Posts

Showing posts with the label Munmi Bora

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Image
               স কলোৱে কৈছিল ছোৱালীজনীৰ কন্ঠত মা সৰস্বতীৰ বসতি আছে ৷ বিস্ময় বালিকা গৰাকীয়ে গাই গৈছিল এটাৰ পিছত এটাকৈ গান ৷ গোটেই অসম তোলপাৰ লাগি গৈছিল ছোৱালীজনীৰ কন্ঠৰ জোৰত ৷ এদিন ছোৱালীজনী হিন্দী বোলছবিৰ গীত পৰিৱেশনৰ আমন্ত্ৰণ লাভ কৰি গুছি গৈছিল মুম্বাইলৈ ৷ হঠাৎ ছোৱালীজনী নোহোৱা হৈ গ'ল !  যেন হেৰাই গ'ল মুম্বাইৰ ভিৰত ! কি হ'ল ছোৱালীজনীৰ ?  ক'ত গ'ল ছোৱালীজনী? আজিকালি বাৰু গান গাইনে?  এতিয়া বাৰু কি কৰি আছে ? তাই বা এতিয়া ক'ত থাকে? এই সকলোবোৰ কথা গোটাই আজিৰ লিখনিটো প্ৰস্তুত কৰিলো ৷                 হ য় মই আজি ক'বলৈ গৈছো মোৰ শৈশৱৰ সোনোৱালী দিনবোৰক নিজৰ যাদুকৰী কন্ঠৰে জীপাল কৰা তেতিয়াৰ বিস্ময় বালিকা মুনমী বৰাৰ কথা ৷ পখিলা অঁকা, ৰঙা-নীলা ফ্ৰক পিন্ধি দৰা-কইনা খেলা বয়সত ব্যতিক্ৰমী মুনমীয়ে হাতত তুলি লৈছিল এটা মাইক্ৰ'ফোন ৷  গীত পৰিৱেশন কৰি গৈছিল ইখনৰ পিছত সিখন মঞ্চত !  গাই গৈছিল ইটোৰ পিছত সিটো কালজয়ী গীত ! বয়সত কণমানি ছোৱালীজনীৰ কন্ঠৰ পৰিপক্কতাই মোহাচ্চন্ন কৰি গৈছিল এজন এজন অসমীয়া শ্ৰোতা দৰ্শকক ৷ তাইৰ অকল্পনীয় কন্ঠৰ জোৰে যে অকল অসমতে খলকনি তুলিছিল তেনে নহয় ৷ কণমানি