Posts

Showing posts with the label Who are in risk

মিউকৰ্মাইকোচিছ (ক'লা ভেঁকুৰ ) কি আৰু ইয়াৰ সম্পৰ্কে জানিবলগীয়া কিছু কথা ..

Image
.......... বি গত  বছৰৰ আৰম্ভনিৰে পৰা সমগ্ৰ বিশ্ব গৃহবন্দী হৈ আছে ৷ কাল ক'ভিডৰ ঢৌত বহু আপোনজনক হেৰুৱাইছো ৷ ভেকচিনৰ আগমনে যদিও আমাৰ মনত আশাৰ সঞ্চাৰ কৰিছে তথাপিও এতিয়াও বহুলোকে এটা ভেকচিনৰ বাবে জীয়াতু ভূগিছে ৷            কিন্তু যোৱা কেইদিনমানৰ পৰা আন এটা খবৰে সমগ্ৰ ভাৰততে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সেয়া হৈছে ক'লা ভেঁকুৰ বা Black fungus ৷ বহুতো গুজৱ মানুহবোৰৰ মাজত বিয়পি পৰিছে ৷ ক'ভিডৰ ত্ৰাস শেষ নহওঁতেই ক'লা ভেঁকুৰৰ আগমনে সমগ্ৰ ভাৰতক ভয়ত কম্পমান কৰি তুলিছে ৷            এজন বিজ্ঞানৰ অধ্যাপক হিচাপে আমাৰো দায়িত্ব আছে সমাজক নতুনৰ তথ্য দিয়া ৷ গতিকে আজিৰ এই লিখনিটো আপোনালোকলৈ প্ৰস্তুত কৰিলো ৷ লিখনিটো বিখ্যাত চিকিৎসা সম্পৰ্কীয় ৱেবচাইট webmd ত প্ৰকাশিত Black Fungus লিখনিৰ অসমীয়া ভাৱানুবাদ ৷ এইকেইদিন এই বিষয়টিৰ ওপৰত অলপ অধ্যয়ন কৰি গম পাইছোঁ যে সাধাৰণ মানুহৰ বাবে এই ভেঁকুৰে একো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে ৷ তাৰোপৰি ই এজনৰ পৰা আনজনলৈ ক'ভিডৰ দৰে বিয়পিবও নোৱাৰে ৷ আহকচোন আজি অসমীয়াতে এই Black Fungus অৰ্থাৎ ক'লা ভেঁকুৰৰ বিষয়ে অলপ পঢ়ি চাওঁ ৷ মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰ মানে কি ?