Posts

Showing posts from July, 2023
অষ্ট্ৰেলিয়া ভ্ৰমণ বিদেশত আপোন মানুহ বিচাৰি মেলৰ্বন চহৰত মোৰ প্ৰথমটি দিন আজি ২১ জুন ৷ অষ্ট্ৰেলিয়াৰ এখন মূল চহৰ চিডনীত তিনিৰাতি থকাৰ পিছত আজি ৰাতিপুৱাই মই ভাৰ্জিন এয়াৰলাইনৰ বিমানেৰে অন্য এখন চহৰ মেলবৰ্ণলৈ যাত্ৰা আৰম্ভ কৰিম ৷ চিন্তা নকৰিব ... গ'ল্ডক'ষ্ট আৰু চিডনী চহৰৰ বৰ্ণনা অলপ পিছলৈ লিখি আছোঁ ৷ কিন্তু আজি আপোনালোকক ক'বলৈ গৈ আছোঁ বিদেশৰ মাটিত আপোন মানুহ লগ পোৱাৰ যি আনন্দ, সেই কথাবোৰ ৷ বলক..বলক ...এতিয়া কথা পাতি থাকিলে মোৰ বিমান যাত্ৰাত বিসংগতিয়ে দেখা দিব ৷ হা হা হা .. ৰাতিপুৱাৰ যাত্ৰা মোৰ বাবে বৰ অশান্তিকৰ !  আচলতে মই মানুহটো বৰ এলেহুৱা বুজিছে ৷ বিমান ৰাতিপুৱা ৭:১৫তে আছে ৷ গতিকে ৪ টাতে উঠি, গা-পা ধুই, গৰম কাপোৰ এসোপা পিন্ধি ৪:৪৫ত মই থকা পেচিফিক হোষ্টেলক বাই বাই    জনালোঁ ৷ চিন্তা হৈ আছিল গৰম কাপোৰেৰে ভৰা এই চ্যুটকেচডাল কেনেকৈ তললৈ নমাম ৷ কিন্তু ৰূমত কাপোৰ জাপোতে হোৱা খুটুং খাটাংত মোৰ হোষ্টেলৰ ৰূমমেট, ফ্ৰান্সৰ নিক'লাচ সাৰ পাই গ'ল ৷ নিক'লাচ আৰু তেওঁৰ গাৰ্ল ফ্ৰেণ্ড এৰিকাই মোৰ গধুৰ বেগটো তললৈ নমাই সহায় কৰি দিলে ৷ দুয়োকে বাই বাই জনাই মই ইতিমধ্যেই আহি পোৱা উৱেৰ গাড়ী