ৰঙানদী : মৎস বিচিত্ৰতা আৰু সংকট ( প্ৰান্তিকত প্ৰকাশিত)
                 কাঞ্চাল আৰু আৰোৰাই ২০১২ চনত প্রকাশিত তেওঁলোকৰ গৱেষণা পত্রত অলৱণীয়  প্রাণীৰ  জৈৱ  বিচিত্ৰতা ত  ভাৰতবৰ্ষৰ  স্থান  পৃথিৱীৰ  ভিতৰতে  নৱম  বুলি উল্লেখ কৰিছিল । ১৯৯৬  চনত  প্রকাশিত  ক’টেলেট  আৰু  হুইটেনৰ  গৱেষণা  পত্রত  ভাৰতবৰ্ষৰ  উত্তৰ  পূৱ  অঞ্চলক  অলৱণীয়  পানীৰ  মাছৰ  গোলকীয়  ক্ষেত্র  হিচাপে  স্বীকৃতি  দিয়া  হৈছে  ।  অসম  ( ২৬ ° ১২ '' ২ . ১৭৩৮ " উ  আৰু  ৯২ ° ৫ ৬ ' ১৫ . ২৬৫৮ " পূ ), ইণ্ডো - বাৰ্মা  জৈৱ বিচিত্ৰতা  ক্ষেত্রৰ  অন্তৰ্গত  এখন  ৰাজ্য  । উমেশ চন্দ্ৰ  গোস্বামীৰ (Goswami et al ., 2012) গৱেষণা পত্ৰত প্ৰ্কাশিত তথ্য অনুযায়ী ভাৰতৰ উত্তৰ  পূৰ্বাঞ্চলৰ  পৰা   ৪২২ টা প্ৰ্জাতিৰ মাছ তালিকাভূক্ত কৰা হৈছে । তাৰোপৰি প্রান্তিকতে প্রকাশিত ড. সঞ্জয় শৰ্মাৰ ‘থলুৱা মাছৰ সংৰক্ষণ আৰু মাছৰ উজান’ শীৰ্ষক প্রবন্ধটিত কোৱা হৈছে যে, ভাৰতবৰ্ষৰ  মুঠ  মাটিকালিৰ  প্রায়  ৮  শতাংশৰে  আবৃত  উত্তৰ  পূৰ্বাঞ্চলৰ  অলৱণীয়  পানীকালিত  ১০টা  বৰ্গৰ  ৩৮টা  পৰিয়ালৰ  ১১৪টা  গণৰ  ২৭০  বিধ  মাছ  ইতিমধ্যেই  চিনাক্ত  কৰা  হৈ  গৈছে  ।         ...