৱা মাছৰ সংৰক্ষণ আৰু মাছৰ উজান’ শীৰ্ষক প্রবন্ধটিত কোৱা হৈছে যে, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্রায় ৮ শতাংশৰে আবৃত উত্তৰ পূৰ্বাঞ্চলৰ অলৱণীয় পানীকালিত ১০টা বৰ্গৰ ৩৮টা পৰিয়ালৰ ১১৪টা গণৰ ২৭০ বিধ মাছ ইতিমধ্যেই চিনাক্ত কৰা হৈ গৈছে ।      ...