মিউকৰ্মাইকোচিছ (ক'লা ভেঁকুৰ ) কি আৰু ইয়াৰ সম্পৰ্কে জানিবলগীয়া কিছু কথা ..

..........বিগত বছৰৰ আৰম্ভনিৰে পৰা সমগ্ৰ বিশ্ব গৃহবন্দী হৈ আছে ৷ কাল ক'ভিডৰ ঢৌত বহু আপোনজনক হেৰুৱাইছো ৷ ভেকচিনৰ আগমনে যদিও আমাৰ মনত আশাৰ সঞ্চাৰ কৰিছে তথাপিও এতিয়াও বহুলোকে এটা ভেকচিনৰ বাবে জীয়াতু ভূগিছে ৷ 
        কিন্তু যোৱা কেইদিনমানৰ পৰা আন এটা খবৰে সমগ্ৰ ভাৰততে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ সেয়া হৈছে ক'লা ভেঁকুৰ বা Black fungus ৷ বহুতো গুজৱ মানুহবোৰৰ মাজত বিয়পি পৰিছে ৷ ক'ভিডৰ ত্ৰাস শেষ নহওঁতেই ক'লা ভেঁকুৰৰ আগমনে সমগ্ৰ ভাৰতক ভয়ত কম্পমান কৰি তুলিছে ৷ 
        এজন বিজ্ঞানৰ অধ্যাপক হিচাপে আমাৰো দায়িত্ব আছে সমাজক নতুনৰ তথ্য দিয়া ৷ গতিকে আজিৰ এই লিখনিটো আপোনালোকলৈ প্ৰস্তুত কৰিলো ৷ লিখনিটো বিখ্যাত চিকিৎসা সম্পৰ্কীয় ৱেবচাইট webmd ত প্ৰকাশিত Black Fungus লিখনিৰ অসমীয়া ভাৱানুবাদ ৷ এইকেইদিন এই বিষয়টিৰ ওপৰত অলপ অধ্যয়ন কৰি গম পাইছোঁ যে সাধাৰণ মানুহৰ বাবে এই ভেঁকুৰে একো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে ৷ তাৰোপৰি ই এজনৰ পৰা আনজনলৈ ক'ভিডৰ দৰে বিয়পিবও নোৱাৰে ৷ আহকচোন আজি অসমীয়াতে এই Black Fungus অৰ্থাৎ ক'লা ভেঁকুৰৰ বিষয়ে অলপ পঢ়ি চাওঁ ৷

মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰ মানে কি ?
        মিউকৰ্মাইকোচিছ হৈছে ভেঁকুৰৰ দ্বাৰা হোৱা এক বিৰল কিন্তু বিপদজনক সংক্ৰমণ যাক ক'লা ভেঁকুৰ (Black Fungus) বুলিও কোৱা হয় । ই মিউকৰ্মাইচেট নামৰ ছাঁচৰ (mold) এটাৰ ফলত হয় আৰু প্ৰায়ে চাইনাছ, হাঁওফাঁও, ছাল আৰু মগজুক প্ৰভাৱিত কৰে। 
            ক'লা ভেঁকুৰৰ বীজাণুবোৰ আপোনাৰ শৰীৰত উশাহৰ জৰিয়তে বা কেতিয়াবা মাটি, পচা পচন সাৰৰ স্তূপৰ দৰে বস্তুৰ সংস্পৰ্শলৈ আহিলেও প্ৰৱেশ কৰিব পাৰে।

কাৰ বাবে এই ভেঁকুৰে বিপদ মাতিব পাৰে ?
        সংক্ৰমণ যিকোনো বয়সতে, যিকোনো লোকৰ হ'ব পাৰে। বেছিভাগ মানুহেই তেওঁলোকৰ দৈনন্দিন জীৱনৰ যিকোনো সময়তে ভেঁকুৰৰ সংস্পৰ্শলৈ আহিব পাৰে ।যদি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী আপুনি গ্ৰহন কৰি থকা ঔষধৰ বাবে দুৰ্বল হৈ পৰে তেনেহ'লে আপুনি এই ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক ৷ তাৰ ওপৰিও যদি আপুনি এজন,
  • নিয়ন্ত্ৰণত নথকা ডায়েবেটিক ৰোগী,
  • এইচ.আই.ভি. বা এইডছ ৰোগী,
  • কৰ্কট ৰোগী,
  • অংগ সংৰোপণ (organ transplant) কৰা ৰোগী, 
  • নিউট্ৰপেনিয়া (শ্বেত ৰক্ত কোষৰ সংখ্যা কম) ৰোগী,
  • দীৰ্ঘম্যাদী ষ্টেৰইড ব্যৱহাৰ কৰা ব্যক্তি
  • আপোনাৰ শৰীৰত উচ্চ পৰিমাণৰ লো (Iron) ৰ পৰিমান বেছি (যাক হেমোক্ৰোমাইটোচিছ বোলা হয়) 
  • দুৰ্বল পুষ্টিৰ বাবে আপোনাৰ স্বাস্থ্য বেয়া
  • আপোনাৰ শৰীৰত এচিডৰ অসম স্তৰ (বিপাকীয় এচিডোচিছ)
  • অকাল (Premature) জন্ম বা জন্মৰ সময়ত ওজন কম,
  • যদি আপোনাৰ ছালত কটা, পোৰা আদি আঘাত আছে তেনেহ'লে এই ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক । তাৰোপৰি কোভিড-১৯ হৈ থকা ৰোগীসকলৰ ক্ষেত্ৰত এই সংক্ৰমনৰ প্ৰতিবেদন পোৱা গৈছে।
        আশাৰ কথাটো হৈছে মিউকৰ্মাইকোচিছ সংক্ৰামক নহয় অৰ্থাৎ এজন সংক্ৰমিত ব্যক্তিৰ পৰা ই আপোনালৈ সংক্ৰমন হ'ব নোৱাৰে ৷ 

মিউকৰ্মাইকোচিছৰ লক্ষণসমূহ:
        আপোনাৰ শৰীৰত কোনটো অংশত ভেঁকুৰটোৱে সংক্ৰমিত কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি মিউকৰ্মাইকোচিছৰ লক্ষণবোৰো বেলেগ বেলেগ ৷ তাৰে কিছুমান লক্ষন হৈছে: 
  • জ্বৰ হোৱা,
  • কাঁহ হোৱা,
  • বুকুৰ বিষ হোৱা,
  • উশাহ চুটি হোৱা
  • মুখৰ এফালে ফুলি যোৱা,
  • মুৰৰ বিষ হোৱা,
  • ছাইনাছ হোৱা,
  • আপোনাৰ নাক বা মুখৰ ভিতৰৰ ফালে ক'লা ঘা হোৱা,
  • পেটৰ বিষ হোৱা,
  • ওকালি অহা আৰু বমি হোৱা,
  • গেষ্ট্ৰোইনটেস্টাইনেল ৰক্তক্ষৰণ হোৱা,
  • আপোনাৰ শৌচত তেজ যোৱা,
  • আৰু ডায়েৰিয়া আদিয়ে প্ৰধান ৷ 
             যদি আপোনাৰ ছালখন এই ক'লা ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া সেই সংক্ৰমিত এলেকাটোত ফোঁহা উঠা, ৰঙা পৰা বা ফুলা যেন দেখিব পাৰে। ইয়াৰ বৰণ ক'লা হৈ যাব পাৰে আৰু আপুনি সেই ঠাইখিনিত গৰম অথবা বিষ অনুভৱ কৰিব পাৰে।
     আপোনাৰ তেজৰ জৰিয়তে এই ভেঁকুৰটো শৰীৰৰ আন অংশলৈয়ো বিয়পিব পাৰে। ইয়াক প্ৰচাৰিত মিউকৰ্মাইকোচিছ (disseminated mucormycosis) বুলি কোৱা হয়। যেতিয়া এনে হয়, তেতিয়া ভেঁকুৰে আপোনাৰ প্লীহা আৰু হৃদযন্ত্ৰৰ দৰে অঙ্গবোৰকো প্ৰভাৱিত কৰিব পাৰে। গুৰুতৰ ক্ষেত্ৰত, আপোনাৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে বা আপুনি কোমালৈ গুছি যাবও পাৰে। ই তেতিয়া মাৰাত্মকো হৈ উঠিব পাৰে ৷ 

মিউকৰ্মাইকোচিছৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা:
           যদি চিকিৎসকে আপোনাৰ শৰীৰত মিউকৰ্মাইকোচিছৰ উপস্থিতি সন্দেহ কৰে, তেতিয়া তেওঁ আপোনাক কিছুমান শাৰীৰিক পৰীক্ষা কৰিবলৈ দিব আৰু লগতে আগতে কৰা চিকিৎসা সম্পৰ্কীয় ইতিহাসৰ বিষয়ে সুধিব। আপুনি যদি নষ্ট হোৱা খাদ্য খাইছে বা এনে ঠাইত থাকে য'ত প্ৰায়ে ভেঁকুৰৰ বীজাণু পোৱা যায় সেয়া তেখেতক জনাবলৈ নাপাহৰিব ৷ 
যদি তেখেতে অনুভৱ কৰে যে আপোনাৰ হাঁওফাঁও অথবা চাইনাছ অংশ এই ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হৈছে, তেতিয়া তেওঁ আপোনাৰ নাক বা ডিঙিত পোৱা তৰল পদাৰ্থৰ নমুনা ল'ব পাৰে আৰু ইয়াৰ পৰীক্ষা কৰিবলৈ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব পাৰে। পৰীক্ষাগাৰত তেওঁলোকে সংক্ৰমিত কোষকলাৰ এটা সৰু টুকুৰা উলিয়াই কলাৰ বায়োপ্সী পৰীক্ষাও কৰিব পাৰে ৷ লগতে এই ভেঁকুৰৰ সংক্ৰমনে যাতে আপোনাৰ মগজু বা আন অঙ্গলৈ পোৱা নাই সেয়া নিশ্চিত কৰিবলৈ চিটি স্কেন বা এমআৰআই স্কেনৰ দৰে ইমেজিং পৰীক্ষাও কৰিব পাৰে।
        অৱশেষত যদি আপোনাৰ শৰীৰত মিউকৰ্মাইকোচিছৰ উপস্থিতি ধৰা পৰে, তেতিয়া চিকিৎসকে দিয়া এণ্টিফাংগাল ঔষধৰ দ্বাৰা যিমান পাৰি সোনকালে চিকিৎসা আৰম্ভ কৰিব লাগে। এই ঔষধবোৰে ভেঁকুৰৰ বিকাশ বন্ধ কৰে, ইয়াক ধ্বংস কৰে, আৰু সংক্ৰমণ নিয়ন্ত্ৰণলৈ আনে।

মিউকৰ্মাইকোচিছৰ ফলত হোৱা জটিলতা:
মিউকৰ্মাইকোচিছৰ জটিলতাবোৰৰ ভিতৰত আছে:
  • ৰোগীজন অন্ধ হৈ যাব পাৰে, 
  • ৰোগীজনৰ তেজ গোট মাৰি চলাচল কৰা নলী অৱৰুদ্ধ হৈ পৰিব পাৰে, 
  • স্নায়ুৰ ক্ষতি হ'ব পাৰে ইত্যাদি ৷ 
        চিকিৎসা অবিহনে মিউকৰ্মাইকোচিছ মাৰাত্মক হ'ব পাৰে। যিহেতু সংক্ৰমণটো ইমান বিৰল, সঠিক মৃত্যুৰ হাৰ এতিয়াও স্পষ্ট হোৱা নাই । কিন্তু গৱেষকসকলে অনুমান কৰিছে যে সামগ্ৰিকভাৱে মিউকৰ্মাইকোচিছৰ দ্বাৰা আক্ৰান্ত 54% লোকৰ মৃত্যু হৈছে ।
        মৃত্যুৰ সম্ভাৱনা নিৰ্ভৰ কৰে শৰীৰৰ কোনটো অংশ প্ৰভাৱিত হয় তাৰ ওপৰত। চাইনাছ সংক্ৰমণ থকা লোকসকলৰ বাবে দৃষ্টিভংগী হাঁওফাঁও বা মগজুৰ সংক্ৰমণতকৈ ভাল।

মিউকৰ্মাইকোচিছ কিদৰে প্ৰতিৰোধ কৰিব পাৰি:
        মাস্ক পিন্ধাৰ বাহিৰে উশাহৰ জৰিয়তে বীজাণু সোমোৱাক বাধা দিবলৈ বেলেগ কোনো উপায় নাই । তথাপিও যথেষ্ট ধুলি বা মাটি থকা এলেকা যেনে য'ত নিৰ্মাণ বা খনন কাৰ্য্য চলি আছে তেনে স্থানৰ পৰা পৰাপক্ষত আঁতৰি থাকিব । কিন্তু যদি আপুনি এই ক্ষেত্ৰবোৰত থাকিবই লাগে তেতিয়া এন ৯৫ (N-95) ৰ দৰে মাস্ক পিন্ধিবলৈ নাপাহৰিব ।
        সংক্ৰমিত পানী য'ত আপুনি ভেঁকুৰৰ বৃদ্ধি লক্ষ্য কৰিছে তেনে পানী পৰিহাৰ কৰিব। ধুমুহা বা বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হোৱা অঞ্চলত এনে ভেঁকুৰৰ বংশবৃদ্ধি খুবেই সহজ ৷ 
         যদি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল তেন্তে ধুলি আৰু মাটিৰ ব্যৱহাৰ থকা কামবোৰ অলপ দিনলৈ পৰিহাৰ কৰিব। কিন্তু কেতিয়াবা এনে পৰিস্থিতি আহে যে আপুনি নকৰিলে নহ'বই তেতিয়া কাম কৰোতে জোতা, হাতমোজা, দীঘল পেণ্ট পিন্ধি আপোনাৰ ছালখনক সুৰক্ষিত কৰিব। শৰীৰৰ কটা অংশ বা ঘাঁবোৰক যিমান পাৰে চাবোন আৰু পানীৰে ভালদৰে ধুব।
        যদি আপুনি মিউকৰ্মাইকোচিছৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ মানি ঔষধ গ্ৰহণ কৰিব। যদি ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত সমস্যাৰ সৃষ্টি হয় বা সংক্ৰমণ ভাল নহয় লগে লগে আপোনাৰ চিকিৎসকক অৱগত কৰাব ।


(চিকিৎসা সম্বন্ধীয় গৱেষণাৰ তথ্য প্ৰকাশ কৰা www.webmd.com ত প্ৰকাশিত লিখনিৰ অসমীয়া ভাৱানুবাদ)



Comments

  1. তথ্য খিনি খুব সুন্দৰ ভাৱে উপস্থাপন কৰিছে আপুনি। লাগতীয়াল কথা শিকিব পৰিলোঁ, তাৰ বাবে ধন্যবাদ থাকিল।

    ReplyDelete
    Replies
    1. পঢ়ি চোৱাৰ বাবে বহুত ধন্যবাদ মানস ৷ ঘৰত সুখেৰে থাকিবা, সাৱধানে থাকিবা :)

      Delete
  2. ।।।বহুত প্ৰশ্নৰ উত্তৰ পালোঁ,গীতো।।।ধন্যবাদ।।।

    ReplyDelete
    Replies
    1. পঢ়ি চোৱাৰ বাবে আপোনাকো অশেষ ধন্যবাদ ৷ ভালকৈ থাকিব ৷

      Delete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries