Posts

Showing posts with the label Ancol

বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি::দ্বিতীয় খণ্ড

Image
আগৰ খণ্ডৰ পৰা লিংক ....... ২৯ তাৰিখৰ পৰা আমাৰ সন্মিলন আৰম্ভ হ’ল । সেইদিনা ৰাতিপুৱা ৭টা মান বজাতে উঠি গা ধুই সন্মিলনলৈ বুলি নিজকে সাজু কৰিলো । প্ৰায় ৭:৩০ মান বজাত মই ২য় মহলালৈ নামি আহিলো । দ্বিতীয় মহলাটোতে আছিল ভোজন কক্ষ । তাত আহি ৰাতিপুৱাৰ আহাৰ দেখি তবধ মানিলো । কমেও ১০০ বিধ মান ভিন্ন প্ৰকাৰৰ খাদ্য । কেকেই আছে প্ৰায় ১০ বিধ মান । একদম বাছি বাছি অলপমান ল’লো । কিন্তু পেটে মানিলেও চকুৱে নামানে । সেয়েহে কুকুৰাৰ তন্দুৰী আৰু ভঁজা মাছো ল’লো । উদৰ পূৰাই লৈ তাৰপিছতে ৪নং মহলাত থকা সভাগৃহলৈ উঠি আহিলো । তাতে বহি বিভিন্ন দেশৰ পৰা অহা গৱেষকসকলে মৎসৰ ওপৰত নিজৰ নিজৰ গৱেষণাপত্ৰ পাঠ কৰা শুনিলো । কোনোজনে ক’লে মৎসবিচিত্ৰতাৰ ওপৰত ; কোনোজনে ক’লে গোলকীয় উষ্ণতা বঢ়াৰ কাৰণে জীৱকূলৰ কিমান ক্ষতি হৈছে তাৰ ওপৰত । তাতে দুজনমান মৎস গৱেষকক লগ পালো যাৰ গৱেষণাপত্ৰ মই মোৰ গৱেষণাত সঘনে ব্যৱহাৰ কৰো । তেওঁলোকক ঘৰৰ পৰা লৈ যোৱা গামোচাৰে সম্ভাষণ জনালোঁ । প্ৰায় ৪ টা বজাত প্ৰথম দিনৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘটিল ।  আবেলিলৈ আমি, মানে চুইমা বা, মই আৰু তাইৰ লগৰে প্রৱক্তা মনিকা কুজনেটী বাইদেউৰ লগত জাকাৰ্টা চহৰ ফুৰিবলৈ ওলাই গ’লো । তাত দু