অষ্ট্ৰেলিয়া ভ্ৰমণ
বিদেশত আপোন মানুহ বিচাৰি মেলৰ্বন চহৰত মোৰ প্ৰথমটি দিন

আজি ২১ জুন ৷ অষ্ট্ৰেলিয়াৰ এখন মূল চহৰ চিডনীত তিনিৰাতি থকাৰ পিছত আজি ৰাতিপুৱাই মই ভাৰ্জিন এয়াৰলাইনৰ বিমানেৰে অন্য এখন চহৰ মেলবৰ্ণলৈ যাত্ৰা আৰম্ভ কৰিম ৷ চিন্তা নকৰিব ... গ'ল্ডক'ষ্ট আৰু চিডনী চহৰৰ বৰ্ণনা অলপ পিছলৈ লিখি আছোঁ ৷ কিন্তু আজি আপোনালোকক ক'বলৈ গৈ আছোঁ বিদেশৰ মাটিত আপোন মানুহ লগ পোৱাৰ যি আনন্দ, সেই কথাবোৰ ৷ বলক..বলক ...এতিয়া কথা পাতি থাকিলে মোৰ বিমান যাত্ৰাত বিসংগতিয়ে দেখা দিব ৷ হা হা হা ..

ৰাতিপুৱাৰ যাত্ৰা মোৰ বাবে বৰ অশান্তিকৰ !  আচলতে মই মানুহটো বৰ এলেহুৱা বুজিছে ৷ বিমান ৰাতিপুৱা ৭:১৫তে আছে ৷ গতিকে ৪ টাতে উঠি, গা-পা ধুই, গৰম কাপোৰ এসোপা পিন্ধি ৪:৪৫ত মই থকা পেচিফিক হোষ্টেলক বাই বাই    জনালোঁ ৷ চিন্তা হৈ আছিল গৰম কাপোৰেৰে ভৰা এই চ্যুটকেচডাল কেনেকৈ তললৈ নমাম ৷ কিন্তু ৰূমত কাপোৰ জাপোতে হোৱা খুটুং খাটাংত মোৰ হোষ্টেলৰ ৰূমমেট, ফ্ৰান্সৰ নিক'লাচ সাৰ পাই গ'ল ৷ নিক'লাচ আৰু তেওঁৰ গাৰ্ল ফ্ৰেণ্ড এৰিকাই মোৰ গধুৰ বেগটো তললৈ নমাই সহায় কৰি দিলে ৷ দুয়োকে বাই বাই জনাই মই ইতিমধ্যেই আহি পোৱা উৱেৰ গাড়ীখনত বহি ল'লো ৷ 

ইয়াত আহি দেখিলোঁ অষ্ট্ৰেলিয়াৰ মানুহবোৰ এটা কাম কৰিয়ে সন্তুষ্ট নাথাকে ৷ দিনৰ ভাগত ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত তথা ৰাতিৰ উৱেৰ ড্ৰাইভাৰ পাকিস্তানী নাভিদ ভাইজানে হিন্দীতে কথা পাতি, হিন্দী গান বজাই গাড়ীৰ ষ্টেৰিংত হাত দিলে ৷ বজাইছেও বজাইছে শ্ব'লে চিনেমাৰ য়ে দোস্তী গানটো ৷ যিমান হ'লেও দিয়কচোন পাকিস্তান বুলি ক'লে কিবা এটা ভয় লাগে ৷ ময়ো পৰিৱেশটো সহজ কৰিবলৈ নিজেও সুৰ মিলালো ...
তেৰে জিত মেৰে জিত
মেৰে হাৰ তেৰে হাৰ
সুনলে মেৰে য়াৰ ....

খুবেই ফূৰ্তিবাজ নাভিদ ভাইজানে নিজেই ক'লে দেশৰ মাটিতহে ভাৰত পাকিস্তান শত্ৰু ৷ কিন্তু বিদেশৰ মাটিত সকলো ভাই ভাই ৷ মনটো ভাল লাগি গ'ল ৷ নিজৰ ওপৰতে খং উঠিল ! কিযে ফাল্টু মই ..কি যে ভাৱি আছিলোঁ !! প্ৰায় ৩০ মিনিটৰ পিছত আমি আহি চিডনী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'লোহি ৷ ভাইজানে গাড়ীৰ পৰা নামি চ্যুটকেচটো ডিকিৰ পৰা নমাই মোক সাৱটি ধৰি ক'লে ..আল্লা তলা আপক' খুচ ৰখে মেৰে ইণ্ডিয়া কে ভাইজান .. মোৰ দুখ লাগি গ'ল ৷ কি ভাৱি আছিলোঁ.. কি ওলালগৈ ! নিজকে সম্বৰণ কৰি লগে লগে সুধিলোঁ ...ভাইজান আপ ৱাটচ্ আপ ইউজ কৰতে হৌ? অগৰ আপকা কৌই প্ৰব্লেম না হৌ তৌ ক্যা মে আপকা নম্বৰ লে চকতা হুঁ ?? তেওঁ হাঁহি হাঁহি মোক নম্বৰটো দিলে ...বাই বাই জনাই নাভিদ ভাইজান গ'লগৈ ..

বিমান বন্দৰলৈ সোমাই আহিয়ে মোৰ চ্যুটকেচ্ টোৰ ওজন জুখি লৈ কিঅ'স্ক মেচিনৰ পৰা বেগ টেগ আৰু বৰ্ডিং পাচখন উলিয়াই ল'লোঁ ৷

এইযে বিমানবন্দৰৰ চিকিঅ'ৰটি চেকিং ...মোৰ বাবে সদায়ে অলপ অশান্তিকৰ বুজিছে । ২০১২ চনত হোৱা দূৰ্ঘটনাটিৰ বাবে মোৰ  ভৰিত প্লেট আৰু স্ক্ৰু লগোৱা আছে আৰু যিটো মেটেল ডিটেক্টৰে প্ৰতিবাৰেই শৰীৰত মেটেল থকাৰ সংকেত দিয়ে । কিছুমান নিৰাপত্তাৰক্ষীক ক’লে বুজি পাই আৰু কিছুমানে পেন্ট খুলি ভালদৰে চোৱাৰ পিছতহে আহিব দিয়ে । যিয়ে নহওক এইবাৰৰ নিৰাপত্তাৰক্ষীজন ভাল আছিল আৰু মই কথাখিনি কওঁতেই বুজি পালে আৰু মোক নিৰাপত্তা বেহু পাৰ কৰি ভিতৰলৈ সোমাবলৈ অনুমতিও দিলে ।

বিমানবন্দৰৰ ভিতৰলৈ সোমাই গৈ একাপ কফি পি লৈ বিমানত উঠিবৰ বাবে সাজু হ’লো । বিমানৰ পৰা বৰফেৰে আবৃত পাহাৰৰ শিখৰবোৰ দেখি শিহৰিত হৈ ৰ’লো । প্ৰায় ১.৩০ ঘন্টা উৰাৰ পিছত বিমানখন মেলবৰ্ণৰ তুলামেৰাইন আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিলেহি । বিমানৰ পৰা ওলাই আহি নিজৰ চ্যুটকেচ্ টো সংগ্ৰহ কৰি বাহিৰলৈ ওলাই আহিলোঁ । বাহিৰত ইমান ঠাণ্ডা ! জেকেটটোৰ চেইনডাল ডিঙিলৈকে টানি ল'লোঁ ৷ বাহিৰতে প্ৰায় ২০ মিনিট ৰৈ দিয়াৰ পিছত দূৰৰ পৰা হাঁহি হাঁহি বিদেশত থকা মোৰ আপোন মানুহ নীতি বা মানে নীতিশিখা গগৈক আহি থকা দেখিলোঁ । বাক প্ৰায় ৭ বছৰ মানৰ পিছত লগ পাই মনটো ভাল লাগি গ’ল । মেলবৰ্ণত নীতি বা, ভিনদেউ (কিন্তু দাদা বুলি মাতো) ঋতু দা আৰু ভাগিন আহান থাকে ৷ তেওঁলোক অষ্ট্ৰেলিয়াত থকা প্ৰায় আঠ বছৰেই হ'ল ৷

বিমান বন্দৰৰ পাৰ্কিং শ্লটত আধা ঘন্টামান বিচৰাৰ পিছত নীতি বায়ে তাইৰ মাজডা গাড়ীখন বিচাৰি পালে ৷ গাড়ীত উঠিয়ে আমি সৰুতে ঢকুৱাখনাত কি কি উৎপাত কৰিছিলোঁ আৰম্ভ কৰি দিলোঁ ৷ বিদেশৰ সেউজীয়াবোৰৰ মাজত শ হৈ পৰি থকা একা বেঁকা ৰাস্তাৰে গাড়ীখন নীতি বাৰ ঘৰৰ অভিমুখে চলিবলৈ ধৰিল ৷ প্ৰায় ৪০ মিনিটমানৰ পিছত আমি বাৰ ঘৰ পালোহি ৷ আহি থাকোতে বায়ে বাটত উইণ্ড মিল, আঙুৰৰ বাগান আদি দেখুৱাই আনিলে ৷

নীতি বায়ে ঘৰ সোমায়ে প্ৰেচাৰ কুকাৰত অলপ চাউল উঠাই দিলে ৷ ডাইল, কণী-আলু পিতিকা আৰু মাংস ভজাৰে উদৰ পূৰাই ভাত খাই আমি আধা ঘন্টাৰ ভিতৰতে মেলবৰ্ণ টাউনলৈ বুলি ওলালোঁ ৷ গাড়ীখন ঘৰৰ ওচৰৰে ৰক বেংক নামৰ ৰেল স্টেচনটোত পাৰ্ক কৰি আমি ৰেল অহালৈ অপেক্ষা কৰিলোঁ ৷ প্ৰায় ৫ মিনিটৰ ভিতৰতে ৰেল আহিল আৰু আমি ৰেলত উঠি টাউনৰ ৰেল স্টেচন চাউথ ক্ৰচলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ ৷ প্ৰায় ২০ মিনিটৰ ভিতৰত আমি চাউথ ক্ৰচ পালোহি ৷ চাউথ ক্ৰচ এটা ডাঙৰ ৰেলৱে স্টেচন আৰু ইয়াৰ পৰাই মেলবৰ্ণৰ সকলো ঠাইলৈ ৰেল সমূহ চলে ৷ ঠিক ধৰি লওক আমাৰ পল্টন বজাৰ ৰেলৱে স্টেচনৰ নিচিনা ! ৰেলৰ পৰা নামি বাহিৰলৈ ওলাই আহি এইবাৰ আমি মূল টাউনলৈ বুলি ট্ৰামত বহিলোহি ৷

প্ৰায় ৫ মিনিটৰ পিছতে আমি ট্ৰামৰ পৰা নামি আমি মেয়াৰ্চ নামৰ এটা ডাঙৰ শ্বপিং মললৈ সোমাই গ'লো ৷ তাতে ঘৰৰ মানুহবোৰৰ বাবে সৰু সুৰা বস্তুকেইটামান ল'লো ৷ তাৰ পৰা ওলায়ে আমি খোজ কাঢ়ি আগুৱাই গ'লো য়াৰা নদীৰ পাৰলৈ ৷ এই য়াৰা নদীখন মেলবৰ্ণ চহৰৰ একদম সোঁমাজেৰে বৈ গৈছে ৷ নদীৰ পাৰলৈ যাওঁতে বাটতে থকা মেলবৰ্ণ টাউন হল, ফ্লিন্ডাৰচ্ স্ট্ৰিট্ স্টেচন, ফেড্ স্কুৱেৰো চাই গ'লো ৷ এই য়াৰা নদীৰ ওপৰতেই ১৮৮৮ চনত নিৰ্মান কৰিছিল প্ৰিঞ্চ দলংৰ (Prince bridge) ৷ প্ৰিঞ্চ দলংত উঠি দূৰৈৰ পৰা মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডখনো চালো ৷ দলংৰ খটখটীৰে নামি গৈ য়াৰা নদীৰ পাৰতে বহি তাত বিভিন্ন পৰ্যটকে কৰি থকা নৌকা বিহাৰো চালো ৷ নদীৰ পাৰে পাৰে অলপ আগুৱাই গৈ কেচিন'ৰ বাবে বিখ্যাত ক্ৰাউন বিল্ডিংৰ সন্মুখত দুখনমান ফটো তুলি এইবাৰ য়াৰা নদীতে থকা আন এখন কেৱল মাত্ৰ  খোজ কাঢ়িবলৈ বনোৱা ইভান ৱাকাৰ ব্ৰিজেৰে ফ্লিন্ডাৰচ্ স্ট্ৰিট্ স্টেচনলৈ বুলি খোজ আগুৱালোঁ ৷ যিহেতু স্টেচনটো নদীৰ একদম পাৰতেই আছে গতিকে ২ মিনিটৰ ভিতৰতে আমি স্টেচন পালোহি ৷ তাতে ৫ মিনিটমান ৰখাৰ পিছত ৰেলখন আহিল ৷ ইয়াত এটা ভাল লগা বস্তু দেখিলোঁ ৷ ইয়াৰ ৰেলৰ প্ৰথম ডবাটোক "কুৱাইট কেৰেজ" বুলি কোৱা হয় য'ত কথা পতা, মোবাইল ব্যৱহাৰ কৰা আৰু গান শুনা নিষিদ্ধ ৷ যিহেতু বা আৰু মোৰ পাতিবলৈ বহুত কথা আছিল গতিকে আমি দ্বিতীয়টো ডবাতহে বহিলোগৈ ৷ প্ৰায় ৭ মিনিটৰ পিছত ট্ৰেন আহি চাউথ ক্ৰচ পালেহি ৷ তাৰ পৰা ৰেল সলনি কৰি আমি ৰক্ বেংকলৈ ঘূৰি আহিলোঁ ৷ স্টেচনৰ ওচৰতে থকা এখন পাঞ্জাৱী দোকানৰ পৰা অলপমান মাংস কিনি লৈ আমি ঘৰলৈ ঘূৰি আহিলোঁ ৷ ঘৰ আহিয়ে নীতি বায়ে ভাত, মাংস বঢ়াই দিলে ৷ মই অলপ দেৰি ঋতু দা আৰু ভাগিন আহান (আৰোহন)ৰ লগত কথা পাতি ভাত খাবলৈ আহিলোঁ ৷ আটাইতকৈ আচৰিত লাগিল বায়ে ৰন্ধা ৰঙালাউ, আলু, জলকীয়া, পালেং, ধনীয়া -এই আটাইবোৰ তাহাঁতি ঘৰতে কৰা ৷ ভাতৰ পাততে কথা পাতি, দিনটোৰ খটিয়ান দি শুবলৈ গ'লো ৷ কাইলৈ ৰাতিপুৱাই উঠি নীতি বা আৰু মই আকৌ ফুৰিবলৈ যাম ৷ ক'ত যাম, কি চাম সেয়া কাইলৈ ক'ম ৷ মোৰ আচলতে এতিয়া বৰ টোপনি ধৰিছে ! আমাৰ ভাৰতত এতিয়া আবেলিৰ চাহ খাইছেহে চাগৈ  !! ভাৰতৰ লগত অষ্ট্ৰেলিয়াৰ সময়ৰ ব্যৱধান প্ৰায় ৪:৩০ ঘন্টাৰ ৷ ৰাতিপুৱা ৪ টাতে উঠিছিলোঁ আজি ৷ গোটেই দিনটো তলৌ তলৌ কৈ ঘূৰি বিচনাত পৰাৰ লগে লগে মোৰ টোপনি আহিল ৷ আপোনালোকক কাইলৈ লগ পাম ৷ আজিলৈ আহোঁ ..শুভৰাত্ৰী ৷৷

এই লিখা কথাবোৰ যদি আপোনালোকে ভিডিঅ' আকাৰে চাব বিচাৰে তেতিয়া তলৰ লিংকটো টিপি দিলেই হ'ল ৷ মই সাউতকৈ আহি আপোনাৰ মোবাইলৰ স্ক্ৰিনত বহি ল'মহি :)

https://youtu.be/-GWehDWX9nY

Comments

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries