প্ৰনিংৰ বিষয়ে জানিবলগীয়া কেইটামান খুবেই দৰকাৰী কথা



                তিমধ্যে গম পোৱা গৈছে যে ক'ভিড-১৯ৰ ভাইৰাছে প্ৰধানকৈ হাঁওফাঁওক আক্ৰান্ত কৰে আৰু যাৰ ফলত ৰোগীয়ে ঊশাহ নিশাহত বহুত কষ্ট পায় ৷ তেতিয়া লগে লগে শৰীৰত অক্সিজেনৰ পৰিমাণো কমি আহে ৷ সেয়েহে চিকিৎসকসকলে এনে ৰোগীক তেওঁলোকৰ অক্সিজেন সংপৃক্ততা সঘনাই পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ দিয়ে । যদিহে এনে পৰীক্ষাত ৰোগীৰ সংপৃক্ততা ৯৪%ৰ তললৈ যায়, তেখেতক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে ৷ যিহেতু বৰ্তমান প্ৰায়বিলাক চিকিৎসালয়ত আসনৰ নাটনিয়ে দেখা দিছে গতিকে চিকিৎসকসকলে এনে ৰোগীক শৰীৰত অক্সিজেনৰ সংপৃক্ততা বৃদ্ধি কৰিবলৈ ঘৰতে 'প্ৰনিং' কৰোৱাৰ পৰামৰ্শ দিয়ে যাৰ ফলত কিছুসময়ৰ পিছতে সেই ৰোগীৰ অক্সিজেনৰ স্তৰ আকৌ উন্নীত হয়। আহকচোন এই সংকটৰ সময়ত আমি সকলোৱে প্ৰ'নিং মানে কি সেয়া অলপ শিকি লওঁ ৷ স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ কিদৰে ক্ৰমান্বয়ে প্ৰ'নিং কৰিব লাগে তাৰ কিছুমান নিৰ্দেশনা জাৰি কৰিছে ৷ গৱেষণাৰ মতে প্ৰ'নিঙে উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰি শৰীৰত অক্সিজেনৰ মাত্ৰা উন্নত কৰাত সহায় কৰে আৰু সেয়েহে ই ক'ভিড-১৯ ৰোগীৰ বাবেও ভীষণ উপকাৰী।

প্ৰ'নিং বা প্ৰৱণ অৱস্থান মানে কি ? 

                প্ৰ'নিং বা প্ৰৱণ অৱস্থান হৈছে এনে এক প্ৰক্ৰিয়া য'ত ৰোগীক বিচনাত পেট পেলাই অৰ্থাৎ তলপেট কৰি শুবলৈ দিয়া হয় ৷ শ্বাসতন্ত্ৰৰ তীব্ৰ সংকটপূৰ্ণ লক্ষণ (acute respiratory distress syndrome, ARDS) থকা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এই প্ৰ'নিং ব্যৱস্থাৰ ব্যৱহাৰ কৰা হয়। আগতে এই প্ৰক্ৰিয়া ভেণ্টিলেটৰত থকা ৰোগীসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল কিন্তু, ক'ভিড-১৯ মহামাৰীৰ সময়ত অক্সিজেন মাস্ক আৰু চিপিএপি (CPAP: Continuous Positive Airway Pressure) থকা ৰোগীসকলৰ বাবেও ইয়াক অক্সিজেন চলাচলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰি অহা হৈছে বুলি গম পোৱা যায় ৷ 

প্ৰ'নিং কৰাৰ সময়ত ল'বলগিয়া সাৱধানতা: কি কৰিব আৰু কি নকৰিব:
  • আহাৰৰ গ্ৰহন কৰাৰ পিছত প্ৰায় এঘণ্টালৈ প্ৰ'নিং নকৰিব ৷ 
  • যেতিয়ালৈ সহজে শুই থাকিব পাৰে তেতিয়ালৈহে প্ৰ'নিং কৰক ৷ জোৰ কৰি আৰু অলপ দেৰি থাকো বুলি প্ৰ'নিং নকৰিব ৷
  • এজন ব্যক্তিয়ে আৰাম অনুভৱ কৰি দিনে গড় হিচাপত প্ৰায় ১৬ ঘণ্টালৈ একাধিক চক্ৰত (Gap লৈ লৈ) প্ৰ'নিং সম্পন্ন কৰিব পাৰে ৷ 
  • তলপেট হৈ শুই থাকোতে সৃষ্টি হোৱা চাপৰ পৰিমাণ কমাবলৈ গাৰুকেইটাৰ স্থান সুবিধা অনুসৰি সলনি কৰি ল'ব পাৰে ৷ 
  • তলপেট হৈ শুই থাকোতে যিহেতু আপুনি চাপ অনুভৱ কৰিব সেই চাপ যাতে কোনো আঘাত পোৱা (বিশেষকৈ হাড়ৰ আঘাত) বা ঘাঁ হোৱা অংশত নহয় তাৰ বাবে মন কৰিব ৷ 
প্ৰ'নিং কেনেকৈ কৰিব? 

                 য়াৰ বাবে আপোনাক কেইটামান গাৰুৰ প্ৰয়োজন হ'ব- এটা গাৰু ঠিক ডিঙিৰ তলত, এটা বুকু আৰু পেটৰ মাজৰ অংশৰ তলত আৰু দুটা গাৰু ঠিক আঁঠুৰ তলত থাকিব লাগে ৷ এইদৰে তলপেট হৈ প্ৰায় ৩০ মিনিট স্বাভাৱিকভাৱে ঊশাহ-নিশাহ লৈ শুই থাকিব লাগে ৷ স্থানসমূহৰ বিষয়ে ভালকৈ জানিবলৈ তলৰ ছবিকেইখন চাব পাৰে ৷ 


প্ৰ'নিং কেনেকৈ কৰিব?

স্ব-প্ৰ'নিংৰ বাবে কিছুমান নিৰ্দেশনা জাৰি কৰা হৈছে ৷ তাৰে ভিতৰত,
• চিকিৎসকসকলে প্ৰ'নিঙৰ প্ৰতিটো অৱস্থানত ৩০ মিনিটতকৈ অধিক সময় ব্যয় কৰিব নালাগে বুলি পৰামৰ্শ দিছে ৷ 
• প্ৰ'নিং ৰ আৰম্ভনি পেট পেলাই শুই লৈ কৰা হয় ৷ এই অৱস্থানত প্ৰায় সহজে শুই থাকিব পৰালৈ থাকিব লাগে ৷
• এইবাৰ অলপ সময়ৰ পিছত সোঁফালে সহজে থাকিব পৰালৈক শুবলৈ চেষ্টা কৰিব লাগে ৷ 
• এইবাৰ ভৰি দুখন সন্মুখলৈ মেলি দি অলপ বহিব লাগে ৷
• এইবাৰ আকৌ বাওঁফালে আকৌ সহজে থাকিব পৰালৈ শুবলৈ চেষ্টা কৰিব লাগে ৷
• এতিয়া আকৌ প্ৰথমটো অৱস্থানলৈ ঘূৰি যাব লাগে অৰ্থাৎ পুনৰ পেট পেলাই শুব লাগে ৷

প্ৰ'নিং কেতিয়া আৰু কোনে পৰিহাৰ কৰা উচিত? 
প্ৰ'নিং এনেবোৰ পৰিস্থিতিত একদমেই নকৰিব:
  • যদিহে আপুনি গৰ্ভধাৰণ কৰিছে
  • যদিহে আপোনাৰ শিৰাৰ থ্ৰম্বোচিছ হৈছে ( বা যদি 48 ঘণ্টাতকৈ কম সময়ৰ আগতে তাৰ চিকিৎসা কৰা হৈছে)
  • যদিহে আপুনি এজন হৃদৰোগী
  • যদিহে আপোনাৰ মেৰুদণ্ডৰ জোৰ কম, অথবা যদিহে আপোনাৰ ফিমাৰ, পেলভিক হাড় ভাঙিছে ৷
  • (Source)
এ.আৰ.ডি.এছ. (ARDS) ৰোগীসকলৰ বাবে প্ৰ'নিঙৰ লাভালাভবোৰ হৈছে:
  • বেলেগ বেলেগ শাৰীৰিক অৱস্থানৰ বাবে ডায়েফ্ৰাম আৰু হাঁওফাঁওত শৰীৰৰ ওজন হ্ৰাস হয় যাৰ ফলত শৰীৰত অক্সিজেনৰ অনুপাত বৃদ্ধি হয় ৷ 
  • হাঁওফাঁওৰ চাপ কম হোৱাৰ ফলত ভেণ্টিলেটৰ-সম্পৰ্কিত হাঁওফাঁওৰ আঘাত (VILI) হ্ৰাস পায় ৷ 
  • হাঁওফাঁওৰ মাজেৰে তেজ পাম্প কৰা হৃদযন্ত্ৰৰ সোঁ ভেণ্ট্ৰিকলৰ কাৰ্যকৰীতা উন্নত কৰা যাৰ ফলত মাৰাত্মক ক'ৰ পালমোনেলৰ দৰে ঘটনা হ্ৰাস পায় ৷ 
  • হাঁওফাঁওৰ তৰল ভালদৰে নিষ্কাশন হোৱাৰ ফলত ভেণ্টিলেটৰ-সম্পৰ্কিত নিউমোনিয়া হ্ৰাস হয় ৷ 
                কোভিড-১৯ মহামাৰীৰ সময়ত নিউয়ৰ্কৰ দৰে অঞ্চলত প্ৰমাণ পোৱা গৈছে যে মাস্ক বা নিৰন্তৰ ধনাত্মক বায়ুপথৰ চাপ (CPAP)ৰ দ্বাৰা যোগান ধৰা অক্সিজেন যদি প্ৰৱণ বা হেলান দিয়া ভঙ্গীত প্ৰদান কৰা হয়, তেতিয়া ই অক্সিজেনৰ পৰিমাণ বহুখিনি উন্নত কৰিব পাৰে আৰু তেতিয়া তেনে ৰোগীৰ সহজতে ইনটিউবেচন বা ভেণ্টিলেচনৰ প্ৰয়োজনীয়তা নাহে। এই প্ৰক্ৰিয়া পিঠিৰ বিষত ভূগি থকা গধুৰ বা বিশেষকৈ মেদবহুল ৰোগীৰ বাবে বেছিভাৱে কাৰ্যকৰী হয়। এপ্ৰিল 2020-ত, ইণ্টেন্সিভ কেয়াৰ চ'চাইটিয়ে (ICS) চিকিৎসকসকলক ক'ভিড ৰোগীসকলৰ বাবে বিশেষভাৱে প্ৰৱণ অৱস্থান ব্যৱহাৰ কৰি চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰী কৰে ৷
                কোভিড-১৯ মহামাৰীৰ সময়ত নিউয়ৰ্কৰ দৰে অঞ্চলত প্ৰমাণ পোৱা গৈছে যে মাস্ক বা নিৰন্তৰ ধনাত্মক বায়ুপথৰ চাপ (CPAP)ৰ দ্বাৰা যোগান ধৰা অক্সিজেন যদি প্ৰৱণ বা হেলান দিয়া ভঙ্গীত প্ৰদান কৰা হয়, তেতিয়া ই অক্সিজেনৰ পৰিমাণ বহুখিনি উন্নত কৰিব পাৰে আৰু তেতিয়া তেনে ৰোগীৰ সহজতে ইনটিউবেচন বা ভেণ্টিলেচনৰ প্ৰয়োজনীয়তা নাহে। এই প্ৰক্ৰিয়া পিঠিৰ বিষত ভূগি থকা গধুৰ বা বিশেষকৈ মেদবহুল ৰোগীৰ বাবে বেছিভাৱে কাৰ্যকৰী হয়। এপ্ৰিল 2020-ত, ইণ্টেন্সিভ কেয়াৰ চ'চাইটিয়ে (ICS) চিকিৎসকসকলক ক'ভিড ৰোগীসকলৰ বাবে বিশেষভাৱে প্ৰৱণ অৱস্থান ব্যৱহাৰ কৰি চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰী কৰে ৷



Comments

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries