Posts

Showing posts with the label First Assamese Movie with Homosexuality theme

FIREFLIES: জোনাকী পৰুৱা ৷৷ An honest review in Assamese from a Cinephilic

Image
"হেঁপাহৰ হেঁচাত ধিমিধিমি জ্বলি থকা  মই এটি জোনাকী পৰুৱা, তমসাৰ পৰশত সাৰ পাই উঠা মই এটি জোনাকী পৰুৱা, হালধীয়া, সোনাৰুবুলীয়া ..."                ভাৰতবৰ্ষৰ সংবিধানৰ ৩৭৭ ধাৰাই সমকামিতাক সম্পূৰ্ণকৈ অপৰাধ বুলি ঘোষণা নকৰিলেও কিন্তু এতিয়াও গৰিষ্ঠসংখ্যক ভাৰতীয়ৰ বাবে ই এক দণ্ডনীয় অপৰাধ .. ই এক অপ্ৰাকৃতিক ক্ৰিয়া !  তেনে এটা খুব স্পৰ্শকাতৰ বিষয় লৈ নৱাগত পৰিচালক প্ৰকাশ ডেকাই আত্ম"প্ৰকাশ" কৰিছে তেওঁৰ নৱতম চিনেমা "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা"ৰ যোগেদি ৷ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা হিচাপে প্ৰকাশ ডেকাৰ প্ৰথম ছবি  "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা" হৈছে  সমকামিতাৰ ওপৰত নিৰ্মিত প্ৰথমখন অসমীয়া কথাছবি ৷ নিজৰ অস্তিত্বৰ সংকটত জোনাকী পৰুৱাৰ দৰে ধিমিধিমিকৈ জ্বলি থকা জাহ্নুৰ জীৱনৰ দস্তাবেজ হৈছে ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা...বা .. মৰম, ভালপোৱা, লজ্জা আৰু হতাশাৰ সমাহাৰ হৈছে "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা" ৷ চিনেমাৰ কাহিনী আগবাঢ়ে নিজৰ অস্তিত্বৰ সংকটত ভোগা যুৱক জাহ্নুক লৈ ৷ জাহ্নু এজন সমকামী যুৱক, যাৰ লয়লাস খোজ কাটলৰ বাবে তেওঁ নিজৰ গাঁৱত বিখ্যাত (?) লেডিজ অথবা মাধুৰী দীক্ষিত হিচাপে ৷