Posts

Showing posts from May, 2021

আপোনাৰ ঘৰতে থকা এইকেইবিধ সামগ্ৰীৰ ব্যৱহাৰে শৰীৰটোক শক্তিশালী কৰিব পাৰে

Image
          পৃথিৱীৰ অসুখ এতিয়া ৷ এই অসুখত প্ৰতিদিনে হেৰুৱাই আছো বহু আপোনজনক ..বহু চিনি নোপোৱাজনক ৷ ২০১৯ বৰ্ষৰ শেষৰফালে চীন দেশৰ য়ুহান প্ৰদেশত আৱিষ্কাৰ হোৱা ক'ভিড ১৯ নামৰ এই ভাইৰাচটোৱে সমগ্ৰ বিশ্বৰ লোককে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে ৷ প্ৰতিদিনে লাখ লাখ মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে ৷  এতিয়া এই ভাইৰাচৰ লগত মোকাবিলা কৰিবলৈ ভেকচিনৰ আৱিষ্কাৰ হৈছে যদিও সঘনাই উৎপৰিৱৰ্তন (mutation) হৈ থকা কৰ'না ভাইৰাচৰ বিপক্ষে এই ভেকচিন কিমান ফলপ্ৰসু হ'ব সেয়া এতিয়াও প্ৰশ্নৰ উৰ্ধত ! চিকিৎসাবিজ্ঞানীসকলে পৰামৰ্শ দিছে যে যদি এই ভাইৰাচৰ পৰা বাচিবলৈ হয়, তেতিয়াহ'লে সামাজিক দূৰত্ব মানি ঘৰতে থাকিব লাগিব, বাহিৰলৈ ওলালে মাক্স পিন্ধিব লাগিব আৰু সঘনাই হাত ধুই থাকিব লাগিব ৷           ইতিমধ্যে চাগৈ আপুনিও গম পাইছে যে এটা শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাইহে কোভিড-১৯ ক মোকাবিলা কৰাৰ বাবে সঠিক সমাধান হ'ব ৷ এতিয়া চাগৈ আপুনিও বহুতৰ দৰে ভাৱি আছে যে এই ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি...নহয়নে? আপুনি শুনি আচৰিত হ'ব যে প্ৰাচীনকালৰে পৰা ভাৰতত চলি অহা আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত বিভিন্ন উৎসৰ সঠিক ব্যৱহা

মিউকৰ্মাইকোচিছ (ক'লা ভেঁকুৰ ) কি আৰু ইয়াৰ সম্পৰ্কে জানিবলগীয়া কিছু কথা ..

Image
.......... বি গত  বছৰৰ আৰম্ভনিৰে পৰা সমগ্ৰ বিশ্ব গৃহবন্দী হৈ আছে ৷ কাল ক'ভিডৰ ঢৌত বহু আপোনজনক হেৰুৱাইছো ৷ ভেকচিনৰ আগমনে যদিও আমাৰ মনত আশাৰ সঞ্চাৰ কৰিছে তথাপিও এতিয়াও বহুলোকে এটা ভেকচিনৰ বাবে জীয়াতু ভূগিছে ৷            কিন্তু যোৱা কেইদিনমানৰ পৰা আন এটা খবৰে সমগ্ৰ ভাৰততে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সেয়া হৈছে ক'লা ভেঁকুৰ বা Black fungus ৷ বহুতো গুজৱ মানুহবোৰৰ মাজত বিয়পি পৰিছে ৷ ক'ভিডৰ ত্ৰাস শেষ নহওঁতেই ক'লা ভেঁকুৰৰ আগমনে সমগ্ৰ ভাৰতক ভয়ত কম্পমান কৰি তুলিছে ৷            এজন বিজ্ঞানৰ অধ্যাপক হিচাপে আমাৰো দায়িত্ব আছে সমাজক নতুনৰ তথ্য দিয়া ৷ গতিকে আজিৰ এই লিখনিটো আপোনালোকলৈ প্ৰস্তুত কৰিলো ৷ লিখনিটো বিখ্যাত চিকিৎসা সম্পৰ্কীয় ৱেবচাইট webmd ত প্ৰকাশিত Black Fungus লিখনিৰ অসমীয়া ভাৱানুবাদ ৷ এইকেইদিন এই বিষয়টিৰ ওপৰত অলপ অধ্যয়ন কৰি গম পাইছোঁ যে সাধাৰণ মানুহৰ বাবে এই ভেঁকুৰে একো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে ৷ তাৰোপৰি ই এজনৰ পৰা আনজনলৈ ক'ভিডৰ দৰে বিয়পিবও নোৱাৰে ৷ আহকচোন আজি অসমীয়াতে এই Black Fungus অৰ্থাৎ ক'লা ভেঁকুৰৰ বিষয়ে অলপ পঢ়ি চাওঁ ৷ মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰ মানে কি ?

ক'ভিড ভেকচিন কোনটোৰ কাৰ্যক্ষমতা বেছি: ক'ভাক্সিন, ক'ভিশ্বিল্ড নে নতুনকৈ অহা স্পুটনিক ?

Image
            ক'ভিড ভেকচিনৰ দ্বিতীয়টি টিকাকৰণ অভিযান ইতিমধ্যেই ভাৰতত আৰম্ভ হৈ গৈছে ৷ টিকাকৰণৰ বাবে ভাৰতত "ক'ভাক্সিন" আৰু "ক'ভিশ্বিল্ড" নামৰ ভেকচিন দুটাৰ ব্যৱহাৰ কৰা হৈছে ৷ আহকচোন আজি গম পাবলৈ চেষ্টা কৰো এই দুয়োটা ভেকচিনৰ পাৰ্থক্য কি কি ::             ভাৰতত দ্বিতীয়টি টিকাকৰণ অভিযান পহিলা মাৰ্চৰ পৰা আৰম্ভ হৈছে য'ত ৬০ বছৰ উৰ্ধৰ আৰু লগতে ৪৫ বছৰৰ উৰ্ধৰ লক্ষণযুক্ত ব্যক্তিক এই ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰ্তমান চৰকাৰে জনসাধাৰণক ভেকচিন নিৰ্বাচনৰ ক্ষমতা দিয়া নাই ৷ গতিকে আপোনালোকেও বোধহয় জানিব বিচাৰিছে কোনটো ভেকচিনৰ ৰক্ষন ক্ষমতা বেছি ৷ আহকচোন আজি আমি দুয়োটা ভেকচিনৰে কাৰ্যক্ষমতাৰ ওপৰত এটা সমীক্ষাত্মক আলোচনা কৰি চাওঁ ৷ ভেকচিন প্ৰস্তুতকৰ্তা: Fig.: Covaxin Vaccine              ক'ভাক্সিন নামৰ ভেকচিনটি "ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চ" (ICMR) আৰু "নেশ্বনেল ইঞ্চটিটিউড অৱ ভাইৰ'লজি" (NIV)ৰ সহযোগত হায়দৰাবাদস্থিত "ভাৰত বায়'টেক ইন্টাৰনেশ্বনেল লিমিটেড" নামৰ প্ৰতিষ্ঠানটিয়ে প্ৰস্তুত কৰি উলিয়াইছে ৷ Fig.: Covishield Vaccine