ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীতকেইটাতকৈও জনপ্ৰিয়

                      অ'ৰিজিনেল বস্তুৰ প্ৰতি আমাৰ সদায়ে টান থাকে সেয়া লাগিলে যি বস্তুৱেই নহওক !  সাধাৰণতে গানবোৰ প্ৰথমতে জনপ্ৰিয় হয় প্ৰকৃত শিল্পীৰ কন্ঠতেই ৷ আচলতে আমিবোৰেও প্ৰায়ে ৰিমেক/ ৰিমিক্স কৰা গানবোৰ শুনিলে কওঁ প্ৰকৃত গীতটিয়েই ভাল আছিল বা old is gold বুলি ৷ কিন্তু কেতিয়াবা কিছুমান গীত এনেকুৱাকৈ ৰিমেক হয় যি আমাক প্ৰকৃত গীতটিৰ কথা পাহৰাই তোলে ৷ আমি পাহৰি যাওঁ প্ৰকৃত গীতটিৰ শিল্পী কোন আছিল বা কেতিয়া মুক্তি পাইছিল ৷ আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এনেকুৱা ছটা অসমীয়া ৰিমেক গীত যি প্ৰকৃত গীত কেইটাতকৈও বহুগুণে জনপ্ৰিয় ৷ আহকচোন ব্লগটি পঢ়াৰ লগতে প্ৰকৃত তথা ৰিমেক গীত কেইটাও শুনো !


১. ফুল ফুলক ৰ'দৰে ফুল

প্ৰকৃত কণ্ঠশিল্পী: বৈকুন্ঠ নাথ গগৈ
কথা: দ্বিজেন্দ্ৰ মোহন শৰ্মা
সুৰ: বৈকুন্ঠ নাথ গগৈ
ৰিমেক কণ্ঠশিল্পী: জুবিন গাৰ্গ
এলবাম: মুক্তি
মুক্তিৰ বছৰ: ১৯৯৭ চন


                   পেচাত এজন পশু চিকিৎসক স্বৰ্গীয় বৈকুন্ঠ নাথ গগৈৰ সৃষ্টি "ফুল ফুলক ৰ'দৰে ফুল" ৷ আকাশবাণী ডিব্ৰুগড়ৰ স্বীকৃতি প্ৰাপ্ত কণ্ঠশিল্পী স্বৰ্গীয় বৈকুন্ঠ নাথ গগৈদেৱৰ কণ্ঠৰ গীতটি খুব কম সংখ্যক মানুহেহে শুনিছে ৷ ডিব্ৰুগড় আকাশবাণীত মাজে মাজে প্ৰচাৰ হোৱা এই অমৰ গীতটিক নতুনকৈ প্ৰাণ দিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে ৷১৯৯৭ চনত মুক্তিপ্ৰাপ্ত "মুক্তি" নামৰ এলবামটিত সন্নিবিষ্ট কৰিলে "ফুল ফুলক ৰ'দৰে ফুল" শীৰ্ষক গীতটি আৰু তাৰ পিছৰখিনি ইতিহাস ৷ এলবামটিৰ বাকীকেইটা গীতত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছিল তেখেতৰ ভগ্নী স্বৰ্গীয় জংকী বৰঠাকুৰে ৷

গীতকেইটা শুনিবলৈ তলৰ লিংকত টিপক:

ফুল ফুলক ৰ'দৰে ফুল (প্ৰকৃত)

ফুল ফুলক ৰ'দৰে ফুল (ৰিমেক)

২. নৱ নৱ ব'হাগ আহে

প্ৰকৃত কণ্ঠশিল্পী: ইলা বসু
কথা: ড° ভূপেন হাজৰিকা
সুৰ:  লক্ষ্মীকান্ত - প্যাৰেলাল
চলচিত্ৰ: ভাগ্য
মুক্তি: ১৯৬৫ চন
ৰিমেক কণ্ঠশিল্পী: শান্তা উজীৰ

               অসমীয়া চলচিত্ৰ "ভাগ্য"ৰ বাবে ড° ভূপেন হাজৰিকাৰ কথাৰে আৰু  লক্ষ্মীকান্ত- প্যাৰেলালৰ সংগীতৰে সজোৱা এই বিখ্যাত গীতটিত কণ্ঠদান কৰিছিল সেই সময়ৰ কলিকতাৰ বিখ্যাত গায়িকা ইলা বসুৱে ৷ পিছলৈ গীতটিৰ ৰিমেক কৰা হয় আৰু এইবাৰ কণ্ঠদান কৰে শিল্পী শান্তা উজীৰে ৷ উল্লেখ্য যে এই গীতটি ১৯৪৩ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি "তকদীৰ" বোলছবিৰ "জৱ জৱ বাহাৰ আয়ে" শীৰ্ষক গীতটিৰ আধাৰত নিৰ্মিত য'ত কন্ঠদান কৰিছিল লতা মংগেশকাৰ আৰু মহম্মদ ৰফীয়ে ৷

জৱ জৱ বাহাৰ আয়ে (তকদীৰ)

নৱ নৱ ব'হাগ আহে (প্ৰকৃত)

নৱ নৱ ব'হাগ আহে (ৰিমেক)

৩. তোক দেখি মোৰ গা

প্ৰকৃত কণ্ঠশিল্পী: ঊষা উত্থুপ
কথা/সুৰ: ভূপেন উজীৰ
ৰিমেক কণ্ঠশিল্পী: তৃষ্ণা দেৱী
এলবাম: এটি মিঠা সুৰ

                    তোক দেখি মোৰ গা শীৰ্ষক গীতটি সুৰকাৰ/গীতিকাৰ ভূপেন উজীৰদেৱে লিখিছিল ঊষা উত্থুপৰ কাৰণে ৷ পৃথক আৱাজশৈলীৰ শিল্পী উত্থুপৰ কণ্ঠত জনপ্ৰিয় হৈ পৰা এই গীতটিৰ ৰেকৰ্ডিং পোৱা নাযায় ৷ কোনো কোনোৱে কোৱা মতে তেওঁ গীতটি অকল মঞ্চতহে পৰিৱেশন কৰিছিল, কোনো ৰেকৰ্ড নাছিল ৷ জনপ্ৰিয় শিল্পী তৃষ্ণা দেৱীয়ে তেওঁৰ কণ্ঠ ঊষা উত্থুপৰ লগত বহু সামঞ্জস্য থকাৰ বাবে গীতটি অন্তৰ্ভূক্ত কৰিছিল তেখেতৰ এলবাম "এটি মিঠা সুৰ"ত ৷ এলবামটিৰ বাকীকেইটা গানৰো সুৰ বলিউদৰ গানৰ পৰা সংগ্ৰহ কৰা হৈছিল ৷ 

তোক দেখি মোৰ গা (ঊষা উত্থুপৰ কন্ঠত)

তোক দেখি মোৰ গা (তৃষ্ণা দেৱীৰ কন্ঠত)


৪. নিয়ৰৰে ফুল এপাহ ফুলিল

প্ৰকৃত কণ্ঠশিল্পী: ড° ভূপেন হাজৰিকা

গীতিকাৰ: নৱকান্ত বৰুৱা

সুৰকাৰ: ড° ভূপেন হাজৰিকা

ৰিমেক কণ্ঠশিল্পী: জুবিন গাৰ্গ 


                  স্বনামধন্য জনশিল্পী স্বৰ্গীয় ড° ভূপেন হাজৰিকাদেৱৰ কণ্ঠত প্ৰথমে বাণীবদ্ধ কৰা হৈছিল স্বৰ্গীয় কবি নৱকান্ত বৰুৱাদেৱে লিখা এই বিখ্যাত গীতটি ৷ পিছলৈ জুবিন গাৰ্গে একেই গীতটি ৰিমেক কৰি নতুনকৈ উলিয়াই দিয়ে ৰাইজৰ মাজলৈ ৷ জুবিন গাৰ্গে গীতটি অন্তৰ্ভূক্ত কৰে তেওঁৰে এলবাম "মুখা" ত যি মুক্তি পাইছিল ২০০৬ চনত ৷ 

নিয়ৰৰে ফুল (প্ৰকৃত) শুনিবলৈ টিপক

নিয়ৰৰে ফুল (ৰিমেক) শুনিবলৈ টিপক


৫. শ্যামৰাই কলীয়া 

প্ৰকৃত কণ্ঠশিল্পী: স্বৰ্গীয় খগেন মহন্ত

কথা: পৰম্পৰাগত 

ৰিমেক কণ্ঠশিল্পী: অংগৰাগ পাপন মহন্ত

                        আচলতে "শ্যামৰাই কলীয়া অহে বিনন্দীয়া" এটা প্ৰচলিত টোকাৰীগীত যিটোত কণ্ঠ দিছিল লোকগীতৰ সম্ৰাট স্বৰ্গীয় খগেন মহন্ত দেৱে ৷ পিছলৈ এইটি গীতকে তেখেতৰ পুত্ৰ, এগৰাকী বিখ্যাত গায়ক অংগৰাগ পাপন মহন্তই ৰিমেক কৰি পৰিৱেশন কৰে এম টিভিৰ অতি জনপ্ৰিয় অনুষ্ঠান "ক'ক স্টুডিঅ'ত" ৷ নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয় হৈ পৰা শ্যামৰাই কলীয়াৰ প্ৰকৃত শিল্পীযে পাপনৰ পিতৃ স্বৰ্গীয় খগেন মহন্তহে সেয়া বহুতে নাজানে ৷ 

শ্যামৰাই কলীয়া (প্ৰকৃত) শুনিবলৈ টিপক

শ্যামৰাই কলীয়া (ৰিমেক) শুনিবলৈ টিপক


৬. কোনে জানে তোমাৰ সপোন

প্ৰকৃত কণ্ঠশিল্পী: শ্যামল মিত্ৰ

কথা: ড° ভূপেন হাজৰিকা

সুৰ:  লক্ষ্মীকান্ত - প্যাৰেলাল

চলচিত্ৰ: ভাগ্য

মুক্তি: ১৯৬৫ চন

ৰিমেক কণ্ঠশিল্পী: চেমচন ইংতি


                 অসমীয়া চলচিত্ৰ  "ভাগ্য"ৰ বাবে ড° ভূপেন হাজৰিকাৰ কথাৰে আৰু  লক্ষ্মীকান্ত- প্যাৰেলালৰ সংগীতৰে সজোৱা " কোনে জানে তোমাৰ সপোন" শীৰ্ষক বিখ্যাত গীতটিত কণ্ঠদান কৰিছিল সেই সময়ৰ কলিকতাৰ বিখ্যাত গায়ক শ্যামল মিত্ৰই ৷ পিছলৈ গীতটিৰ ৰিমেক কৰা হয় আৰু এইবাৰ কণ্ঠদান কৰে শিল্পী চেমচন ইংতিয়ে ৷

 কোনে জানে (প্ৰকৃত) শুনিবলৈ টিপক

কোনে জানে (ৰিমেক) শুনিবলৈ টিপক

Comments

  1. নজনা কথা জানিলো,ভাল লাগিল পঢ়ি

    ReplyDelete
    Replies
    1. ধন্যবাদ ৰুমী বা ৷ ভাল লাগিল বুলি জানি মোৰো ভাল লাগিল ৷

      Delete
  2. প্ৰথম ৩টা নাজানিছিলোঁ। ভাল লাগিল জানি

    ReplyDelete
    Replies
    1. হি হি হি :) লিখাটোো ঠিকেই আছেনে বাৰু?

      Delete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries