Posts

Showing posts with the label Assamese guy

বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি::দ্বিতীয় খণ্ড

Image
আগৰ খণ্ডৰ পৰা লিংক ....... ২৯ তাৰিখৰ পৰা আমাৰ সন্মিলন আৰম্ভ হ’ল । সেইদিনা ৰাতিপুৱা ৭টা মান বজাতে উঠি গা ধুই সন্মিলনলৈ বুলি নিজকে সাজু কৰিলো । প্ৰায় ৭:৩০ মান বজাত মই ২য় মহলালৈ নামি আহিলো । দ্বিতীয় মহলাটোতে আছিল ভোজন কক্ষ । তাত আহি ৰাতিপুৱাৰ আহাৰ দেখি তবধ মানিলো । কমেও ১০০ বিধ মান ভিন্ন প্ৰকাৰৰ খাদ্য । কেকেই আছে প্ৰায় ১০ বিধ মান । একদম বাছি বাছি অলপমান ল’লো । কিন্তু পেটে মানিলেও চকুৱে নামানে । সেয়েহে কুকুৰাৰ তন্দুৰী আৰু ভঁজা মাছো ল’লো । উদৰ পূৰাই লৈ তাৰপিছতে ৪নং মহলাত থকা সভাগৃহলৈ উঠি আহিলো । তাতে বহি বিভিন্ন দেশৰ পৰা অহা গৱেষকসকলে মৎসৰ ওপৰত নিজৰ নিজৰ গৱেষণাপত্ৰ পাঠ কৰা শুনিলো । কোনোজনে ক’লে মৎসবিচিত্ৰতাৰ ওপৰত ; কোনোজনে ক’লে গোলকীয় উষ্ণতা বঢ়াৰ কাৰণে জীৱকূলৰ কিমান ক্ষতি হৈছে তাৰ ওপৰত । তাতে দুজনমান মৎস গৱেষকক লগ পালো যাৰ গৱেষণাপত্ৰ মই মোৰ গৱেষণাত সঘনে ব্যৱহাৰ কৰো । তেওঁলোকক ঘৰৰ পৰা লৈ যোৱা গামোচাৰে সম্ভাষণ জনালোঁ । প্ৰায় ৪ টা বজাত প্ৰথম দিনৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘটিল ।  আবেলিলৈ আমি, মানে চুইমা বা, মই আৰু তাইৰ লগৰে প্রৱক্তা মনিকা কুজনেটী বাইদেউৰ লগত জাকাৰ্টা চহৰ ফুৰিবলৈ ওলাই গ’লো । তাত দু

বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি:: প্ৰথম খণ্ড

Image
ভ্রমন .... এক আকৰ্ষণ, য’ত সদাব্যস্ত জীৱনৰ পৰা কিছুদিনৰ বিৰতি লৈ, নিজৰ কাৰণে   অলপ সময় উলিয়াই, সেই সময়খিনিৰ সদ্ ব্যৱহাৰ কৰি মানসিক তৃপ্তি লাভ কৰিব পাৰি ৷ ভ্রমনে মানুহৰ মনলৈ সজীৱতা আনে, জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰে ৷ সেয়েহে চীন দেশৰ  বিখ্যাত ধৰ্মগুৰু তথা পৰিব্রাজক হিউ-ৱেন-চাঙে কৈ গৈছে  “ I would rather die going to the west than live in staying in the east .” ভ্রমন যেনেকৈয়ে নহওঁক, লাগিলে সেয়া পৰিয়ালৰ লগতে হওঁক বা আধিকাৰিক কাৰণতেই হওঁক; ই সদাই এক শিহৰণ l এখন নতুন ঠাইৰ পৰিৱেশ, তাৰ মানুহৰ আচাৰ ব্যৱহাৰ আৰু লগতে তাৰ খাদ্য সম্ভাৰৰ ভিন্নতাই মানুহৰ মনত সদায়ে কিছুমান নতুন অভিজ্ঞতাৰ সৃষ্টি কৰে l মোৰো দুখন দেশ ভ্রমন কৰাৰ সৌভাগ্য হৈছিল l কোৱা হয় যে অভিজ্ঞতাই বহুত কথা শিকায় l দুয়োখন দেশ ভ্রমি হোৱা অভিজ্ঞতাবোৰ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰাৰ মানসেৰে এই লেখাটি যুগুত কৰিলো l ভাৰত চৰকাৰে দেশৰ গৱেষক সকলক উৎসাহিত কৰিবলৈ, দেশৰ বাহিৰত নিজৰ গৱেষণাপত্র পাঠ কৰিবৰ বাবে যাবলৈ কিছুমান জলপানিৰ ব্যৱস্থা কৰিছে । সেইসময়ত  মই এজন পি.এইচ.ডি. গৱেষক ছাত্র আছিলো আৰু সেই সূত্রে ২০১৫ চনৰ আগস্ট মাহত মোৰ ই-মেইলত পঞ্জীভুক্ত কৰি