Posts

Showing posts with the label Singapore

বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি:: তৃতীয় খণ্ড

Image
আগৰ পৰা ( https://gitarthakaushik.blogspot.com/2020/05/blog-post_26.html ) ডিলাক্স চ্যুটলৈ আপগ্ৰেডেশ্বন আৰু এতিয়া আগ্নেয়গিৰিৰ (মই অহাৰ পিছতে ইণ্ডোনেচীয়াত আগ্নেয়গিৰি উদগীৰণ হোৱাৰ বাবে তিনিদিনৰ কাৰণে সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল) পৰা বাচি আহি ছিংগাপুৰ পোৱাতোও জানো কম ভাগ্য নহয় ? যি নহওঁক ছিংগাপুৰত অৱতৰণ কৰি বিমান বন্দৰৰ পৰাই মেট্ৰ ট্ৰেনেৰে মোৰ ভাইটি / বন্ধু ধীৰাজৰ জুৰং ইষ্টত থকা ৰূমলৈ বুলি আহিলো ৷ ধীৰাজ আমাৰ অসমৰ নগৰবেৰাৰ ল'ৰা ৷ তাৰ ৰূম পাই মুখ হাত ধুই, তাৰ লগৰে এজন দক্ষিন ভাৰতীয় বন্ধুৰ সৈতে আমি তিনিও ওলাই গ'লো ৷ ছিংগাপুৰখন ক'বলৈ ভাষা নোহোৱাকৈ ধুনীয়া ৷ ইমান পৰিপাতি যে নেদেখিলে কাৰো বিশ্বাসেই নহ'ব ৷ ৰাস্তাবোৰ মূলত: তিনি ভাগত বিভক্ত ৷ বাওঁফালৰ ভাগেৰে বাছ যায়, মাজেৰে সাধাৰণ গাড়ী/বাইক আৰু সোঁফালে দ্ৰুত গতিৰ গাড়ী যায় ৷ কোনো গাড়ীয়ে অনাহকত হৰ্ণ নবজায় ৷ কোনো গাড়ী ইখনে সিখনক অতিক্ৰম কৰি ট্ৰেফিক ভাঙি আগুৱাই নাযায় ৷ ৰাস্তাৰ পদপথত কিছুমান চুইট্যচ আছে ৷ ৰাস্তা পাৰ হ'বলৈ মানুহ নাথাকিলে গাড়ী নৰখে ৷ ব্যস্ত ট্ৰেফিকবোৰৰ বাহিৰে বাকীবোৰ ৰাস্তাত আমাৰ ভাৰতৰ ট্ৰেফিকৰ দৰে ১ মিনিট

বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি:: প্ৰথম খণ্ড

Image
ভ্রমন .... এক আকৰ্ষণ, য’ত সদাব্যস্ত জীৱনৰ পৰা কিছুদিনৰ বিৰতি লৈ, নিজৰ কাৰণে   অলপ সময় উলিয়াই, সেই সময়খিনিৰ সদ্ ব্যৱহাৰ কৰি মানসিক তৃপ্তি লাভ কৰিব পাৰি ৷ ভ্রমনে মানুহৰ মনলৈ সজীৱতা আনে, জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰে ৷ সেয়েহে চীন দেশৰ  বিখ্যাত ধৰ্মগুৰু তথা পৰিব্রাজক হিউ-ৱেন-চাঙে কৈ গৈছে  “ I would rather die going to the west than live in staying in the east .” ভ্রমন যেনেকৈয়ে নহওঁক, লাগিলে সেয়া পৰিয়ালৰ লগতে হওঁক বা আধিকাৰিক কাৰণতেই হওঁক; ই সদাই এক শিহৰণ l এখন নতুন ঠাইৰ পৰিৱেশ, তাৰ মানুহৰ আচাৰ ব্যৱহাৰ আৰু লগতে তাৰ খাদ্য সম্ভাৰৰ ভিন্নতাই মানুহৰ মনত সদায়ে কিছুমান নতুন অভিজ্ঞতাৰ সৃষ্টি কৰে l মোৰো দুখন দেশ ভ্রমন কৰাৰ সৌভাগ্য হৈছিল l কোৱা হয় যে অভিজ্ঞতাই বহুত কথা শিকায় l দুয়োখন দেশ ভ্রমি হোৱা অভিজ্ঞতাবোৰ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰাৰ মানসেৰে এই লেখাটি যুগুত কৰিলো l ভাৰত চৰকাৰে দেশৰ গৱেষক সকলক উৎসাহিত কৰিবলৈ, দেশৰ বাহিৰত নিজৰ গৱেষণাপত্র পাঠ কৰিবৰ বাবে যাবলৈ কিছুমান জলপানিৰ ব্যৱস্থা কৰিছে । সেইসময়ত  মই এজন পি.এইচ.ডি. গৱেষক ছাত্র আছিলো আৰু সেই সূত্রে ২০১৫ চনৰ আগস্ট মাহত মোৰ ই-মেইলত পঞ্জীভুক্ত কৰি