ক'ৰ'না ভাইৰাছ তথা ক'ভিদ ১৯ ৰ সম্পৰ্কে জানিবলগীয়া কিছুমান কথা

            আমি বাৰু কোনোবাই ভাবিছিলোঁনে যে এটি ০.০৫ - ০.২ মাইক্ৰণ আকাৰৰ সৰু ভাইৰাছে সমগ্ৰ বিশ্বৰ জনতাক এদিন অনিৰ্দিষ্ট কাললৈ গৃহবন্দী কৰি ৰাখিব ? আমি বাৰু কেতিয়াবা ভাবিছিলোঁনে যে চিনেমাত দেখাৰ দৰে এজন ৰোগীয়ে যদি আন এজন স্বাস্থ্যবান লোকক স্পৰ্শ কৰি দিয়ে তেতিয়া সেইলোকজনৰ দেহলৈও এই ৰোগবিধে সংক্ৰমন কৰিব ? আমি বাৰু কোনোবাই ভাবিছিলোঁনে যে আমাৰ দৰে সাধাৰণ জনতাই কেতিয়াও নাম নুশুনা চীন দেশৰ হুৱেই প্ৰদেশৰ য়ুহান চহৰত উৎপত্তি হোৱা এটা সৰু ভাইৰাছে প্ৰায় তিনিমাহৰ ভিতৰতে গোটেই বিশ্বত আতংকৰ সৃষ্টি কৰিব ??

            নাই ! সঁচা কথাটো হৈছে ভবাতো বাদেই আমি কোনেও কল্পনাও কৰা নাছিলোঁ যে পৃথিৱীলৈ হঠাৎ এনেকুৱা এক বিভীষিকা, এনেকুৱা এক অমানিশাও নামি আহিব ! বহুতে ক'ব বিচাৰে যে মানৱ সমাজে প্ৰকৃতিৰ ওপৰত যি অত্যাচাৰ চলাইছিল তাৰ পৰিণতিয়ে হৈছে ক'ৰ'না ভাইৰাছ ৷ বহুতো বিজ্ঞলোকে আকৌ ক'ৰ'না মহামাৰীক তুলনা কৰিছে  মানৱসমাজৰ লগত ৷ তেওঁলোকে কৈছে যদি মানুহবোৰক ক'ৰ'না ভাইৰাছ বুলি কল্পনা কৰা হয় তেতিয়াহ'লে এতিয়া ধ্বংসযজ্ঞ চলোৱা ক'ৰ'না ভাইৰাছবিধ হ'ব প্ৰকৃতিৰ ঔষধ ৷ কাৰণ মানুহ নামৰ ভাইৰাছবিধে কোনো বাচ-বিচাৰ নকৰাকৈ প্ৰকৃতি ধ্বংস কৰি আহিছিল আৰু এতিয়া প্ৰকৃতিয়ে জীৱনৰ চৰম সীমাত উপনীত হৈ ক'ৰ'না নামৰ ঔষধবিধ সেৱন কৰিছে যাতে মানুহ নামৰ ভাইৰাছবিধক সমূলি শেষ কৰিব পাৰে ! তুলনাটো অলপ মন দি ভাবি চাবচোন !! 
            এতিয়া আহোঁ ক'ৰ'না ভাইৰাছৰ আৱিষ্কাৰৰ বিষয়লৈ ৷ বিজ্ঞনীসকলে নতুনকৈ আৱিষ্কাৰ হোৱা  ক'ৰ'না ভাইৰাছে কৰা ৰোগটোৰ নাম দিছে ক'ভিদ ১৯ (COVID19) বুলি ৷ এই ২০১৯ চনত চিনাক্ত হোৱা COrona VIrus Disease নামৰ ৰোগবিধৰ ইংৰাজী শব্দকেইটাৰ প্ৰথম দুটাৰ দুটাকৈ আৰু শেষৰটোৰ এটা বৰ্ণৰ সংমিশ্ৰণ ঘটাই নাম দিয়া হৈছে COVID. পৃথিৱীত যেতিয়াৰ পৰাই COVID19ৰ আতংকই আৱৰি ধৰিছে, তেতিয়াৰ পৰাই আমি এই ভাইৰাছবিধৰ লগত জড়িত কিছুুুমান নতুুুন নতুন শব্দৰ সন্মুখীন হৈ আহিছো ৷ ইংৰাজী শব্দ যেনে Pandemic, Social distancing, Quarantine আদিবোৰ হৈ পৰিছে আমি দৈনন্দিন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা কিছুমান শব্দ ! চৰকাৰৰ স্বাস্থ্য বিভাগে সাধাৰণ জনতাক এই শব্দবোৰৰ সঠিক বৰ্ণনা দিবলৈও যৎপৰোনাস্তি চেষ্টা কৰিছে কিন্তু এনে লাগে 
এতিয়াও এনে কিছুমান শব্দই যেন আমাৰ মনত খুদুৱনিৰ সৃষ্টি কৰি আহিছে ৷  এনে কিছুমান শব্দ যিবোৰ আমি শুনি আছোঁ হয় কিন্তু তাৰ নিহীত অৰ্থ কি সেয়া এতিয়াও যেন এতিয়াও ভালকৈ নাজানো ! তাকে সাধাৰণ জনতাক আকৌ এবাৰ জ্ঞাত কৰাবলৈ এই লিখনিটোৰ প্ৰস্তুত কৰিলোঁ ৷ 
১৷ ক'ৰ'ণা ভাইৰাছ ::

            ক'ৰ'ণা ভাইৰাছৰ কথা ক'লেই আমি COVID-19 ৰ কথা কওঁ ৷ কিন্তু এইখিনিতে আমি মন কৰিব লাগিব যে ক'ৰ'ণা ভাইৰাছ আৰু ক'ভিদ আচলতে একে নহয় ৷ ক'ৰ'ণা ভাইৰাছ হৈছে ভাইৰাছৰ এটা ডাঙৰ পৰিয়াল য'ত SARS COV 2 হৈছে সেই পৰিয়ালৰে এজন সদস্য ৷ সহজ ভাষাত ক'বলৈ গ'লে জনৈক "ক" নামৰ পৰিয়ালটি হৈছে ক'ৰ'ণা ভাইৰাছ আৰু সেই পৰিয়ালৰ সৰু পুত্ৰজন হৈছে ক'ভিদ ১৯৷ এই ক'ৰ'ণা শব্দটো এটা লেটিন ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে crown অৰ্থাৎ মুকুট ৷ ওপৰৰ ছবিখন মন কৰিলে দেখিব যে বিজ্ঞানীসকলে যেতিয়া এই ভাইৰাছটো অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া এটা ঘূৰণীয়া বলত বহুকেইটা মুকুট সঁজাই থোৱাৰ দৰে দেখিছিল ৷ 
            বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই ইতিমধ্যেই ঘোষণা কৰিছে যে ক'ভিন ১৯ পৰিয়ালটো জুন'টিক (Source) অৰ্থাৎ ই জন্তু আৰু মানুহৰ মাজত সংক্ৰমিত হ'ব পাৰে ৷ এই ক'ৰ'ণা ভাইৰাছৰ পৰিয়ালটোক একেলগতে কোৱা হয় ক'ৰ'ণাভাইৰিডি (Coronaviridae) বুলি আৰু এই পৰিয়ালৰ সদস্যসকল পানী লগাৰ দৰে সাধাৰণ স্বাস্থ্যজনিত অসুবিধাৰ বাবেও দায়ী ৷ 
            জেফ্ৰী আৰু কেন্নেথ (২০০৫)ৰ গৱেষণা পত্ৰ অনুযায়ী ক'ৰ'ণা ভাইৰাছৰ গৱেষণাৰ ইতিহাস আৰম্ভ হৈছিল ১৯৬৫ চনৰ টাইৰেল আৰু বাইন'ৰ গৱেষণাত, B-814  নামেৰে ৷ এই ভাইৰাছবিধ প্ৰথমবাৰৰ বাবে পোৱা গৈছিল সাধাৰণ জ্বৰ হোৱা এজন প্ৰাপ্তবয়স্কলোকৰ শ্বাস নলীৰ অংগ সংবৰ্ধন (Tissue culture)ৰ সময়ত ৷ ক'ৰ'ণা ভাইৰাছৰ ওপৰত গৱেষণা কৰিবলৈ ক'ৰ'ণাভাইৰ'লজী বুলি এটা বিশেষ বিভাগো আছে ৷ আকৌ ইংৰাজী ৱিকিপেডিয়াৰ মতে ক'ৰ'ণা ভাইৰাছৰ আৱিষ্কাৰ হৈছিল ১৯৩০ চনত, পোহনীয়া কুকুৰাৰ শ্বাসজড়িত সংক্ৰমণৰ এক গৱেষণাত ৷ আকৌ এই ৱিকিপেডিয়াৰ মতেই মানুহৰ দেহত প্ৰথম ক'ৰ'ণা ভাইৰাছৰ উপস্থিতি  ধৰা পৰিছিল ১৯৬০ চনত (কাহ্ন আৰু মেক্লেনটচ্, ২০০৫) আৰু নাম দিয়া হৈছিল Human Coronavirus 229E আৰু Human Coronavirus OC43 বুলি ৷ এই দুটা ভাইৰাছৰ আকৃতি তথা গঠনৰ প্ৰথমে গৱেষণা কৰিছিল স্কটলেণ্ডৰ ভাইৰাছ বিশেষজ্ঞ জুনে আলমেইদাই লণ্ডনৰ বিখ্যাত ছেন্ট থমাছ হস্পিতেলত ৷ ইয়াৰ পিছতে ক'ৰ'ণা ভাইৰাছ পৰিয়ালৰ আৰু কেইবাটাও সদস্য গৱেষণাৰ দ্বাৰা আৱিষ্কাৰ হৈছিল ৷ 
            ক'ৰ'ণা ভাইৰাছৰ বৈজ্ঞানিক নাম হৈছে Orthocoronavirinae বা Coronavirinae ৷ Coronaviridae পৰিয়ালৰ অন্তৰ্গত এই ভাইৰাছ বিধৰ গণ Nidovirales আৰু ক্ষেত্ৰ Riboviria ৷ ইয়াৰ চাৰিটা প্ৰধান জাতি হৈছে Alphacoronavirus আৰু Betacoronavirus   যি প্ৰধানকৈ স্তন্যপায়ী প্ৰাণীত সংক্ৰমিত হয় অন্যহাতে  Gammacoronavirus আৰু Deltacoronavirus যি মূখ্যত চৰাইত সংক্ৰমিত হোৱা দেখা যায় ৷ 

ক'ভিদ ১৯ (COVID 19) :: 

            বৰ্তমান সমগ্ৰ বিশ্বই ভূগি থকা ক'ৰ'ণা ভাইৰাছ পৰিয়ালৰ সদস্যজনেই হৈছে COVID 19 ৷ এই ভাইৰাছটোৰ কাৰিকৰী শব্দটো হৈছে SARS -CoV-2 ৷ এই ভাইৰাছটোৰ উৎপত্তি কেনেকৈ হ'ল তাৰ কোনো তথ্য বৰ্তমানলৈ কাৰো হাতত নাই ৷ SARS মানে হৈছে  Severe acute respiratory syndrome অৰ্থাৎ শ্বাস প্ৰশ্বাসৰ লগত জড়িত এটা উপসৰ্গ ৷ এই ভাইৰাছটিৰ বিষয়ে প্ৰথম তথ্য পোৱা গৈছিল চীন দেশৰ হুবেই প্ৰদেশৰ য়ুহান চহৰত য'ত তাৰ কিছুমান স্থানীয় ব্যক্তিৰ শৰীৰত জ্বৰ, কাঁহ তথা শ্বাস-প্ৰশ্বাসত অসুবিধাৰ দৰে কিছুমান উপসৰ্গই দেখা দিছিল ৷
            বিশ্ব স্বাস্থ্য সংস্থাৰ চীনৰ কাৰ্য্যালয়ত ৩১ ডিচেম্বৰ, ২০১৯ত হুবেই প্ৰদেশত হোৱা নিউমনিয়াৰ দৰে এক বেমাৰক প্ৰথমবাৰৰ বাবে নথিভুক্ত কৰা হৈছিল ৷ এই প্ৰাদুৰ্ভাৱক ৩০ জানুৱাৰী, ২০২০ ত জৰুৰী ভাৱে সামুহিক স্বাস্থ্য আপাতকাল হিচাপে ঘোষণা কৰা হয় ৷ ১১ ফেব্ৰুৱাৰী, ২০২০ ত বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছবিধৰ নামাকৰণ কৰে COVID19 বুলি আৰু ১১ মাৰ্চ, ২০২০ ত COVID19 ক সৰ্বব্যাপী মহামাৰী (Pandemic) হিচাপে স্বীকৃতি দিয়া হয় (Source)৷ 
            COVID19 ৰ সাধাৰণ লক্ষনবোৰৰ ভিতৰত জ্বৰ, কাঁহ, আৰু ঊশাহৰ দৈৰ্ঘতা কমি যোৱা আদিয়েই মূখ্য (Source) ৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত মাংসপেশীৰ বিষ, ডায়েৰিয়া, ঘ্ৰাণ শক্তি কমি যোৱা, পেটৰ বিষ আদি উপসৰ্গও দেখা পোৱা যায় ৷ এই বেমাৰবিধ স্পৰ্শ, কাঁহ বা হাঁচিয়ালে মুখৰ পৰা ওলাই অহা সৰু সৰু কণিকাবোৰৰ দ্বাৰা বা কোনোবা ৰোগীৰ লগত কাষৰ পৰা কথা পতাৰ ফলত এজনৰ পৰা আনজনলৈ সংক্ৰমিত হয় ৷
            বহুতে দাবী কৰিছে যদিও এতিয়ালৈ এই বেমাৰবিধৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই ৷ উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ১৮ মাৰ্চ, ২০২০ত COVID19 ৰ বিপক্ষে এক ঐক্যবধ্য প্ৰচেষ্টা হাতত লৈছিল য'ত আৰ্জেন্টিনা, বাহৰেইন, কানাডা, ফ্ৰান্স, ইৰাণ, মালয়েচিয়া, নৰ'ৱে, দক্ষিন আফ্ৰিকা, স্পেইন, চুইজাৰলেণ্ড আৰু থাইলেণ্ডেৰ দৰে প্ৰায় ১১খন দেশে অংশ লৈছিল ৷ বৰ্তমান এই প্ৰচেষ্টাত ভাগ লোৱা দেশৰ সংখ্যাই ১০০ খনক অতিক্ৰম কৰিছে ৷ 

উষ্মায়ন ম্যাদ (Incubation period):: (Details)

            উষ্মায়ন ম্যাদ মানে হৈছে সেইখিনি সময় য'ত ভাইৰাছটোৱে তাৰ লক্ষণসমূহ এজন ব্যক্তিৰ শৰীৰত প্ৰতিফলিত কৰিবৰ বাবে ল'য় ৷ সাধাৰণ ভাষাত ক'বলৈ গ'লে এজন ব্যক্তি ভাইৰাছৰ সংস্পৰ্শলৈ অহা দিনৰ পৰা তেওঁৰ শৰীৰত ৰোগৰ লক্ষন দেখুওৱা পৰ্য্যন্ত সময়খিনিয়েই হৈছে উষ্মায়ন ম্যাদ অৰ্থাৎ Incubation period ৷ 
            উষ্মায়ন ম্যাদক প্ৰধানত দুটা ভাগত ভগাব পাৰি, অন্তৰ্ৱত্তী উষ্মায়ন ম্যাদ (Intrinsic incubation period) আৰু বাহ্যিক উষ্মায়ন ম্যাদ (Extrinsic incubation period) ৷ এই দুই ম্যাদক ভেক্টৰজনিত বেমাৰৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হয় ৷ অন্তৰ্ৱত্তী উষ্মায়ন ম্যাদ মানে হৈছে সেই সময় যি এটা জীৱই অন্য এটা অন্তিম পৰপোষী জীৱৰ শৰীৰত তাৰ বিকাশৰ বাবে লয় ৷ অন্যহাতে বাহ্যিক উষ্মায়ন ম্যাদ মানে হৈছে সেই সময় য'ত এটা জীৱই অন্য এটা মধ্যম পৰপোষী জীৱৰ শৰীৰত তাৰ বিকাশৰ বাবে ল'য় ৷ ক'ভিদ ১৯ ৰ উষ্মায়ন ম্যাদ হৈছে ২ - ১৪ দিন ৷ 

                                                                             (Source)
সৰ্বব্যাপী মহামাৰী (Pandemic):: (Details)

            কোনোবা এটা বেমাৰক সৰ্বব্যাপী মহামাৰী অৰ্থাৎ Pandemic বুলি তেতিয়া কোৱা হয় যেতিয়া সেই বেমাৰটো গোটেই বিশ্বৰ গৰিষ্ঠ সংখ্যক দেশতে বিয়পি পৰে ৷ ক'ভিড ১৯ নামৰ ভাইৰাছটো যেতিয়া বিশ্বৰ প্ৰায় ১০০ খন দেশত বিয়পি পৰাৰ তথ্য পোৱা গ'ল তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ১১ মাৰ্চ, ২০২০ ত ইয়াক সৰ্বব্যাপী মহামাৰী বা Pandemic বুলি ঘোষণা কৰে ৷ কোনোবা এটা বেমাৰক সৰ্বব্যাপী মহামাৰী (Pandemic), দেশব্যাপী মহামাৰী (Epidemic) বা স্থানীয় মহামাৰী (Endemic) বুলি ঘোষণা কৰাৰ ক্ষমতা কেৱল মাত্ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) হে থাকে ৷ 
               সৰ্বব্যাপী মহামাৰীৰ ইতিহাস অতি পুৰণি ৷ খ্ৰীষ্টপূৰ্ব ১৬৫-১৮০ ত এন্টনিন প্লেগ বেমাৰে মহামাৰী ৰূপে ভুমুকি মাৰিছিল ৷ মৃত্যু হৈছিল প্ৰায় ৫ মিলিয়ন লোকৰ ৷ পিছলৈ জাপানীজ এনকেফেলাইটিছ, সৰু আই, এইডচ্, চোৱাইন ফ্লু, SARS, ইব'লা, MERS ক সৰ্বব্যাপী মহামাৰী বুলি ঘোষণা কৰা হয় ৷ 
            আগৰ দিনবোৰত মহামাৰীক প্ৰথমে ভূত অথবা ভগৱানৰ কাম বুলি ধৰা লৈছিল ৷ এনে অবৈজ্ঞানিক চিন্তাধাৰা এতিয়াও কিছুমান সমাজত বিয়পি আছে যাৰ কাৰণে বহুলোকে আজিৰ দিনটো সুচিকিৎসা নাপাই জীৱনৰ পৰা বিদায় মাগি আছে ৷ যদিও সময়ে সময়ে বহু বেমাৰক সৰ্বব্যাপী মহামাৰীৰূপে ঘোষণা কৰি অহা হৈছে তথাপিও চিকিৎসাবিজ্ঞান ক্ষেত্ৰখনত হোৱা অমূল পৰিৱৰ্তনে কিন্তু লাহে লাহে এনে মহামাৰীৰ দ্বাৰা প্ৰাণ যোৱা ৰোগীৰ সংখ্যাও কমাই আনিছে ৷ 

সম্প্ৰদায় সংক্ৰমন (Community spread):: (Details)
            কোনোবা এটা বেমাৰৰ ভাইৰাছে সম্প্ৰদায় ছানি ধৰা বুলি তেতিয়া কোৱা হয় যেতিয়া ই এটা সম্প্ৰদায়ৰ এজন ব্যক্তিৰ পৰা সিজনলৈ অতি সহজে বিয়পি পৰে ৷ যেতিয়া এটা ভাইৰাছৰ প্ৰকৃত উৎসৰ কোনো তথ্য পোৱা নাযায়, তেতিয়াই এটা সম্প্ৰদায় ছানি ধৰাৰ তথ্য লাভ কৰা হয়  ৷ যদি কোনোবা এজন সুস্থ ব্যক্তিৰ কোনো ভ্ৰমন বৃত্তান্ত (Travel history) অথবা কোনো আক্ৰান্ত ৰোগীৰ লগত ভাৱ বিনিময়ৰ তথ্য নথকাকৈয়ে সেই বিশেষ ৰোগবিধৰ দ্বাৰা আক্ৰান্ত হয় তাকে সম্প্ৰদায় ছানি ধৰা বুলি কোৱা হয় ৷ 

অসংক্ৰাম্যকৰণ (Quarantine) আৰু পৃথকীকৰণ /একাকীকৰণ (Isolation):: (Details)
            অসংক্ৰাম্যকৰণ মানে হৈছে এজন ব্যক্তিৰ শৰীৰত যদি কোনো ৰোগৰ লক্ষনে দেখা দিছে বা সেই ব্যক্তিজন যদি কোনোবা এখন দেশৰ পৰা যাত্ৰা কৰি আহিছে য'ত মহামাৰী বিয়পাৰ তথ্য আছে তেতিয়া যাতে সেই মহামাৰী এইখন দেশতো বিয়পি নপৰে তাৰ বাবে তেওঁক সুকীয়াকৈ ৰখাৰ এক ব্যৱস্থা ৷ 
            অন্যহাতে পৃথকীকৰণ বা একাকীকৰণ মানে হৈছে যদি কোনোবা এজন ব্যক্তিৰ শৰীৰত পৰীক্ষা কৰাৰ পিছত বেমাৰবিধৰ উপস্থিতি নিশ্চিত হৈছে তেতিয়া তেখেতক আন ব্যক্তিৰ সংস্পৰ্শলৈ ননাকৈ ৰখাৰ এক ব্যৱস্থা ৷ সাধাৰণতে অসংক্ৰাম্যকৰণ ঘৰত তথা কিছুমান ক'ভিদ কেয়াৰ চেন্টাৰতো কৰা হয় কিন্তু একাকীকৰণ/পৃথকীকৰণ এজন চিকিৎসকৰ তত্বাৱধানত কৰা হয় ৷ 

ক'মৰ্বিডিটী (Comorbidity):: (Read this paper)
            ক'মৰ্বিদিতি হৈছে এটি চিকিৎসাজনিত পৰিস্থিতি য'ত এজন ব্যক্তি একে সময়তে একাধিক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায় ৷ যেতিয়া কোনোবা এজন ব্যক্তি একাধিক ৰোগত আক্ৰান্ত হয় তেতিয়া সেই ৰোগীজনৰ ক'ভিদ ১৯ ৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায় ৷ উদাহৰণস্বৰূপে যদি এজন ব্যক্তি মধুমেহ (diabetic) আৰু উচ্চ ৰক্তচাপজনিত (High blood pressure) ৰোগী হয় তেতিয়া তেওঁৰ ক'ভিদ ১৯ ৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যা বঢ়াৰ পূৰা সম্ভাৱনা থাকে ৷ 

সামাজিক দূৰত্ব  (Social distancing):: (Details)
            এইকেইদিন বোধহয় আপোনালোকে আটাইতকৈ বেছি শুনি থকা শব্দ দুটাই হৈছে সামাজিক দূৰত্ব অৰ্থাৎ Social distancing আৰু ই কেনেকৈ ৰোগ প্ৰতিৰোধত সহায় কৰে ৷ ইয়াৰ মানে হৈছে এক সুৰক্ষিত ব্যৱধান (৩-৬ ফুট)ত থাকি এজন ৰোগীয়া ব্যক্তিৰ পৰা বেমাৰৰ সংক্ৰমন প্ৰতিৰোধ কৰা ৷ যিহেতু উষ্মায়ন ম্যাদৰ সময়খিনিত ৰোগীয়ে সকলো লক্ষন নেদেখুৱাই গতিকে আপুনি যদি এক সুৰক্ষিত ব্যৱধানত থাকি ব্যক্তিৰ লগত আদান প্ৰদান কৰে তেতিয়া  ই আপোনাক বেমাৰবিধৰ পৰা প্ৰতিৰোধ কৰাই নহয় বেমাৰৰ শৃঙ্খল ভঙাতো সহায় কৰিব ৷ 
বক্ৰ বিচ্যুতিকৰণ  (Flattening the curve)::
            আপোনালোকে চাগৈ এইকেইদিন বাতৰিত শুনি আছে ৰেখাডালক চেপি ধৰা কিন্তু তাৰ মানেনো কি? ৰেখাডালক চেপি ধৰা মানে হৈছে  বেমাৰৰ সংক্ৰমন ধীৰে ধীৰে কমাই আনা ৷ এইয়া তেতিয়াহে সম্ভৱ যেতিয়া আমি বেমাৰ বিধৰ বিপক্ষে সতৰ্কতা অৱলম্বন কৰিম, হাত ধুই থকাৰ অভ্যাস কৰিম আৰু সামাজিক দূৰত্ব বজাই ৰাখিম ৷
গতিকে ৰাইজসকল আহক আমি সামাজিক দূৰত্ব বজাই ৰাখি, মুখত মাস্ক পিন্ধি, সঘনাই হাত ধুই থাকি ক'ভিদ ১৯ ৰ পৰা নিজকে তথা আনলৈ সংক্ৰমন প্ৰতিৰোধ কৰো ৷ 

Comments

  1. Very informative... thanks sir 🙏

    ReplyDelete
    Replies
    1. Thank you so much for making out some time to read my article. If you believe these information will help our community then kindly share..

      Delete
  2. insurance agents is a well-reputed platform that has been providing multiple insurances to those who have big plans.

    ReplyDelete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries