ৰঙানদী : মৎস বিচিত্ৰতা আৰু সংকট ( প্ৰান্তিকত প্ৰকাশিত)
কাঞ্চাল
আৰু আৰোৰাই ২০১২ চনত প্রকাশিত তেওঁলোকৰ গৱেষণা পত্রত অলৱণীয়
প্রাণীৰ জৈৱ
বিচিত্ৰতাত
ভাৰতবৰ্ষৰ স্থান
পৃথিৱীৰ ভিতৰতে
নৱম বুলি
উল্লেখ কৰিছিল । ১৯৯৬ চনত প্রকাশিত ক’টেলেট আৰু হুইটেনৰ গৱেষণা পত্রত ভাৰতবৰ্ষৰ
উত্তৰ পূৱ
অঞ্চলক অলৱণীয়
পানীৰ মাছৰ
গোলকীয় ক্ষেত্র
হিচাপে স্বীকৃতি
দিয়া হৈছে
। অসম
(২৬°১২''২.১৭৩৮"
উ আৰু
৯২°৫৬'
১৫.২৬৫৮"
পূ), ইণ্ডো-বাৰ্মা
জৈৱবিচিত্ৰতা
ক্ষেত্রৰ অন্তৰ্গত
এখন ৰাজ্য
। উমেশ চন্দ্ৰ
গোস্বামীৰ (Goswami et al., 2012) গৱেষণা পত্ৰত প্ৰ্কাশিত তথ্য
অনুযায়ী ভাৰতৰ উত্তৰ
পূৰ্বাঞ্চলৰ পৰা ৪২২ টা প্ৰ্জাতিৰ মাছ তালিকাভূক্ত কৰা হৈছে । তাৰোপৰি
প্রান্তিকতে প্রকাশিত ড. সঞ্জয় শৰ্মাৰ ‘থলুৱা মাছৰ সংৰক্ষণ আৰু মাছৰ উজান’ শীৰ্ষক প্রবন্ধটিত
কোৱা হৈছে যে, ভাৰতবৰ্ষৰ
মুঠ মাটিকালিৰ
প্রায় ৮
শতাংশৰে আবৃত
উত্তৰ পূৰ্বাঞ্চলৰ
অলৱণীয় পানীকালিত
১০টা বৰ্গৰ
৩৮টা পৰিয়ালৰ
১১৪টা গণৰ
২৭০ বিধ
মাছ ইতিমধ্যেই
চিনাক্ত কৰা
হৈ গৈছে
।
অৰুণাচল
প্রদেশৰ দফলা
পাহাৰৰ পাদ
দেশৰ পৰা
উৎপত্তি হোৱা
ৰঙানদী অসমৰ
লখিমপুৰ জিলাৰ
ব্রহ্মপুত্র নদীৰ
এখন প্রধান
উত্তৰ বাহিনী
উপনৈ ।
নদীখন অৰুণাচল
প্রদেশৰ মাজেৰে
বৈ আহি
লখিমপুৰ জিলাৰ
জহিং নামৰ
অঞ্চলটিত অসমৰ
ভূখণ্ডত প্রৱেশ
কৰিছে ।
এই অঞ্চলটো
নদীখনৰ মধ্যৱৰ্তী
অঞ্চল বুলিব
পাৰি যিহেতু
এই অঞ্চলত
নদীখনৰ গতিবেগ
ধীৰ আৰু এই
অঞ্চলটিৰ পৰা
সংগৃহীত মাছবোৰত
খৰস্রোতা নৈ আৰু
সমতলীয় নৈত
পোৱা দুয়োবিধ প্রজাতিৰ মাছেই
সংগ্রহ কৰা
হৈছিল ।
ৰঙানদী
(২৭°১৮'২৬.৭''
উ ৯৪°১'৪৮.১''
পূ)ৰ
এটি ক্ষেত্রভিত্তিক
অধ্যয়ন ২০১২
চনৰ এপ্রিল
মাহৰ পৰা
২০১৪ চনৰ
মাৰ্চ মাহলৈ
কৰা হৈছিল
। অধ্যয়নৰ
বাবে সংগ্রহ
কৰা মাছবোৰ
প্রথমে ১০%
ফৰ্মেলডিহাইডত অধ্যয়ন
ক্ষেত্রতে সংৰক্ষণ
কৰা হৈছিল
। পিছত
পৰীক্ষাগাৰত সেইবোৰক
৬% ফৰ্মেলডিহাইডত সলনি কৰি দীৰ্ঘ দিনৰ বাবে সংৰক্ষন
কৰা হৈছিল
। আভ্যন্তৰিণ
অংগবোৰো যাতে ফৰ্মেলডিহাইডত সংৰক্ষন হৈ থাকে তাৰ বাবে অলপ
ডাঙৰ মাছবোৰক
পৰীক্ষাগাৰত এখন
চোকা ব্লেডেৰে
পেটত সৰুকৈ
কাটি দিয়া
হৈছিল ।
পৰীক্ষাগাৰত এডাল
ভাৰ্নিয়াৰ কেলিপাৰে (Vernier Calliper)
মাছবোৰৰ বিভিন্ন
অংশৰ মাপ
লোৱা হৈছিল
। মাছবোৰ সংগ্রহ কৰাৰ কিছুদিনৰ ভিতৰতে প্ৰয়োজনীয় জোখ মাপবোৰ লোৱা হৈছিল কিয়নো পৰিৰক্ষকৰ (Preservative) প্রভাৱত মাছবোৰ কিছুদিনৰ ভিতৰতে সংকুচিত হ’বলৈ আৰম্ভ কৰিছিল ।
সংগৃহীত মাছৰ চিনাক্তকৰণৰ বাবে অধূনা প্ৰ্কাশিত গৱেষণাপত্ৰ আৰু কিতাপ (জয়াৰাম ১৯৯৯; নাথ আৰু দে ২০০০; তলৱাৰ আৰু জিংৰাণ, ১৯৯১ আৰু বিশ্বনাথ ২০০৭) ৰ সহায় লোৱা হৈছিল l বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উন্নয়নে আজিকালি গৱেষণাৰ কিছুমান কাম সহজ কৰি তুলিছে । উদাহৰণ স্বৰূপে মাছৰ যিকোনো তথ্য আৰু চিনাক্তকৰণৰ বাবে আজিকালি কিছুমান ডাটাবেছ ইন্টাৰনেটত উপলব্ধ ।
যিহেতু মাছৰ বৈজ্ঞানিক নামবোৰ সলনি হৈ থাকে গতিকে বৈধ নামবোৰৰ লগতে মাছবিধৰ সবিশেষ জানিবলৈ ফিছবেচ (www.fishbase.org) আৰু কেলিফৰ্ণিয়া একাডেমী (www.calacademy.org/scientists/projects/catalog-of-fishes) নামৰ দুটা ইন্টাৰনেট তথ্যভেঁটি (Database)ৰ সহায় লোৱা হৈছিল l মানুহৰ বিভিন্ন কাৰ্য্যকলাপে পৰিৱেশৰ লগতে জীৱকূলৰ অনেক ক্ষতি কৰিছে । বহু থলুৱা মাছ পৰিবেশৰ তাৰতম্যৰ কাৰণে প্রকৃতিৰ পৰা হেৰাই গৈছে l গতিকে এই মাছবোৰক সিহঁতৰ প্রাকৃতিক অৱস্থানতে সংৰক্ষন কৰাতো খুবেই দৰকাৰী হৈ পৰিছে l মাছবোৰৰ সাংৰক্ষণিক স্থিতি জানিবৰ বাবে আমি সহায় লৈছিলো ইন্টাৰনেশ্বনেল ইউনিয়ন ফৰ কনজাৰভেচন অব্ নেচাৰ (IUCN ২০১৫.২)ৰ পৰা l
প্রায়
দুবছৰ অধ্যয়নৰ পিছত ৰঙানদীৰ পৰা ৬টা
বৰ্গৰ ১৭
টা পৰিয়ালৰ
৪৫ টা
গণৰ সৰ্বমুঠ
৬১ টা
প্রজাতিৰ মাছ
সংগ্রহ কৰাত
সফল হৈছিলো l
IUCN (২০১৫.২)ৰ
মতে সংগৃহীত
মাছৰ সংৰক্ষণৰ
বিভিন্ন ভাগবোৰ
হৈছিল - বিলুপ্তপ্রায়
(১), অসুৰক্ষিত
(২), সংকটাপন্ন
(৬), তথ্যহীন
(৪), মূল্যাংকন
নকৰা (১)
আৰু কম
আশংকা থকা
(৪৬) ।
সংগৃহীত
মাছবোৰৰ ভিতৰত
চাইপ্রনিডি (Cyprinidae) বৰ্গৰ
মাছৰ সংখ্যাই
আটাইতকৈ বেছি (১৭
টা গণৰ
২৫ টা
প্রজাতি) আছিল
। বাকীসমূহ বৰ্গত থকা মাছৰ প্রজাতিৰ সংখ্যা আছিল এনেধৰণৰ : ছিচ’ৰিডি
(Sisoridae) বৰ্গৰ
৫ টা
গণৰ ৮
টা প্রজাতি),
বালিত’ৰিডি (Balitoridae) বৰ্গৰ
৪ টা
গণৰ ৪
টা প্রজাতি,
এৰিথিছটিডি (Erethistidae), কবিটিডি (Cobitidae),
বেগ্রিডি (Bagridae) বৰ্গৰ
২ টা
গণৰ ৩
টা প্রজাতি,
অ’লাইৰিডি (Olyridae),
এমব্লাইচিপটিডি (Amblycipitidae) আৰু
এম্বেছচিডি (Ambassidae) বৰ্গৰ
১ টা
গণৰ ২
টা প্রজাতি (প্রতিটোৰে),
আৰু গ’বিডি (Gobiidae),
মাস্টাচএম্বেলিডি (Mastacembelidae), চান্নিডি (Channidae),
বেল’নিডি (Belonidae), এংগুইলিডি (Anguillidae),
হিটাৰ’পনিউচটিডি (Heteropneustidae) বৰ্গৰ
(১ টা
গণৰ ১
টা প্রজাতি,
প্রতিটোৰে) ( কৌশিক
আৰু বৰদলৈ, ২০১৬)।
কাপুৰৰ
২০১২ চনৰ গৱেষণা পত্রৰ সহায় লৈ যেতিয়া মাছবোৰৰ বাসস্থান নিৰ্ণয় কৰা হৈছিল তেতিয়া দেখা গৈছিল যে ৬১ টা প্রজাতিৰ ১১ টাই আছিল শীতল পানীৰ (cold water), ৭ টা আছিল শীতল আৰু উষ্ণ পানীৰ (cold and warm), ২১ টা আছিল উষ্ণ পানীৰ (warm water) আৰু ৰৈ যোৱা ২১ টা আছিল মূল্যায়ন নকৰা । তালিকাত
অন্তৰ্ভূক্ত হোৱা মাছৰ ২৭
টা প্রজাতি আছিল খৰস্ৰোতা নদীৰ (Torrential fish), ২৯ টা সমতলীয় নদীৰ (Riverine) আৰু
৫ টা আছিল প্রব্রজন (Migratory) কৰা মাছ
(উৎস: www.fishbase.org) l
মাছ সংগ্রহৰ সময়ত গম পোৱা গৈছিল ৰান্ধনী বা পাহাৰী কাৱৈ (Badis badis), কৰং(Barilius bendelisis), বটীয়া (Acanthocobitis botia) আৰু চন্দা (Chanda nama)মাছবোৰ বাকীবোৰতকৈ সহজে উপলব্ধ l
তালিকা:
১: সংগ্রহ কৰা বিভিন্ন মাছ, থলুৱা নাম আৰু IUCN ৰ মতে সিহঁতৰ সংৰক্ষণৰ স্থিতি:
নং. |
বৰ্গ |
বৈজ্ঞানিক নাম |
অসমীয়া
নাম |
IUCN ৰ
মতে সংৰক্ষণৰ
স্থিতি |
||||
১. |
Cypriniformes চাইপ্রিনিফৰ্মিচ |
Barilius
bendelisis |
কৰং |
LC (কম
আশংকা) |
||||
২. |
Barilius
vagra |
কৰং |
LC
(কম আশংকা) |
|||||
৩. |
Barilius
shacra |
কৰং |
LC
(কম আশংকা) |
|||||
৪. |
Danio
dangila |
ডৰিকনা |
LC
(কম আশংকা) |
|||||
৫. |
Cabdio morar
|
মোৱা
|
LC
(কম আশংকা) |
|||||
৬. |
Lepidocephalichthys
guntea |
বটীয়া |
LC
(কম আশংকা) |
|||||
৭. |
Chagunius
chagunio |
পাহাৰী
পুঠি |
LC
(কম আশংকা) |
|||||
৮. |
Garra
gotyla |
শিল
কামোৰা |
LC
(কম আশংকা) |
|||||
৯. |
Psilorhynchus
balitora |
বালিতৰা |
LC
(কম আশংকা) |
|||||
১০. |
Acanthocobitis
botia |
বটীয়া |
LC
(কম আশংকা) |
|||||
১১. |
Aborichthys
kempi |
পাহাৰী
বটীয়া |
NT (সংকটাপন্ন) |
|||||
১২. |
Rasbora
daniconius |
ডৰিকনা |
LC
(কম আশংকা) |
|||||
১৩. |
Schistura
tirapensis |
বটীয়া |
LC
(কম আশংকা) |
|||||
১৪. |
Balitora
brucei |
শিল
বটীয়া |
NT (সংকটাপন্ন) |
|||||
১৫. |
Crossocheilus latius
|
লুৰালি
|
LC
(কম আশংকা) |
|||||
১৬. |
Puntius
guganio |
পুঠি |
LC
(কম আশংকা) |
|||||
১৭. |
Pethia
ticto |
চকৰী
পুঠি |
LC
(কম আশংকা) |
|||||
১৮. |
Aspidoparia
jaya |
বৰিয়লা |
LC
(কম আশংকা) |
|||||
১৯. |
Danio
rerio |
লাওপতি |
LC
(কম আশংকা) |
|||||
২০. |
Labeo
dyocheilus |
শিলঘৰীয়া |
LC
(কম আশংকা) |
|||||
২১. |
Garra
annandalei |
কুচমা |
LC
(কম আশংকা) |
|||||
২২. |
Tor
tor |
লাওপিঠিয়া |
NT (সংকটাপন্ন) |
|||||
২৩. |
Canthophrys
gongota |
কুকুৰ বটীয়া |
LC
(কম আশংকা) |
|||||
২৪. |
Botia almorhae
|
গেঠু
|
LC
(কম আশংকা) |
|||||
২৫. |
B. rostrata
|
ৰাণী গেঠু
|
VU (অসুৰক্ষিত) |
|||||
২৬. |
B. histrionica
|
গেঠু
|
LC
(কম আশংকা) |
|||||
২৭. |
Osteobrama cotio
|
হামতো
|
LC
(কম আশংকা) |
|||||
২৮. |
Devario assamensis
|
লাওপতি
|
VU (অসুৰক্ষিত) |
|||||
২৯. |
Psilorhynchus sucatio
|
বালিতৰা
|
LC
(কম আশংকা) |
|||||
৩০. |
Laubuka laubuca
|
লাওপতি
|
LC
(কম আশংকা) |
|||||
৩১. |
Cirrhinus reba |
লাচিম |
LC
(কম আশংকা) |
|||||
৩২. |
Psilorhynchus arunachalensis
|
বালিতৰা
|
DD (তথ্যহীন) |
|||||
৩৩. |
Siluriformes চাইলুৰিফৰ্মিচ |
Amblyceps sp. |
পাহাৰী
শিঙি |
_ |
||||
৩৪. |
Amblyceps arunachalensis |
পাহাৰী
শিঙি |
EN (বিলুপ্তপ্রায়) |
|||||
৩৫. |
Olyra
kempi |
পাহাৰী
শিঙি |
LC (কম
আশংকা) |
|||||
৩৬. |
Mystus dibrugarensis |
শিঙৰা |
LC
(কম আশংকা) |
|||||
৩৭. |
Eutropiichthys vacha |
বচা |
LC
(কম আশংকা) |
|||||
৩৮. |
Gagata
cenia |
কেয়াকাটা |
LC
(কম আশংকা) |
|||||
৩৯. |
Batasio tengana
|
টেঙেৰা
|
LC
(কম আশংকা) |
|||||
৪০. |
Mystus
vittatus |
শিঙৰা |
LC
(কম আশংকা) |
|||||
৪১. |
Erethistoides
montana |
কুৰকুৰী |
DD (তথ্যহীন) |
|||||
৪২. |
Olyra
longicaudata |
পাহাৰী
শিঙি |
LC (কম
আশংকা) |
|||||
৪৩. |
Wallago attu |
বৰালি |
NT (সংকটাপন্ন) |
|||||
৪৪. |
Sperata seenghala |
আৰি |
LC
(কম আশংকা) |
|||||
৪৫. |
Glyptothorax
cavia |
পাহাৰী ৰিঠা |
LC
(কম আশংকা) |
|||||
৪৬. |
G. striatus |
পাহাৰী ৰিঠা |
NT (সংকটাপন্ন) |
|||||
৪৭. |
Pseudolaguvia
ferula |
কুৰকুৰী |
DD (তথ্যহীন) |
|||||
৪৮. |
Pseudolaguvia
shawi |
কুৰকুৰী |
LC
(কম আশংকা) |
|||||
৪৯. |
Nangra
assamensis |
কেয়াকাটা |
LC
(কম আশংকা) |
|||||
৫০. |
Glyptothorax
telchitta |
পাহাৰী ৰিঠা |
LC
(কম আশংকা) |
|||||
৫১. |
Glyptothorax
trilineatus |
পাহাৰী ৰিঠা |
LC
(কম আশংকা) |
|||||
৫২. |
Perciformes পাৰ্চিফৰ্মিচ |
Parambassis
baculis |
চন্দা |
LC
(কম আশংকা) |
||||
৫৩. |
Chanda nama |
বগা চন্দা |
LC
(কম আশংকা) |
|||||
৫৪. |
Badis
badis |
ৰান্ধনি |
LC
(কম আশংকা) |
|||||
৫৫. |
Badis
singenensis |
ৰান্ধনি |
NE (মূল্যায়ন নকৰা) |
|||||
৫৬. |
Badis kanabos |
ৰান্ধনি |
DD (তথ্যহীন) |
|||||
৫৭. |
Glossogobius
giuris |
পাটীমুতুৰা |
LC
(কম আশংকা) |
|||||
৫৮. |
Channa gachua
|
চেং
|
LC
(কম আশংকা) |
|||||
৫৯. |
Anguilliformes এংগুইলিফৰ্মিচ |
Anguilla bengalensis
|
পাহাৰী বামী
|
NT (সংকটাপন্ন) |
||||
৬০. |
Synbranchiformes চিনব্রাংকিফৰ্মিচ |
Mastacembelus armatus |
বামী |
LC
(কম আশংকা) |
||||
৬১. |
|
Xenentodon cancila |
কঁকিলা |
LC
(কম আশংকা) |
||||
|
LC=
Least Concern, NT- Near Threatened, VU- Vulnerable, DD- Data deficient, NE- Not
Evaluated
Amblyceps arunachalensis
Anguilla bengalensis
Tor tor
সংকটত ৰঙানদীৰ মৎস:
মনুস্যৰ
বিভিন্ন কাৰ্য্যকলাপে প্রকৃতিৰ বহুখিনি হানি কৰিছে l মৎসকূলো ইয়াৰ পৰা সাৰি যোৱা নাই
l মানুহৰ বিভিন্ন কাৰ্য্যৰ বাবে বহু মাছৰ প্রজাতি ইতিমধ্যেই পৃথিৱীৰ পৰা বিলুপ্ত হৈছে
l ৰঙানদীৰ মাছৰ ক্ষেত্রটো ইয়াৰ ব্যতিক্রম হোৱা নাই l অধ্যয়নৰ সময়চোৱাত গম পোৱা বিভিন্ন
উৎস, যি মাছৰ বংশবৃদ্ধিত বাধাৰ সৃষ্টি কৰিছে তাৰ অলপ সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা
হ’ল l
১.
নৰ্থ ইষ্টাৰ্ণ ইলেকট্রিক পাৱাৰ কৰপৰেশ্বন লিমিটেডৰ বান্ধ: নিপক্ বান্ধ (NEEPCO
Dam)
অৰুণাচল প্রদেশৰ য়াজালি নামৰ ঠাইখনত ১৯৮৮
চনত স্থাপিত হোৱা নিপক্ বান্ধে (২৭°২০′৩১" উ. আৰু
৯৩°৪৯′০ পূ.) ৰঙানদীৰ নামনি অংশত ভালেখিনি প্রভাৱ পেলাইছে l ৪০৫
মেগাৱাট বিদ্যুৎ উৎপন্নৰ সামৰ্থ্য থকা ২২৩ ফুট ওখ নিপক বান্ধে প্রব্রজন কৰা মাছবোৰৰ
বাটত বাধাৰো সৃষ্টি কৰিছে l ৰঙানদীৰ পৰা সংগ্রহ কৰা মাছবোৰ আছিল সীমিত দৈৰ্ঘ্যৰ
(Local migrator) ভিতৰত প্রব্রজন কৰা মাছ l এই মাছবোৰে প্রধানকৈ খাদ্য সংগহ আৰু প্রজননৰ
বাবে প্রব্রজন কৰে l বান্ধে মাছৰ প্র্রব্রজনৰ বাটত বাধা দিয়ে আৰু লগতে নদী এখন সুচাৰু
ৰূপে প্ৰবাহিত হোৱাত বাধাৰ সৃষ্টি কৰে l যাৰ কাৰণে প্রজনন কৰিবলৈ মাছবোৰ অপাৰগ হয় আৰু
শেষত সেই মাছবিধৰ সংখ্যা কমি জৈৱ বিচিত্রতাত অসুবিধাৰ সৃষ্টি হয় l কিছুমান স্থানীয়
লোকক সোধোতে গম পোৱা গৈছিলযে আগতে পোৱা পিঠিয়া প্রজাতিৰ মাছ (Tor sp.)ৰ সংখ্যা এতিয়া
বহুত কমিছে l জনা যায় যে পিঠিয়া এবিধ প্রব্রজনকাৰী মাছ আৰু বোধহয় নিপক’ বান্ধৰ বাবে
প্রব্রজন কৰিবলৈ অপাৰগ হোৱাটোও এই মাছবোৰৰ সংখ্যা এই নদীত নিম্নগামী হোৱাৰ এটা কাৰণ
হ’ব পাৰে l
মৎস
খটখটি (Fish Ladder)ৰ ব্যৱহাৰে বান্ধ থকাৰ সময়তো মৎসৰ প্রৱজনত সহায় কৰে l বহুতো গৱেষণা
পত্রত প্রকাশিত যে এই মৎস খটখটিৰে সীমিত পানী যদি এৰি দিয়া হয় তেতিয়া সেই পানীৰে মাছৰ
প্রব্রজন সম্ভৱ হয় l গতিকে এই ব্যৱস্থা যদি ৰঙানদীৰ বান্ধতো কৰা হয় তেতিয়া ইয়াৰ মাছৰ
ওপৰত থকা বান্ধৰ ঋণাত্মক প্রভাৱ বেছি নপৰিব বুলি আমাৰ দৃঢ় বিশ্বাস l
২.
বৈদ্যুতিক, ৰাসায়নিক আৰু বিষাক্ত উদ্ভিদৰ ব্যৱহাৰ:
দেখা যায় যে মাছ ধৰাৰ কিছুমান প্রণালীয়ে দৰকাৰী
আৰু অদৰকাৰী সকলো মাছকে হানি কৰে l ৰঙানদীত দেখা গৈছিল যে নবেম্বৰৰ পৰা ফেব্রুৱাৰী
মাহ পৰ্য্যন্ত যেতিয়া নদীত পানীৰ পৰিমান কম থাকে তেতিয়া কিছুমান স্থানীয়লোকে মাছ ধৰিবৰ
কাৰণে বিভিন্ন আহিলাৰ ব্যৱহাৰ কৰে l তাৰ ভিতৰত বৈদ্যুতিক যন্ত্রপাতি, ৰাসায়নিক সামগ্রী
আৰু বিষাক্ত উদ্ভিদ ৰ ব্যৱহাৰেই প্রধান l দেখা গৈছিলযে নদীৰ এটা কাষত, য’ত সাধাৰণতে
সোঁত আৰু গভীৰতা কম তাত তেওঁলোকে বেটেৰীৰ লগত কিছুমান তাঁৰৰ সংযোগ কৰে আৰু সেই পৰিবাহী
তাঁৰবোৰ পানীত পেলাই দিয়াৰ পিছত সেই নিৰ্দিষ্ট সীমাৰ মাছবোৰ বিদ্যুতাঘাত হৈ পানীত উপঙিব
ধৰে l কেতিয়াবা দেখা যায় কিছুমান ৰাসায়নিক দ্রব্য বিশেষকৈ চায়েনইড জাতীয় সামগ্রীৰো
মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয় যি মাছৰ হানি কৰাৰ উপৰিও নদীৰ পানীকো প্রদূষিত কৰে l
গাওঁৰ স্থানীয় বাসিন্দাসকলে কিছুমান বিষাক্ত
উদ্ভিদৰ সহায়তো মাছ ধৰা দেখা পোৱা গৈছিল l সাধাৰণতে স্থানীয় বাসিন্দাৰ মাজত ‘মাঞ্চ’
বুলি জনপ্রিয় পলিগ’নাম প্রজাতিৰ (Polygonum sp.) উদ্ভিদৰ শিপা আৰু পাত পানীত খুন্দি
দিয়া হয় ।এই মিশ্ৰ্ন ব্যৱহাৰৰ ফলত মাছবোৰ পানীত উপঙিবলৈ আৰম্ভ কৰে l কিছুমান তথ্যৰ
মতে এই বিষাক্ত উদ্ভিদবোৰে মাছৰ মগজুত ক্রিয়া কৰে লগতে পানীত মিলি থকা অক্সিজেনৰ পৰিমাণো
কমাই দিয়ে যাৰ ফলত পৰ্য্যাপ্ত পৰিমানৰ অক্সিজেনৰ অভাৱত মাছবোৰ উপঙিবলৈ আৰম্ভ কৰে l
এই প্রক্ৰিয়া কম পানীত এটা নিৰ্দিষ্ট এলেকা ভেঁটি প্রয়োগ কৰা হয় ।
যিহেতু জহিং এখন চাহগোষ্ঠীৰ বসতি থকা ঠাই গতিকে
সেই অঞ্চলত দেশীয় সুৰা বা ‘হাৰিয়া’ ৰ প্রচলন খুবেই বেছি l এই হাৰিয়া প্রস্তুত কৰোতে
কিছুমান চাউলৰ পিঠাৰ ব্যৱহাৰ কৰা হয় যিবোৰো মাছ ধৰিবলৈও তেওঁলোকে ব্যৱহাৰ কৰে l
অভিজ্ঞতাৰ পৰা গম পোৱা গৈছে যে বিষাক্ত উদ্ভিদ আৰু
হাৰিয়া বনাবলৈ ব্যৱহাৰ হোৱা সামগ্রীৰ মৎসৰ ওপৰত প্রতিক্রিয়া হ্রস্বম্যাদী কিন্ত বৈদ্যুতিক
আৰু ৰাসায়নিক সামগ্রীৰ প্রতিক্রিয়া দীৰ্ঘব্যাপী l এনে দীৰ্ঘব্যাপী প্রক্রিয়াৰ ফলত সেই
অঞ্চলৰ সমূহ জীৱকূল নিঃশেষ হৈ যায় l
৩.
অবৈধ শিল সংগ্রহ:
দেখা পোৱা যায় পানী কম হৈ থকা সময়ত বহুতো ট্রাকেৰে
নদীৰ বুকুৰ পৰা শিল সংগ্রহ কৰা হয় l যাৰ ফলত নদীখনৰ গভীৰতাত অসুবিধাৰ সৃষ্টি হয় l এনে
বহু খৰস্ৰোতা নদীৰ মাছ আছে যাৰ পানীৰ সোঁতত উটি যাব নোৱাৰাকৈ নিজকে ধৰি ৰখাবলৈ কিছুমান
শাৰীৰিক গঠনশৈলীত (Adaptive modification)পৰিবৰ্তন হয় l এই পৰিবৰ্তিত গঠনশৈলীৰ সহায়ত
মাছবোৰ নদীৰ শিলত নিজকে ধৰি ৰৈ থাকিব পাৰে l কিন্তু শিলৰ পৰিমাণ কমি যোৱাৰ পিছত মাছবোৰৰো
পানীত উটি নোযোৱাকৈ নিজক ধৰি ৰাখিবলৈ বহুত অসুবিধা হয় l তাৰোপৰি শিলবোৰৰ দ্বাৰা সৃষ্টি
হোৱা ফাঁকবোৰে মাছৰ বাসস্থান (Niche) হিচাপেও কাম কৰে আৰু শিল কমি যোৱাৰ ফলত মাছৰ বাসস্থান
কৰিবলৈও অসুবিধাৰ সৃষ্টি হয় l
তালিকাখনত উল্লেখ কৰা মাছবোৰ খোৱা মাছ হোৱাৰ
উপৰিও বেছি বোৰেই আলংকৰিক (Ornamental) মাছ যাক সীমিত ৰূপত সংগ্রহ কৰি বাহিৰৰ বজাৰত বিক্ৰী কৰি বহু যুৱক স্বাৱলম্বী হ’ব পাৰে l এইটো নহয় যে সকলো মাছেই বাণিজ্যিকভাৱে
সমান গুৰুত্বপূৰ্ণ কিন্তু ইয়াৰে এটাৰ উপস্থিতিয়ে আনটোৰ অস্তিত্বৰ ওপৰত প্রভাৱ পেলায়
।যদি এই মাছবোৰৰ কৃত্রিম প্রজনন কৰিব পাৰি আৰু লগতে এই মাছবোৰৰ জিন বেংক (Gene
Bank)স্থাপন কৰিব পাৰি তেতিয়া এই মাছবোৰৰ সংৰক্ষনত আমি কিছু পৰিমাণে সফল হ’ব পাৰিম
l
মাছক কোৱা হয় ধৰাৰ জীৱিত মুকুতা (Living Jewels) l কিন্তু আমি নিজৰ লোভৰ বাবে এই জীৱকূলক লগাতকৈ বেছি ব্যৱহাৰ কৰিছো l কণী পৰাৰ সময়তো উজান উঠা বুলি হকে বিহকে কণী থকা মাছো ধৰি পেলাইছো l মাছৰ বাসস্থান (Niche)সংৰক্ষন কৰিবলৈ ১৮৯৭ চনতে ‘ভাৰতীয় মীন আইন’ প্রৱৰ্তন কৰা হৈছিল আৰু ১৯৬৫ চনত ইয়াৰ সংশোধনো কৰিছিল l এই আইন অনুসৰি প্রজনন ঋতুত মাছ ধৰাতো অবৈধ l এই সময়ত কেনেবাকৈ মাছ ধৰিলেও কণী থকা মাছ পুনৰ এৰি দিব লাগিব আৰু মাছ ধৰিবলৈ সেৰেঙা জালহে ব্যৱহাৰ কৰিব পাৰিব বুলি সুন্দৰকৈ উল্লেখ আছে l তাৰোপৰি কোনো মাছুৱৈয়ে যদি মাছ ধৰিবলৈ ৰাসায়নিক সামগ্রী, বৈদ্যুতিক সৰঞ্জাম বা বিষ্ফোৰক আদি ব্যৱহাৰ কৰে তেওঁক জৰিমনা বিহা তথা জেল পৰ্য্যন্ত হ’ব পাৰে বুলিও উল্লেখ আছে l এটা কথা আমি মনত ৰাখিব লাগে যে পৃথিৱীখন সুচাৰু ৰূপে চলিবলৈ সকলো বস্তুৰে উপস্থিতি সমান হ’ব লাগিব যাক আমি পৰিৱেশৰ ভাৰসাম্যতা (Ecological balance) বুলিলে বুজি পাওঁ l ইয়াৰে এবিধৰ উপস্থিতিৰ তাৰতম্য হ’লে ই আনবিধৰ ওপৰত ঋণাত্মক প্রভাৱ পেলায় l গতিকে সকলো বস্তু ভোগ কৰোতে আমি সাৱধান হ’ব লাগিব যাতে এটা বস্তুৰ অনুপস্থিতিয়ে বাকীবোৰক ওপৰত ঋণাত্মক প্রভাৱ নেপেলায় l
(You can read the full article in English Link )
তথ্যসূত্র:
1. Eschmeyer, W.N. and J.D. Fong (eds.) Catalog of Fishes
electronic version http://researcharchive.calacademy.org/research/ichthyology/catalog/SpeciesByFamily.asp
2. Froese, R.; Pauly, D., (Eds), 2014: World Wide Web
electronic publication. Available at:
www.fishbase.org. Vers (02/2014) http://fishbase.org/search.php
3. IUCN 2014. The IUCN Red List of Threatened Species. Version 2014.1.
4.
Jayaram, K.C., 1999. The Freshwater Fishes of the Indian Region. Delhi.
Narendra Publishing House. 551 pp.
5.
Kapoor, D., R.Dayal, and A.G. Ponniah. 2002. Fish Biodiversity of India.
Director NBFGR, Lucknow. 775 pp
6. Kansal, M.L., S. Arora. 2012. Biodiversity
and present status of freshwater fishes in the Lohit River basin of India.
Environmentalist 32:58–69.
7.
Kaushik, G., and Bordoloi, S. 2016. Ichthyofauna
of Ranganadi River in Lakhimpur, Assam, India. Checklist; 12(2): 1-6.
7.
Kottelat, M, and T. Whitten .1996. Freshwater biodiversity in Asia with special
reference to fish. World Bank Technical Paper No. 343.World Bank, Washington
D.C. 59 pp.
8. Nath,
P. and S.C.Dey. 2000. Fish and fisheries of North-Eastern India (Arunachal
Pradesh). New Delhi.Narendra Publishing House. 217 pp.
9.
Talwar, P.K., and A.G. Jhingran. 1991. Inland fishes of India and adjacent countries.
New Delhi. Oxford and IBH Publishing Co. Volume 1 and 2. 1158 pp.
10.
Vishwanath, W., W.S. Lakra, and U.K.Sarkar.2007. Fishes of Northeast India,
NBFGR. Lucknow, U.P, India 264 pp.
কৃতজ্ঞতা: উপৰোক্ত গৱেষণা ইঞ্চটিটিউট অব্ এডভাঞ্চড্ ষ্টাডী ইন চাইন্স এণ্ড টেকন’লজীত পি এইচ ডি গৱেষণাৰ বাবে প্ৰদান কৰা বৃত্তিৰ সহায়ত কৰা হৈছিল । এই চেগতে ইঞ্চটিটিউট অব্ এডভাঞ্চড্ ষ্টাডী ইন চাইন্স এণ্ড টেকন’লজী (IASST)ৰ সঞ্চালক ড. নাৰায়ন চন্দ্র তালুকদাৰ আৰু গৱেষণাৰ তত্বাবধায়িকা ড.সাবিত্ৰী চৌধুৰী বৰদলৈ বাইদেউলৈ বিশেষভাৱে কৃতজ্ঞতা জনালোঁ ।
Informative
ReplyDeleteThank you so much. Kindly share to reach more and more people. Its high time to conserve our nature.
Delete