Posts

Showing posts from August, 2021

প্ৰনিংৰ বিষয়ে জানিবলগীয়া কেইটামান খুবেই দৰকাৰী কথা

Image
                 ই তিমধ্যে গম পোৱা গৈছে যে ক'ভিড-১৯ৰ ভাইৰাছে প্ৰধানকৈ হাঁওফাঁওক আক্ৰান্ত কৰে আৰু যাৰ ফলত ৰোগীয়ে ঊশাহ নিশাহত বহুত কষ্ট পায় ৷ তেতিয়া লগে লগে শৰীৰত অক্সিজেনৰ পৰিমাণো কমি আহে ৷ সেয়েহে চিকিৎসকসকলে এনে ৰোগীক তেওঁলোকৰ অক্সিজেন সংপৃক্ততা সঘনাই পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ দিয়ে । যদিহে এনে পৰীক্ষাত ৰোগীৰ সংপৃক্ততা ৯৪%ৰ তললৈ যায়, তেখেতক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে ৷ যিহেতু বৰ্তমান প্ৰায়বিলাক চিকিৎসালয়ত আসনৰ নাটনিয়ে দেখা দিছে গতিকে চিকিৎসকসকলে এনে ৰোগীক শৰীৰত অক্সিজেনৰ সংপৃক্ততা বৃদ্ধি কৰিবলৈ ঘৰতে 'প্ৰনিং' কৰোৱাৰ পৰামৰ্শ দিয়ে যাৰ ফলত কিছুসময়ৰ পিছতে সেই ৰোগীৰ অক্সিজেনৰ স্তৰ আকৌ উন্নীত হয়। আহকচোন এই সংকটৰ সময়ত আমি সকলোৱে প্ৰ'নিং মানে কি সেয়া অলপ শিকি লওঁ ৷ স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ কিদৰে ক্ৰমান্বয়ে প্ৰ'নিং কৰিব লাগে তাৰ কিছুমান নিৰ্দেশনা জাৰি কৰিছে ৷ গৱেষণাৰ মতে প্ৰ'নিঙে উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰি শৰীৰত অক্সিজেনৰ মাত্ৰা উন্নত কৰাত সহায় কৰে আৰু সেয়েহে ই ক'ভিড-১৯ ৰোগীৰ বাবেও ভীষণ উপকাৰী। প্ৰ'নিং বা প্ৰৱণ অৱস্থান মানে কি ?