Posts

Showing posts with the label Fish Diversity

ৰঙানদী : মৎস বিচিত্ৰতা আৰু সংকট ( প্ৰান্তিকত প্ৰকাশিত)

Image
                 কাঞ্চাল আৰু আৰোৰাই ২০১২ চনত প্রকাশিত তেওঁলোকৰ গৱেষণা পত্রত অলৱণীয় প্রাণীৰ জৈৱ বিচিত্ৰতা ত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে নৱম বুলি উল্লেখ কৰিছিল । ১৯৯৬ চনত প্রকাশিত ক’টেলেট আৰু হুইটেনৰ গৱেষণা পত্রত ভাৰতবৰ্ষৰ উত্তৰ পূৱ অঞ্চলক অলৱণীয় পানীৰ মাছৰ গোলকীয় ক্ষেত্র হিচাপে স্বীকৃতি দিয়া হৈছে । অসম ( ২৬ ° ১২ '' ২ . ১৭৩৮ " উ আৰু ৯২ ° ৫ ৬ ' ১৫ . ২৬৫৮ " পূ ), ইণ্ডো - বাৰ্মা জৈৱ বিচিত্ৰতা ক্ষেত্রৰ অন্তৰ্গত এখন ৰাজ্য । উমেশ চন্দ্ৰ গোস্বামীৰ (Goswami et al ., 2012) গৱেষণা পত্ৰত প্ৰ্কাশিত তথ্য অনুযায়ী ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা  ৪২২ টা প্ৰ্জাতিৰ মাছ তালিকাভূক্ত কৰা হৈছে । তাৰোপৰি প্রান্তিকতে প্রকাশিত ড. সঞ্জয় শৰ্মাৰ ‘থলুৱা মাছৰ সংৰক্ষণ আৰু মাছৰ উজান’ শীৰ্ষক প্রবন্ধটিত কোৱা হৈছে যে, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্রায় ৮ শতাংশৰে আবৃত উত্তৰ পূৰ্বাঞ্চলৰ অলৱণীয় পানীকালিত ১০টা বৰ্গৰ ৩৮টা পৰিয়ালৰ ১১৪টা গণৰ ২৭০ বিধ মাছ ইতিমধ্যেই চিনাক্ত কৰা হৈ গৈছে ।                 অৰুণাচল প্রদেশৰ দফলা পাহাৰৰ পাদ দেশৰ