বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি:: প্ৰথম খণ্ড

ভ্রমন ....

এক আকৰ্ষণ, য’ত সদাব্যস্ত জীৱনৰ পৰা কিছুদিনৰ বিৰতি লৈ, নিজৰ কাৰণে  অলপ সময় উলিয়াই, সেই সময়খিনিৰ সদ্ ব্যৱহাৰ কৰি মানসিক তৃপ্তি লাভ কৰিব পাৰি ৷ ভ্রমনে মানুহৰ মনলৈ সজীৱতা আনে, জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰে ৷ সেয়েহে চীন দেশৰ  বিখ্যাত ধৰ্মগুৰু তথা পৰিব্রাজক হিউ-ৱেন-চাঙে কৈ গৈছে  “ I would rather die going to the west than live in staying in the east.”

ভ্রমন যেনেকৈয়ে নহওঁক, লাগিলে সেয়া পৰিয়ালৰ লগতে হওঁক বা আধিকাৰিক কাৰণতেই হওঁক; ই সদাই এক শিহৰণ l এখন নতুন ঠাইৰ পৰিৱেশ, তাৰ মানুহৰ আচাৰ ব্যৱহাৰ আৰু লগতে তাৰ খাদ্য সম্ভাৰৰ ভিন্নতাই মানুহৰ মনত সদায়ে কিছুমান নতুন অভিজ্ঞতাৰ সৃষ্টি কৰে l মোৰো দুখন দেশ ভ্রমন কৰাৰ সৌভাগ্য হৈছিল l কোৱা হয় যে অভিজ্ঞতাই বহুত কথা শিকায় l দুয়োখন দেশ ভ্রমি হোৱা অভিজ্ঞতাবোৰ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰাৰ মানসেৰে এই লেখাটি যুগুত কৰিলো l

ভাৰত চৰকাৰে দেশৰ গৱেষক সকলক উৎসাহিত কৰিবলৈ, দেশৰ বাহিৰত নিজৰ গৱেষণাপত্র পাঠ কৰিবৰ বাবে যাবলৈ কিছুমান জলপানিৰ ব্যৱস্থা কৰিছে । সেইসময়ত মই এজন পি.এইচ.ডি. গৱেষক ছাত্র আছিলো আৰু সেই সূত্রে ২০১৫ চনৰ আগস্ট মাহত মোৰ ই-মেইলত পঞ্জীভুক্ত কৰি থোৱা সন্মিলন সক্রিয়তাৰ (Conference alert) এখন সন্মিলনে মোৰ দৃষ্টি আকর্ষণ কৰিলে । মোৰ গৱেষণাৰ তত্বাবধায়িকা ড° সাবিত্ৰী চৌধুৰী বৰদলৈ বাইদেউৰ উৎসাহত অক্টোবৰৰ ২৯ ৰ পৰা ৩১ তাৰিখলৈ ইণ্ডোনেচিয়াৰ জাকাৰ্টাত অনুস্থিত হ’বলগিয়া পঞ্চম ইন্টাৰনেশনেল কনফাৰেন্স অৱ একুৱাকালচাৰ, ইণ্ডোনেচীয়া ২০১৫ (ICAI-2015) লৈ মোৰ গৱেষণাপত্ৰৰ সাৰাংশ প্ৰেৰণ কৰিলো । প্ৰেৰণ কৰাৰ ঠিক ১৫ দিনৰ পিছতে তেওঁলোকৰ পৰা উত্তৰো পালো যে মোৰ গৱেষণা পত্ৰক লৈ তেওঁলোক আগ্রহী আৰু মোৰ পত্ৰখন মৌখিক পৰিৱেশনৰ (Oral Presentation) কাৰণে নিৰ্বাচন কৰিছে । এতিয়া আহিল খৰচৰ কথা য’ত সোমাই আছিল মোৰ সন্মিলনৰ পঞ্জীয়ন, ভিচাৰ খৰচ, বিমানৰ টিকট আৰু থকাৰ ব্যৱস্থা l অলপ চিন্তিত হ’লো l তথাপিও অলপ আশাৰ ৰেঙনি দেখা পালো মই গৱেষণা কৰি থকা বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ উচ্চ অধ্যয়ন প্রতিস্থান (IASST)ৰ পৰা l কৰ্তৃপক্ষই ক’লে যে দেশৰ বাহিৰত পাঠ কৰিবলৈ নিৰ্বাচিত হোৱা গৱেষকক অনুষ্ঠানৰ তৰফৰ পৰা ২৫,০০০ টকা জলপানি আগবঢ়োৱা হ’ব l কিন্তু সেয়া যথেষ্ট নাছিল l তেনে সময়তে মোৰ  গৱেষণাৰ তত্বাবধায়িকা বৰদলৈ বাইদেৱে ক’লে যে  ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা (Dept. of Science and Technology, DST) আৰু জৈৱ প্রযুক্তি বিভাগৰ (Dept. of Biotechnology) ভ্রমন অনুদানৰ বাবে মই আবেদন নকৰো কিয় ? ময়ো বাইদেউৰ পৰামৰ্শ অনুসৰি দুয়োটা অনুষ্ঠানলৈ মোৰ আৱেদন পত্র প্রেৰণ কৰিলো l আৱেদন পত্ৰ প্রেৰণ কৰাৰ প্রায় দেৰ মাহৰ ভিতৰতে মোলৈ তেওঁলোকৰ পৰা সঁহাৰি আহিল l প্রথমে সঁহাৰি আহিল বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ পৰা l তেওঁলোকে জনালে যে মোৰ গৱেষণাক লৈ তেওঁলোক আগ্রহী আৰু মোৰ ভ্রমনত হ’বলগীয়া সমস্ত খৰচ তেওঁলোকে বহন কৰিবলৈ তেওঁলোক সাজু l তাৰ ঠিক এসপ্তাহৰ পিছতে অন্য এটি যোগাত্মক সঁহাৰি পালো জৈৱ প্রযুক্তি বিভাগৰ পৰা l শেষত মই থিৰ কৰিলো যে যিহেতু বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগে তেওঁলোকৰ জলপানিত সন্মিলন এখনত হ’ব লগীয়া সমস্ত খৰচ বহন কৰে গতিকে এইবাৰ মই তেওঁলোকৰ জলপানিকেই গ্রহন কৰিম l

লক্ষী পূজাৰ পিছদিনা, মানে ২৬ অক্টোবৰৰ দিনা মই গুৱাহাটীৰ পৰা দিল্লীলৈ উৰিবলৈ সাজু হ’লো l গধূলি ৫:৪৫ত এয়াৰ ইণ্ডিয়াৰ বিমানত বহি ঘৰৰ সকলোকে বিদায় জনাই দিল্লীলৈ উৰিবলৈ সাজু হ’লো l বিমানৰ ভিতৰত সুন্দৰী বিমান পৰিচাৰিকাৰ মৃদু কন্ঠ ভাঁহি আহিল

“…. Ladies and Gentleman, we are ready to fly. Please fasten your seat belts and keep your window sheets open. Have a nice flight .. Thank you ……..”

প্রায় আঢ়ৈ ঘন্টাৰ পিছত বিমান গৈ দিল্লীৰ ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰিলেগৈ l বিমান বন্দৰৰ বাহিৰত ৰৈ থকা মোৰ দাদা আৰু বৌৰ লগত গাড়ীত উঠি তাঁহাতৰ ফৰিদাবাদৰ গৃহ অভিমুখে ৰাওনা হ’লো l

পিছদিনা মানে ২৭ অক্টোবৰ নিশা ১১:২০ত ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমানত মোৰ ছিংগাপুৰলৈ টিকট আছে l গতিকে আবেলি প্রায় ৪:৪৫ত মই দাদাৰ লগত ফৰিদাবাদৰ পৰা বিমান বন্দৰ অভিমুখে ৰাওনা হ’লো l কিন্তু বিধিৰ বিপাক ! সেইদিনা দিল্লীত অত্যাধিক ট্রেফিক যানযত l মই আগতেই অনলাইন বৰ্ডিং পাছ উলিয়াই থোৱাও নাছিলোঁ l তাৰোপৰি অনলাইন টিকটটোত লিখা আছিল যে বিমান উৰাৰ তিনি ঘন্টাৰ আগতেই যাত্ৰীয়ে বৰ্ডিং পাছ ল’ব লাগিব l সময় তেতিয়া ৯:২০ আৰু মোৰ কমেও দহ কি.মি. যাবলৈ আছে l হাততে পোৱা সুবৰ্ণ সুযোগ হেৰুৱাৰ ভয়ত দাদা আৰু মই দুয়োটাই কান্দিছো l গুৱাহাটীত মায়ে গোঁসাই ঘৰত চাকি দিছে l দেউতাই ভক্তি পুথি পঢ়িছে l মই কান্দি কান্দিয়ে এয়াৰ ইণ্ডিয়াৰ হেল্পলাইন নম্বৰত ফোন কৰি সবিশেষ জনালোঁ l প্রায় ৯:৪৫ বজাত দাদাই ভিতৰৰ ৰাস্তা এটাৰে আনি গাড়ী বিমানবন্দৰ পোৱালেহি l বাহিৰত এজন এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী মোৰ বাবে ৰৈ আছিল l মই দাদাক বিদাই জনাই সেই ব্যক্তিজনৰ লগত বিমানবন্দৰৰ ভিতৰলৈ সোমাই গ’লো l তেওঁ মোক বৰ্ডিং পাছ লোৱাতো সহায় কৰি দিলে আৰু পাছপৰ্ট পুনৰীক্ষন কৰিবলৈ শাৰী পাতিব ক’লে l মই শাৰী পাতি পাছপৰ্ট পুনৰীক্ষন কৰি বিমানখনৰ অভিমুখে ৰাওনা হ’লো l এয়াৰ ইণ্ডিয়াৰ বৃহৎ বিমানখন য’ত প্ৰায় ৩০০ মান যাত্ৰীৰ বহন ক্ষমতা আছে লাহে লাহে উৰিবলৈ ধৰিলে । বোধহয় যানযতৰ বাবে মোৰ কাষৰ আসন দুখনৰ যাত্রী আহিয়ে নাপালে । বিমানখন প্ৰায় ২০ মিনিটৰ আগতেই গন্তব্যস্থল ছিংগাপুৰলৈ বুলি উৰা মাৰিলে । বিমানৰ পৰিচাৰিকাই আহি সকলোকে এবটলকৈ পানী দি গ’ল । অপ্ৰিয় যদিও সত্য যে বিমানৰ পৰিচাৰিকাৰ ব্যৱহাৰ আমাৰ অলপ ৰুক্ষ  যেন অনুভৱ হ’ল ।

বংগোপ সাগৰৰ ওপৰেদি উৰি গৈ ৰাতিপুৱা ছিংগাপুৰৰ ৫:১৫ (ভাৰতৰ সময়মতে প্ৰায় ৩:১৫) বজাত আমাৰ বিমানখন চাংগী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিলেগৈ । বিমান বন্দৰৰ বাহিৰলৈ ওলাই আহিলো । দাদাই মোক দুখন দেশৰ কাৰণে দুখন মেট্ৰ’ ম’বাইল চিম কাৰ্ড উলিয়াই দিছিল । সেই চিমৰ পৰা সকলোকে ছিংগাপুৰ পোৱাৰ খবৰ জনালোঁ । বিমান বন্দৰৰ ভিতৰতে এটা মুদ্ৰা বিনিময় কেন্দ্ৰত মোৰ লগত থকা ভাৰতীয় মুদ্ৰাক ছিংগাপুৰ ডলাৰ আৰু ইণ্ডোনেচিয়াৰ ৰুপিয়ালৈ পৰিৱৰ্তন কৰি ল’লো । তাৰ পিছতে ছিংগাপুৰতে থকা ফেচবুকৰ চিনাকি ভাতৃসম বন্ধু, নৱপ্ৰজন্মৰ এজন খুব ভাল কবি ধীৰাজ কলিতাক ফোন কৰিলো । বৃত্তিত এজন অভিযন্তা ধীৰাজ ছিংগাপুৰতে থাকি এটা কোম্পানীত কৰ্মৰত । মোৰ ছিংগাপুৰৰ পৰা জাকাৰ্টালৈ বিমান আছিল দিনৰ প্ৰায় ১টা বজাত ।গতিকে মাজৰ সময়খিনি অতিবাহিত কৰিবলৈ ধীৰাজ প্ৰায় ৪৫ মিনিটৰ পিছতে বিমান বন্দৰ আহি ওলালহি । আমি দুয়োটাই বিমান বন্দৰতে থকা এখন মেকডনাল্ডত ৰাতিপুৱাৰ আহাৰ গ্ৰহন কৰিলো । যিহেতু ঘুৰি আহোতে মোৰ তিনিদিন ছিংগাপুৰত থকাৰ পৰিকল্পনা, গতিকে ধীৰাজে যোৱাৰ সময়ত মোক এখন মেট্ৰ ট্ৰেনৰ কাৰ্ড আৰু এখন মেট্ৰ ট্ৰেনৰ মেপ দি গ’ল ।  

সেইদিনাই দুপৰীয়া প্ৰায় ১ টা বজাত ছিংগাপুৰ এয়াৰ লাইন্সৰ বিমানত জাকাৰ্টা অভিমুখে উৰণ আৰম্ভ কৰিলো । তাৰ বিমান পৰিচাৰিকাৰ ব্যৱহাৰে আমাক খুব মুগ্ধ কৰিলে আৰু ভাৱিবলৈ বাধ্য কৰালে যে কিয় ছিংগাপুৰ এয়াৰলাইন্স বৰ্তমান বিশ্বৰ এক নম্বৰ বিমান সংস্থা !

প্ৰায় ১:৪৫ ঘন্টাৰ পিছত আমাৰ বিমানখন দ্বীপ ৰাষ্ট্র ইণ্ডোনেছীয়াৰ ৰাজধানী জাকাৰ্টাৰ চুকাৰ্ণ হাট্টা আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিলেহি । চুকাৰ্ণ হাট্টা এটি সৰু বিমানবন্দৰ । বাহিৰলৈ উলাই আহি এখন প্ৰি পেইদ (Pre-Paid) টেক্সি ভাৰা লৈ মোৰ গন্তব্যস্থল মাংগা বাচাৰৰ চুইচ বেল হোটেল পালোহি । মাংগা বাচাৰ মানে হৈছে আমৰ বজাৰ । চুইচ বেল হোটেল তাৰে এখন পঞ্চতাৰকাযুক্ত হোটেল । সকলো বয়বস্তু সামৰি লৈ মই হোটেলৰ অভ্যৰ্থনা কক্ষ পালোহি । অভ্যৰ্থনা কক্ষত দুগৰাকী যুৱতীয়ে হাঁহিমুখেৰে আমাক স্বাগতম জনালেহি । মই তেওঁলোকক মোৰ আগতেই কোঠা পঞ্জীয়ন কৰি থোৱা পত্ৰখন দেখুৱালো । পত্ৰখন লৈয়ে যেন তেওঁলোক দুয়োগৰাকীৰে মুখখন সেঁমেকি গ’ল, মোৰ তেনে অনুভৱ হ’ল । দুয়োগৰাকীয়ে মোলৈ চাই ক’লে যে হোটেলখনৰ নৱীকৰণৰ কাৰণে তেওঁলোকে মোৰ কোঠাটো নাকচ কৰিছে l মোৰ মূৰত সৰগ ভাঙি পৰাৰ দৰে লাগিল । মই প্ৰথমে তেওঁলোকক ক’লো যে এইখন দেশত মই এজন বিদেশী আৰু ইয়াৰ একো ঠাইকে মই চিনি নাপাওঁ । তাৰোপৰি সন্মিলন যিহেতু সেইখন হোটেলতে হ’ব আৰু মোক কোঠা নাকচ কৰাৰ কোনো আগতীয়া জাননীও দিয়া নাই গতিকে মই এতিয়া ক’ত যাম ? তেতিয়া তেওঁলোকে কম্পিউটাৰত চাই মোক জনালে যে এটা দুজনীয়া ৰূমত তেওঁলোকে মোৰ থকাৰ ব্যৱস্থা কৰি দিব পাৰিব য’ত মই এজন অন্য ব্যক্তিৰ লগত ৰূমটো ভগাই থাকিব লাগিব । মোৰো খং উঠি গ’ল । ময়ো ক’লো ইমান দূৰ আহিছোঁ এজন চিনি জানি নোপোৱা মানুহৰ লগত মই কিয় থাকিম ? শেষত তেওঁলোকক জনালোঁ যে যদি মোক এটা এজনীয়া কোঠা নিদিয়ে তেতিয়াহ’লে মই তেওঁলোকৰ বিৰুদ্ধে আদালতৰ ওচৰ চাপিম । শেষত যেনিবা মোৰ খঙে কাম দিলে ! তেওঁলোকে মোক হোটেলৰ যিটো ডিলাক্স চ্যুট তাৰে এটা ৰূমত থকাৰ সু ব্যৱস্থা কৰি দিলে । অৱশেষত যেনিবা সপোনত ভৱাতকৈও ধুনীয়া ৰূম এটাত থাকিব পাৰি ভগৱানক ধন্যবাদ জনালোঁ । মই আছিলো হোটেলৰ ২৬ নং মহলাত আৰু আমাৰ সন্মিলন হৈছিল ৬ আৰু ৪ নং মহলাত । ২৮ তাৰিখে সন্মিলনলৈ অহা সকলোৰে বাবে “গালা ডিনাৰৰ” ব্যৱস্থা কৰা হ’ল । ডিনাৰলৈ যাওঁতে বাচত মোৰ লগত বহি যোৱা ইণ্ডোনেচীয়াৰে কালিমাণ্টানৰ পৰা অহা চুইমা বাইদেউৰ লগত চিনাকি হ’লো যি শেষত গৈ মোৰ নিজৰ বাইদেউৰ দৰে হ’লগৈ ।


ক্ৰমশ....

Comments

  1. Replies
    1. ধন্যবাদ বিজু :) বাকীকেইটা খণ্ডও সময় পালে পঢ়িবি ৷

      Delete
  2. Oti hundor.. All the very best..

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ জনালোঁ ৷

      Delete
  3. Replies
    1. Thank you so much Ramu bhai for going through all the three parts of my Indonesia travel write-up. Keep supporting.

      Delete
  4. Borhiya. Bohut keta english xobdor axomiya bhangoni janibo parisu. Aguae jua.

    ReplyDelete
    Replies
    1. হা হা হা তৃপ্তী ৷ ভাল লাগিছে বুলি গম পাই মোৰো ভাল লাগিল :)

      Delete
  5. পঢ়ি ভাল লাগিল।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ বাইদেউ :) আপোনালোকৰ ব্লগবোৰ পঢ়িয়ে নিজৰো এটা ব্লগ খুলিবলৈ সাহস কৰিছিলো :)

      Delete
  6. Nicely penned down.
    Fantastic read

    ReplyDelete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries