Posts

Showing posts with the label Corona virus

ক'ভিড ভেকচিন কোনটোৰ কাৰ্যক্ষমতা বেছি: ক'ভাক্সিন, ক'ভিশ্বিল্ড নে নতুনকৈ অহা স্পুটনিক ?

Image
            ক'ভিড ভেকচিনৰ দ্বিতীয়টি টিকাকৰণ অভিযান ইতিমধ্যেই ভাৰতত আৰম্ভ হৈ গৈছে ৷ টিকাকৰণৰ বাবে ভাৰতত "ক'ভাক্সিন" আৰু "ক'ভিশ্বিল্ড" নামৰ ভেকচিন দুটাৰ ব্যৱহাৰ কৰা হৈছে ৷ আহকচোন আজি গম পাবলৈ চেষ্টা কৰো এই দুয়োটা ভেকচিনৰ পাৰ্থক্য কি কি ::             ভাৰতত দ্বিতীয়টি টিকাকৰণ অভিযান পহিলা মাৰ্চৰ পৰা আৰম্ভ হৈছে য'ত ৬০ বছৰ উৰ্ধৰ আৰু লগতে ৪৫ বছৰৰ উৰ্ধৰ লক্ষণযুক্ত ব্যক্তিক এই ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰ্তমান চৰকাৰে জনসাধাৰণক ভেকচিন নিৰ্বাচনৰ ক্ষমতা দিয়া নাই ৷ গতিকে আপোনালোকেও বোধহয় জানিব বিচাৰিছে কোনটো ভেকচিনৰ ৰক্ষন ক্ষমতা বেছি ৷ আহকচোন আজি আমি দুয়োটা ভেকচিনৰে কাৰ্যক্ষমতাৰ ওপৰত এটা সমীক্ষাত্মক আলোচনা কৰি চাওঁ ৷ ভেকচিন প্ৰস্তুতকৰ্তা: Fig.: Covaxin Vaccine              ক'ভাক্সিন নামৰ ভেকচিনটি "ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চ" (ICMR) আৰু "নেশ্বনেল ইঞ্চটিটিউড অৱ ভাইৰ'লজি" (NIV)ৰ সহযোগত হায়দৰাবাদস্থিত "ভাৰত বায়'টেক ইন্টাৰনেশ্বনেল লিমিটেড" নামৰ প্ৰতিষ্ঠানটিয়ে প্ৰস্তুত কৰি উলিয়াইছে ৷ Fig.: Covishield Vaccine         

ক'ৰ'না ভাইৰাছ তথা ক'ভিদ ১৯ ৰ সম্পৰ্কে জানিবলগীয়া কিছুমান কথা

Image
               আমি বাৰু কোনোবাই ভাবিছিলোঁনে যে এটি ০.০৫ - ০.২ মাইক্ৰণ আকাৰৰ সৰু ভাইৰাছে সমগ্ৰ বিশ্বৰ জনতাক এদিন অনিৰ্দিষ্ট কাললৈ গৃহবন্দী কৰি ৰাখিব ? আমি বাৰু কেতিয়াবা ভাবিছিলোঁনে যে চিনেমাত দেখাৰ দৰে এজন ৰোগীয়ে যদি আন এজন স্বাস্থ্যবান লোকক স্পৰ্শ কৰি দিয়ে তেতিয়া সেইলোকজনৰ দেহলৈও এই ৰোগবিধে সংক্ৰমন কৰিব ? আমি বাৰু কোনোবাই ভাবিছিলোঁনে যে আমাৰ দৰে সাধাৰণ জনতাই কেতিয়াও নাম নুশুনা চীন দেশৰ হুৱেই প্ৰদেশৰ য়ুহান চহৰত উৎপত্তি হোৱা এটা সৰু ভাইৰাছে প্ৰায় তিনিমাহৰ ভিতৰতে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰিব ??                নাই ! সঁচা কথাটো হৈছে ভবাতো বাদেই আমি কোনেও কল্পনাও কৰা নাছিলোঁ যে পৃথিৱীলৈ হঠাৎ এনেকুৱা এক বিভীষিকা, এনেকুৱা এক অমানিশাও নামি আহিব ! বহুতে ক'ব বিচাৰে যে মানৱ সমাজে প্ৰকৃতিৰ ওপৰত যি অত্যাচাৰ চলাইছিল তাৰ পৰিণতিয়ে হৈছে ক'ৰ'না ভাইৰাছ ৷ বহুতো বিজ্ঞলোকে আকৌ ক'ৰ'না মহামাৰীক তুলনা কৰিছে  মানৱসমাজৰ লগত ৷ তেওঁলোকে কৈছে যদি মানুহবোৰক ক'ৰ'না ভাইৰাছ বুলি কল্পনা কৰা হয় তেতিয়াহ'লে এতিয়া ধ্বংসযজ্ঞ চলোৱা ক'ৰ'না ভাইৰাছবিধ হ'ব প্ৰকৃতিৰ ঔষধ ৷ কাৰণ মানুহ নাম