আপোনাৰ ঘৰতে থকা এইকেইবিধ সামগ্ৰীৰ ব্যৱহাৰে শৰীৰটোক শক্তিশালী কৰিব পাৰে

        পৃথিৱীৰ অসুখ এতিয়া ৷ এই অসুখত প্ৰতিদিনে হেৰুৱাই আছো বহু আপোনজনক ..বহু চিনি নোপোৱাজনক ৷ ২০১৯ বৰ্ষৰ শেষৰফালে চীন দেশৰ য়ুহান প্ৰদেশত আৱিষ্কাৰ হোৱা ক'ভিড ১৯ নামৰ এই ভাইৰাচটোৱে সমগ্ৰ বিশ্বৰ লোককে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে ৷ প্ৰতিদিনে লাখ লাখ মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে ৷ 
এতিয়া এই ভাইৰাচৰ লগত মোকাবিলা কৰিবলৈ ভেকচিনৰ আৱিষ্কাৰ হৈছে যদিও সঘনাই উৎপৰিৱৰ্তন (mutation) হৈ থকা কৰ'না ভাইৰাচৰ বিপক্ষে এই ভেকচিন কিমান ফলপ্ৰসু হ'ব সেয়া এতিয়াও প্ৰশ্নৰ উৰ্ধত ! চিকিৎসাবিজ্ঞানীসকলে পৰামৰ্শ দিছে যে যদি এই ভাইৰাচৰ পৰা বাচিবলৈ হয়, তেতিয়াহ'লে সামাজিক দূৰত্ব মানি ঘৰতে থাকিব লাগিব, বাহিৰলৈ ওলালে মাক্স পিন্ধিব লাগিব আৰু সঘনাই হাত ধুই থাকিব লাগিব ৷
        ইতিমধ্যে চাগৈ আপুনিও গম পাইছে যে এটা শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাইহে কোভিড-১৯ ক মোকাবিলা কৰাৰ বাবে সঠিক সমাধান হ'ব ৷ এতিয়া চাগৈ আপুনিও বহুতৰ দৰে ভাৱি আছে যে এই ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি...নহয়নে? আপুনি শুনি আচৰিত হ'ব যে প্ৰাচীনকালৰে পৰা ভাৰতত চলি অহা আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত বিভিন্ন উৎসৰ সঠিক ব্যৱহাৰ আপোনাৰ এই প্ৰশ্নৰ এটা উত্তৰ হ'ব পাৰে ৷ 

ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু আয়ুৰ্বেদ 
        আয়ুৰ্বেদ; ভাৰতবৰ্ষত প্ৰচলিত এই প্ৰাচীন চিকিৎসা বিজ্ঞানে বহু আগতেই কৈছিল যে বিভিন্ন ঔষধিযুক্ত উদ্ভিদৰ সেৱনে আমাৰ শৰীৰটোক শক্তিশালী কৰি ৰাখিব পাৰে । আয়ুৰ্বেদ শাস্ত্ৰৰ মতে আমাৰ শৰীৰটো হৈছে ধাতুৰ সাতটা স্তৰৰ (ৰস, মমচা, ৰক্ত, মেদা, মজ্জা, অস্থি আৰু শুক্ৰ) সমষ্টি আৰু এই স্তৰকেইটা শক্তিশালী হৈ থাকিলেহে আমাৰ শৰীৰটোৱে সংক্ৰমণ সহ্য কৰিব পাৰে।
এতিয়া প্ৰশ্ন হ'ল এই স্তৰবোৰ স্বাস্থ্যৱান হৈ থাকিবলৈ কিহৰ প্ৰয়োজন?
        :অজাচ্ (Ojas), আপোনাৰ শৰীৰৰ কোষকলাৰ এক সূক্ষ্ম আৰু অদৃশ্য ভাগ যি আপোনাক স্বাস্থ্যৱান কৰি ৰাখে। আয়ুৰ্বেদে কৈছে যে কিছুমান উদ্ভিদ আৰু উদ্ভিদৰ সামগ্ৰীয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰিবলৈ যি অজাচ্ ৰ দৰকাৰ সেয়া নিৰ্মাণ কৰিব পাৰে।
আহকচোন চাওঁ আপুনি ঘৰতে অতি সহজে পোৱা কি কি সামগ্ৰীৰ ব্যৱহাৰ কৰি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিব পাৰে ৷


চজিনা
        আপোনাৰ স্বাস্থ্য সম্বন্ধীয় বহু সমস্যা দূৰ কৰাৰ ক্ষমতা ৰখা এবিধ পাচলি হৈছে চজিনা ৷ আমাৰ অসমীয়া সমাজত পাচলি হিচাপে চজিনাৰ প্ৰচলন বহু যুগৰ আগৰে পৰা চলি আহিছে ৷ সৰিয়হৰ সৈতে বনোৱা চজিনাৰ তৰকাৰিখন আমাৰ বহুতৰে প্ৰিয় ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা গঢ়ি তোলাত চজিনাৰ অৱদান অপৰিসীম ৷ এতিয়া চাগৈ আপুনি ভাৱিছে চজিনাত এনে কিনো আছে যাৰ বাবে চজিনাক ইমান ৰোগ প্ৰতিৰোধী শক্তিবৰ্ধক হিচাপে গন্য কৰা হয় ৷ কথাটো হ'ল চজিনা হৈছে এনে এবিধ পাচলি য'ত কমলা টেঙাতকৈয়ো বেছি ভিটামিন "C" পোৱা যায় আৰু এই ভিটামিনবিধেই হৈছে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলা এটা মূখ্য উপাদান ৷

চজিনা
অকল এয়াই নহয় চজিনাত এনে কিছুমান পুষ্টিকৰ খাদ্যপ্ৰাণ যেনে পটাচিয়াম, আইৰণ, কেলচিয়াম আৰু এমিন' এচিড আছে যি আপোনাৰ শৰীৰৰ কোষ, পেশী আদিবোৰক শক্তিশালী কৰাৰ লগতে ঘাঁ আদি শুকোৱাতো সহায় কৰে ৷
চজিনা কিডনি আৰু লিভাৰৰ অসুবিধা থকা ৰোগীয়ে নোখোৱাতোৱেই ভাল ৷ ই কেতিয়াবা শৰীৰত পাৰ্শ্বঃক্ৰিয়া কৰিবও পাৰে ৷

নিম পাত
        বিজ্ঞানৰ আবিৰ্ভাৱ হোৱাৰ আগৰে পৰা আমাৰ প্ৰাচীন গ্ৰন্থসমূহত ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বাবে নিমপাতৰ অপাৰ ব্যৱহাৰৰ কথা উল্লেখ আছে ৷ শৰীৰত হোৱা ঘাঁ, খৰ - খজুৱতি আদি নিৰ্মূল কৰিবলৈ নিমৰ ব্যৱহাৰ খুবেই কৰা হয় ৷ এখিলা নিমপাততে হাজাৰটা গুণ থাকে ৷ নিমপাতৰ এন্টি- ভাইৰেল, এন্টি -বেক্টেৰিয়েল বা এন্টি- ফাংগেল গুণবোৰে শৰীৰটোক অপকাৰী পদাৰ্থবোৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰাৰ ক্ষমতা ৰাখে ৷ 


নিমপাত
           তেজ পৰিষ্কাৰ কৰিবলৈয়ো নিমপাতৰ ব্যৱহাৰ কৰা হয় ৷ আপোনাৰ শৰীৰত যদি কোনো চৰ্ম উপসৰ্গই দেখা দিছে তেন্তে অলপ মহানিম বইল কৰি কপাহৰ সহায়ত উক্ত স্থানত লগাই দিয়ক ৷ তাৰ পিছত চাওক মহানিমৰ যাদু ৷ পেলু হ'লেও বহুতে মহানিম ভাজি খাবলৈ দিয়ে ৷ মূলত: অসমত দুবিধ নিমেই পোৱা যায়: মহানিম আৰু ঘোঁৰা নিম ৷ ঘোঁৰা নিম খোৱা নাযায় ৷

তুলসী
        ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসাশাস্ত্ৰত এটি অতি উল্লেখযোগ্য ভূমিকা লোৱা গছজোপাই হৈছে তুলসী ৷ অসমীয়াৰ কাতিবিহুত তুলসীৰ ভেঁটি বনাই চাকি জ্বলাই গোৱা হয় 
"তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰাম চন্দ্ৰই হৰধনু ধৰে ৷৷"
তুলসী
        এই সুগন্ধিযুক্ত সৰু গছজোপাই ক'ভিডৰ দৰে বেমাৰৰ বিজাণুৰ বিপক্ষে হোৱা যুদ্ধত প্ৰাথমিক ভূমিকা গ্ৰহন কৰে ৷ তুলসী হৈছে এজোপা বীজাণুনাশক (germicide) ৷ ইয়াৰ পাতত থকা ৰাসায়নিক পদাৰ্থ তথা এন্টি অক্সিডেন্ট বিধিৰ বাবে ই সহজতে দেহত প্ৰৱেশ কৰা বীজাণু, ভাইৰাছ আৰু বেক্টেৰিয়াক চিনাক্ত কৰি সহজতে ধ্বংস কৰি দিব পাৰে ৷ 
কেতিয়াবা দুটামান তুলসীৰ পাত চোবাই থাকিবচোন ৷ চাব আপোনাৰ মুখৰ দূৰ্গন্ধও নাইকিয়া হৈ গৈছে !

ত্ৰিফলা
        আগতে গাঁৱৰ ঘৰবোৰত ত্ৰিফলা অতি সহজতে পোৱা গৈছিল ৷ পেটৰ অসুখ, পেট কামুৰিলে ত্ৰিফলা পানীত মিহলাই খোৱাই দিয়া হৈছিল ৷ ত্ৰিফলা হৈছে তিনিবিধ মুখৰোচক ফল আমলখি, শিলিখা আৰু ভোঁমোৰা গছৰ গুটিৰ শুকান গুৰিৰ এটা মিশ্ৰণ ৷ ত্ৰিফলা সেয়েহে ভিটামিন চি আৰু ভিটামিন এ ৰ এক অপূৰ্ব সম্ভাৰ ৷ এই দুয়োটা ভিটামিনেই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ বাবে অতি দৰকাৰী ৷ 
ত্ৰিফলা 
ৰাতিপুৱা খালী পেটত আগদিনাই মিলাই থোৱা এগিলাচ ত্ৰিফলাৰ চৰ্বত খালে বদহজম আৰু কৌষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি ৷ 
আদা
        আদা খাই বেয়া পোৱা অসমীয়া নোলাব চাগৈ ! চালাদ, মাংস, প্ৰসাদত দিয়াৰ ওপৰিও আদা দিয়া গৰম ৰঙা চাহ কাপ কাৰ প্ৰিয় নহয় বাৰু কওকচোন? জ্বৰ, পানী লগা আদি হ'লে আদাৰ ব্যৱহাৰ কৰা আমি সৰুৰে পৰা দেখি আহিছো ৷ আদা খাই থাকিলে ই আমাক ক'ভিড ১৯ ৰ পৰাও বহুখিনি বচাই ৰাখিব ৷ আদাত জিনজেৰ'ল নামৰ এবিধ এন্টি অক্সিডেন্ট থাকে যি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক সক্ৰিয় কৰি তোলে ৷ 

আদা
        আদাই বিশেষকৈ শ্বাসনলীত হোৱা বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে ৷ গতিকে আঞ্জাখনতেই হওঁক বা কেঁচাকৈয়ে হওঁক এই কঠিন দিনকেইটাত আদা অকমান মুখত লৈ থাকিবলৈ নাপাহৰিব ৷

নহৰু
        বহুতে নহৰুক মৰতৰ অমৃত বুলি সংজ্ঞা দিয়ে ৷ আমাৰ অসমীয়া বিহুগীতত গায়,
"এটা বাতিত নহৰু, এটা বাতিত পনৰু
এটা বাতিত খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক ৷ "
নহৰু
        নহৰু, পনৰু আৰু খুতৰা শাকৰ ঔষধি গুণ আপুনি চাগৈ অনুমান কৰিব পাৰিছে ৷ আৰু সঁচাকৈ ক'বলৈ গ'লে নহৰুৰ ব্যৱহাৰো আমি সৰুৰে পৰা দেখি আহিছোঁ ৷ মাংসৰ জোলকণত নহৰুৰ পৰিমাণটো ঠিক নহ'লে খাবলৈয়ে বেয়া লাগে ৷ গৱেষণাত প্ৰকাশ পাইছে যে আদাৰ দৰে নহৰুৱেও আমাৰ শৰীৰটোক ক'ৰ'না ভাইৰাচকে আদি কৰি বহুকেইটা ভাইৰাছৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷ নহৰুত "এলিচিন" নামৰ এবিধ যৌগ থাকে যি বীজাণুনাশক হিচাপে কাম কৰে ৷ কিন্তু বেছিকৈ ভাজি দিলে এই যৌগবিধে কাম নকৰা হৈ পৰে ৷ গতিকে সম্পূৰ্ণ সুফল পাবলৈ নহৰু কেঁচাকৈ অথবা আধা সিঁজাকৈ খাবলৈ যত্ন কৰিব ৷
হালধি
        পেটৰ অসুবিধাৰ পৰা আদি কৰি চালৰ সৌন্দৰ্য্যবৰ্ধনলৈ সকলোতে ব্যৱহাৰ হোৱা সামগ্ৰীবিধ হৈছে হালধি ৷ এতিয়াও বহুলোকে ৰাতিপুৱা খালী পেটত অকল হালধিৰ ৰস আৰু কেতিয়াবা গাখীৰৰ লগত মিলাই সেৱন কৰে ৷ হালধিত কুৰকুমিন নামৰ এবিধ উদ্ভিদত পোৱা ৰাসায়নিক পদাৰ্থ থাকে যি শৰীৰৰ পৰা অধিবিষ সমূহ আঁতৰাই বীজাণু আৰু বেক্টেৰিয়াৰ পৰা নিৰোগী কৰি তোলে ৷ 
হালধি
        হালধি চৰ্মৰোগ নিৰাময় কৰাৰ শক্তি থকা এবিধ উদ্ভিদ ৷ মুখত উঠা শালমন বা বেলেগ সৰু সৰু গুটিত যদি হালধি আৰু চন্দন একে লগতে পিহি লগোৱা যায় তেতিয়া খুব কম দিনতে সুফল পাব পাৰি ৷

ক'লা জিৰা/ কাল জিৰা 

        ক'লা জিৰা/ কাল জিৰাই আপোনাৰ শৰীৰক বহুত ভাইৰাছ আৰু বেক্টেৰিয়াৰ আক্ৰমনৰ পৰা ৰক্ষা কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বঢ়াই তোলে ৷ কাল জিৰা আৰু ইয়াৰ তেল দুয়োটাই শৰীৰৰ মুক্ত মূলকবোৰক ধ্বংস কৰি ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰি ৰাখে ৷ 
ক'লা জিৰা/ কাল জিৰা

জালুক
        জালুক আমাৰ অসমীয়া খাদ্যসম্ভাৰৰ এক এৰিব নোৱাৰা অংগ ৷ মাংসৰ জালুকীয়া, কঁচুৰ জালুকীয়া, অমিতাত জালুক দি বনোৱা আঞ্জাখন আমাৰ সকলোৰে প্ৰিয় ৷ জালুক হৈছে আমাৰ হাততে থকা এনে এবিধ উপাদান যাৰ এন্টি অক্সিডেন্ট, এন্টি মাইক্ৰ'বিয়েল তথা পেটক সুৰক্ষা দিব পৰা গুণৰ বাবে আমাৰ সকলোৰে প্ৰিয় ৷ জালুকত থকা "পিপাৰিণ" নামৰ মৌলিক উপাদানবিধে শৰীৰৰ পৰা মুক্ত মূলকবোৰ আঁতৰাই টিউমাৰৰ বৃদ্ধিত বাধা দি শৰীৰক নিৰোগী কৰাত এক মূখ্য ভূমিকা পালন কৰে ৷ পিপাৰিণে মানুহৰ মগজুৰ কোষবোৰৰ ওপৰত কাম কৰি বোধশক্তি বঢ়াই তোলেও বুলি কিছুমান গৱেষণাত প্ৰকাশ পাইছে ৷ 
জালুক 

চাহ
        আপোনালোক সকলোৱে জানে আমাৰ অসম চাহৰ বাবে পৃথিৱী বিখ্যাত ৷ বিশ্বৰ বজাৰত অসম চাহ (Assam tea) ৰ দাম খুবেই বেছি ৷ অসমীয়া কৃষ্টি সংস্কৃতিতো চাহৰ নিতেই বৰ্ণনা হয় ৷ ঘৰলৈ আলহী আহিলে তেখেতক এপিয়লা চাহেৰেই আদৰণি জনোৱা হয় ৷ একাপ ৰঙা চাহত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট আৰু ভিটামিন পোৱা যায় যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিমিশতে বঢ়াই তোলে ৷ এন্টি অক্সিডেন্টে শৰীৰৰ মুক্ত মূলক (Free Radical) বোৰক ধ্বংস কৰি আভ্যন্তৰীণ ৰোগ বিয়পি যোৱাত বাধা দিয়ে ৷ চাহে কেঞ্চাৰ, ডায়েবেটিচ আদিৰ দৰে কিছুমান পুৰণি বেমাৰৰ বিপদৰ পৰাও ৰক্ষা কৰে বুলি বিভিন্ন গৱেষণাত গম পোৱা গৈছে ৷  
চাহ

        সঁচাকৈ ক'বলৈ গ'লে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদানসমূহ আমাৰ চাৰিওফালেই আছে ৷ এই উপাদানসমূহৰ সেৱনে আমাৰ শৰীৰটোক বহু বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা বচাই ৰাখিব পৰাৰ ক্ষমতা ৰাখে ৷ গতিকে আপোনালোকেও আপোনালোকৰ খাদ্যত এই উপাদানবোৰৰ ব্যৱহাৰৰ মান বেছি কৰক আৰু নিজকে বহু বেমাৰৰ পৰা নিৰোগী কৰি ৰাখক ৷

Comments

  1. Gitartha, please also post it in english and hindi it will help more people.

    ReplyDelete
    Replies
    1. Thank you so much Sir. I will try my best to translate my write-ups into English. Thanks for your suggestion. Keep reading, keep supporting.

      Delete
  2. Worth reading ❤️..Very helpful information

    ReplyDelete
    Replies
    1. Thank you so much Sir for your kind feedback on my writeup.. keep reading, keep supporting.

      Delete
  3. Helpful information with home ingredients.❤️❤️

    ReplyDelete
  4. সুন্দৰ গিতাৰ্থ, কীপ ইট আপ😊

    ReplyDelete
    Replies
    1. ধন্যবাদ জিয়াৰুল দা । পঢ়ি থাকক, সুৰক্ষিত থাকক...

      Delete
  5. Replies
    1. Thank you so much Surashmi for your kind feedback on my writeup.. means a lot !

      Delete
  6. Incredibly nice writeup.. Will enrich the domain of knowledge for common masses in this covid driven period.

    ReplyDelete
    Replies
    1. Thank you so much Sir for your encouraging feedback.. keep reading, keep supporting.

      Delete
  7. Replies
    1. ধন্যবাদ জিয়াৰুল দা। পঢ়ি থাকক, সুৰক্ষিত থাকক. :)

      Delete
  8. Replies
    1. Thank you so much Ramu bhai for your feedback.. means a lot !

      Delete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries