ক'ভিড ভেকচিন কোনটোৰ কাৰ্যক্ষমতা বেছি: ক'ভাক্সিন, ক'ভিশ্বিল্ড নে নতুনকৈ অহা স্পুটনিক ?


            ক'ভিড ভেকচিনৰ দ্বিতীয়টি টিকাকৰণ অভিযান ইতিমধ্যেই ভাৰতত আৰম্ভ হৈ গৈছে ৷ টিকাকৰণৰ বাবে ভাৰতত "ক'ভাক্সিন" আৰু "ক'ভিশ্বিল্ড" নামৰ ভেকচিন দুটাৰ ব্যৱহাৰ কৰা হৈছে ৷ আহকচোন আজি গম পাবলৈ চেষ্টা কৰো এই দুয়োটা ভেকচিনৰ পাৰ্থক্য কি কি ::
            ভাৰতত দ্বিতীয়টি টিকাকৰণ অভিযান পহিলা মাৰ্চৰ পৰা আৰম্ভ হৈছে য'ত ৬০ বছৰ উৰ্ধৰ আৰু লগতে ৪৫ বছৰৰ উৰ্ধৰ লক্ষণযুক্ত ব্যক্তিক এই ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰ্তমান চৰকাৰে জনসাধাৰণক ভেকচিন নিৰ্বাচনৰ ক্ষমতা দিয়া নাই ৷ গতিকে আপোনালোকেও বোধহয় জানিব বিচাৰিছে কোনটো ভেকচিনৰ ৰক্ষন ক্ষমতা বেছি ৷ আহকচোন আজি আমি দুয়োটা ভেকচিনৰে কাৰ্যক্ষমতাৰ ওপৰত এটা সমীক্ষাত্মক আলোচনা কৰি চাওঁ ৷
ভেকচিন প্ৰস্তুতকৰ্তা:

Fig.: Covaxin Vaccine
             ক'ভাক্সিন নামৰ ভেকচিনটি "ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চ" (ICMR) আৰু "নেশ্বনেল ইঞ্চটিটিউড অৱ ভাইৰ'লজি" (NIV)ৰ সহযোগত হায়দৰাবাদস্থিত "ভাৰত বায়'টেক ইন্টাৰনেশ্বনেল লিমিটেড" নামৰ প্ৰতিষ্ঠানটিয়ে প্ৰস্তুত কৰি উলিয়াইছে ৷

Fig.: Covishield Vaccine 

                অন্যহাতে ক'ভিশ্বিল্ড নামৰ ভেকচিনটি "চেৰাম ইঞ্চটিটিউড অৱ ইণ্ডিয়া" (SII)ৰ সহযোগত প্ৰস্তুত কৰি উলিয়াইছে অক্সফ'ৰ্ড এষ্ট্ৰাজেনেকা নামৰ প্ৰতিষ্ঠানটিয়ে ৷

ভেকচিনৰ প্ৰকাৰ:
               ক'ভাক্সিন হৈছে এটা নিস্ক্ৰিয় ভেকচিন যাক মৃত ভাইৰাচৰ ওপৰত পৰীক্ষা কৰি প্ৰস্তুত কৰা হৈছে ৷ ভেকচিনটো নিস্ক্ৰিয় অৱস্থাত থকা এটা সম্পূৰ্ণ ভিৰিয়ন ভেৰ' কোষৰ (Whole Virion inactivated Vero cell derived technology) সহায়ত প্ৰস্তুত কৰা হৈছে ৷ এই নিস্ক্ৰিয় অৱস্থাত থকা ভাইৰাছটোৱে এজন ব্যক্তিক আক্ৰান্ত কৰিব নোৱাৰে কিন্তু শৰীৰৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থাপনাক সক্ৰিয় কৰি ভাইৰাছটোৰ বিপক্ষে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে ৷ 
অন্যহাতে ক'ভিশ্বিল্ড প্ৰস্তুত কৰা হৈছে এটা ভাইৰাছ সংক্ৰমন কৰা পৰিবাহকৰ ওপৰত যি আগৰ ক'ভাক্সিন প্ৰস্তুত প্ৰণালীতকৈ সম্পূৰ্ণ বেলেগ ৷ চিম্পাঞ্জীৰ পৰা সংগ্ৰহ কৰা ChAdOx1 নামৰ এডিন' ভাইৰাছটোৰ অলপ সালসলনি কৰি ক'ভিড ১৯ৰ স্পাইক প্ৰটিন মানুহৰ শৰীৰৰ কোষলৈ লৈ যাব পৰাকৈ প্ৰস্তুত কৰা হৈছে ৷ ঠাণ্ডা স্বভাৱৰ এই ভাইৰাচটোৱে তাৰ গ্ৰহন কৰোতাক আক্ৰান্ত কৰাৰ ক্ষমতা নাৰাখে কিন্তু ই শৰীৰৰ প্ৰতিৰোধক তন্ত্ৰক এনেকুৱা ভাইৰাচৰ বিপক্ষে নিজকে প্ৰস্তুত কৰাত সহায়কৰ ভূমিকা গ্ৰহন কৰে ৷

ভেকচিন দিয়াৰ নিৰ্ধাৰিত মাত্ৰা:
                দুয়োটা ভেকচিনৰ মাজৰ প্ৰদান কৰিবলগীয়া নিৰ্ধাৰিত মাত্ৰাৰ প্ৰথমতে কোনো ব্যৱধান নাছিল ৷ দুয়োটা ভেকচিনেই ২৮ ৰ পৰা ৪২ দিনৰ ব্যৱধানত দিয়া হৈছিল ৷ কিন্তু বৰ্তমান নতুন জাননী অনুসৰি ক'ভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় দ'জৰ ব্যৱধান ১২ ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত হ'ব লাগিব ৷ কিন্তু ক'ভাক্সিনৰ ক্ষেত্ৰত আগৰ ৬ ৰ পৰা ৮ সপ্তাহৰ ব্যৱধানটোৱেই বৰ্তি আছে ৷ 

সংৰক্ষনৰ নিয়মাৱলী:
            দুয়োটা ভেকচিনেই সাধাৰণ ফ্ৰীজৰ ২-৮ ডিগ্ৰী চেন্টিগ্ৰেডৰ ভিতৰত সংৰক্ষন কৰা হয় ৷ সেয়েহে এইটো তাপমাত্ৰাত ভেকচিনদুটাৰ পৰিবহন তথা সংৰক্ষন, দুয়োটাই সহজ হৈ পৰে ৷ 

কাৰ্যকাৰিতা: 
              দুয়োটা ভেকচিনেই আৰম্ভনিৰে পৰা ক'ৰ'না ভাইৰাছৰ বিপক্ষে ৰোগ প্ৰতিৰোধী কাৰ্যক্ষমতাৰ এটা সন্তোষজনক ফলাফল ডাঙি ধৰিছে ৷
          এটা আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি ক'ভিশ্বিল্ড ভেকচিনটোৰ কাৰ্যকাৰিতা প্ৰায় ৯০% আৰু ক'ভাক্সিনৰ কাৰ্যকাৰিতা প্ৰায় ৮১% বুলি প্ৰকাশ পাইছে ৷ 

ভেকচিন দুটাৰ দাম:
     বৰ্তমান দুয়োটা ভেকচিনেই চৰকাৰী স্বাস্থ্যকেন্দ্ৰসমূহত বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে ৷ ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰসমূহত ভেকচিন দুটাৰ দাম চৰকাৰে ২৫০ টকাকৈ নিৰ্ধাৰণ কৰি দিছে ৷ 

ভেকচিন দুটাই কিদৰে কাম কৰে?: 
             ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড দুয়োটা হৈছে আন্ত:পেশীয় ভেকচিন ৷ 

হিতাধিকাৰীৰ বয়স: 
           ক'ভিশ্বিল্ড ভেকচিনটো ১৮ বছৰ আৰু উৰ্ধৰ ব্যক্তিৰ বাবে আৰু ক'ভাক্সিন ভেকচিনটো ১২ বছৰ আৰু উৰ্ধৰ শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে ৷ কিন্তু এতিয়ালৈকে ১২ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাক দিব পাৰি বুলি আশ্বাস দিয়া হোৱা নাই ৷ 

ক'ভিড ভেকচিনৰ শেহতীয়া খবৰ:
* এতিয়ালৈ ভাৰতক প্ৰায় ১২০ মিলিয়ন ক'ভিড ভেকচিন দিয়া হৈছে য'ত ইতিমধ্যেই ১৪ মিলিয়নতকৈ ওপৰৰ লোকে দ্বিতীয়টি টিকাকৰণ সম্পন্ন কৰিছে ৷ 
* ভাৰত চৰকাৰৰ স্বাস্থ্যবিষয়াসকলৰ মতে ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড দুয়োটা ভেকচিনেই মিউটেশ্বন হোৱা ইউ কে/ দক্ষিন আফ্ৰিকা / ব্ৰাজিলৰ ভাইৰাচৰ বিপক্ষে কাম কৰাত সফল হৈছে ৷ 
* জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলৈ ৰাচিয়াৰ স্পুটনিক - ৫ ক অনুজ্ঞাপত্ৰ দিয়া হৈছে ৷ ইতিমধ্যেই ৰাচিয়াই ১ লাখ স্পুটনিক-৫ ভাৰতলৈ প্ৰেৰণ কৰিছে ৷ ভাৰতত ইয়াৰ নিৰ্মানৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে ড° ৰেড্ডিজ্ লেবৰেটৰিয়ে ৷ নতুন গৱেষণা অনুসৰি স্পুটনিকে কোনো ধৰণৰ এলাৰ্জিৰ সৃষ্টি নকৰে ৷ ভাৰতে এতিয়া প্ৰতিবছৰে ৮৫০ মিলিয়ন স্পুটনিক নিৰ্মান কৰাৰ প্ৰয়াস কৰিব ৷ 
* কাৰ্যক্ষমতাৰ ওপৰত ক'বলৈ গ'লে স্পুটনিকে ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড দুয়োটাকে বহুখিনি পিছুৱাই গৈছে ৷ গৱেষণাৰ তথ্য অনুসৰি স্পুটনিকৰ কাৰ্যক্ষমতা ৯১.৬% য'ত ক'ভিশ্বিল্ডৰ কাৰ্যক্ষমতা ৯০% (গ্লবেল ৰিপৰ্ট অনুসৰি) আৰু ক'ভাক্সিনৰ ৮১% (তৃতীয় লানি পৰীক্ষাৰ পিছত) ৷ ভাৰত বায়'টেকৰ সূত্ৰ অনুসৰি তেওঁলোকে ক'ভাক্সিনৰ নিৰ্মান প্ৰতিমাহে ১২ মিলিয়নলৈ বৃদ্ধি কৰিব ৷ 

Fig.: Sputnic vaccine


            ( দৈনিক বাতৰি কাকত, ১৩ মে', ২০২১)

Comments

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries