Posts

Showing posts with the label Shyamal Mitra

ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীতকেইটাতকৈও জনপ্ৰিয়

Image
                      অ'ৰিজিনেল বস্তুৰ প্ৰতি আমাৰ সদায়ে টান থাকে সেয়া লাগিলে যি বস্তুৱেই নহওক !  সাধাৰণতে গানবোৰ প্ৰথমতে জনপ্ৰিয় হয় প্ৰকৃত শিল্পীৰ কন্ঠতেই ৷ আচলতে আমিবোৰেও প্ৰায়ে ৰিমেক/ ৰিমিক্স কৰা গানবোৰ শুনিলে কওঁ প্ৰকৃত গীতটিয়েই ভাল আছিল বা old is gold বুলি ৷ কিন্তু কেতিয়াবা কিছুমান গীত এনেকুৱাকৈ ৰিমেক হয় যি আমাক প্ৰকৃত গীতটিৰ কথা পাহৰাই তোলে ৷ আমি পাহৰি যাওঁ প্ৰকৃত গীতটিৰ শিল্পী কোন আছিল বা কেতিয়া মুক্তি পাইছিল ৷ আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এনেকুৱা ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীত কেইটাতকৈও বহুগুণে জনপ্ৰিয় ৷ আহকচোন ব্লগটি পঢ়াৰ লগতে প্ৰকৃত তথা ৰিমেক গীত কেইটাও শুনো ! ১. ফুল ফুলক ৰ'দৰে ফুল প্ৰকৃত কণ্ঠশিল্পী: বৈকুন্ঠ নাথ গগৈ কথা: দ্বিজেন্দ্ৰ মোহন শৰ্মা সুৰ: বৈকুন্ঠ নাথ গগৈ ৰিমেক কণ্ঠশিল্পী: জুবিন গাৰ্গ এলবাম: মুক্তি মুক্তিৰ বছৰ: ১৯৯৭ চন                    পেচাত এজন পশু চিকিৎসক স্বৰ্গীয় বৈকুন্ঠ নাথ গগৈৰ সৃষ্টি "ফুল ফুলক ৰ'দৰে ফুল" ৷ আকাশবাণী ডিব্ৰুগড়ৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী স্বৰ্গীয় বৈকুন্ঠ নাথ গগৈদেৱৰ কণ্ঠৰ গীতটি খুব কম সংখ্যক মা