বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি:: তৃতীয় খণ্ড



আগৰ পৰা (https://gitarthakaushik.blogspot.com/2020/05/blog-post_26.html)

ডিলাক্স চ্যুটলৈ আপগ্ৰেডেশ্বন আৰু এতিয়া আগ্নেয়গিৰিৰ (মই অহাৰ পিছতে ইণ্ডোনেচীয়াত আগ্নেয়গিৰি উদগীৰণ হোৱাৰ বাবে তিনিদিনৰ কাৰণে সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল) পৰা বাচি আহি ছিংগাপুৰ পোৱাতোও জানো কম ভাগ্য নহয় ? যি নহওঁক ছিংগাপুৰত অৱতৰণ কৰি বিমান বন্দৰৰ পৰাই মেট্ৰ ট্ৰেনেৰে মোৰ ভাইটি / বন্ধু ধীৰাজৰ জুৰং ইষ্টত থকা ৰূমলৈ বুলি আহিলো ৷ ধীৰাজ আমাৰ অসমৰ নগৰবেৰাৰ ল'ৰা ৷ তাৰ ৰূম পাই মুখ হাত ধুই, তাৰ লগৰে এজন দক্ষিন ভাৰতীয় বন্ধুৰ সৈতে আমি তিনিও ওলাই গ'লো ৷

ছিংগাপুৰখন ক'বলৈ ভাষা নোহোৱাকৈ ধুনীয়া ৷ ইমান পৰিপাতি যে নেদেখিলে কাৰো বিশ্বাসেই নহ'ব ৷ ৰাস্তাবোৰ মূলত: তিনি ভাগত বিভক্ত ৷ বাওঁফালৰ ভাগেৰে বাছ যায়, মাজেৰে সাধাৰণ গাড়ী/বাইক আৰু সোঁফালে দ্ৰুত গতিৰ গাড়ী যায় ৷ কোনো গাড়ীয়ে অনাহকত হৰ্ণ নবজায় ৷ কোনো গাড়ী ইখনে সিখনক অতিক্ৰম কৰি ট্ৰেফিক ভাঙি আগুৱাই নাযায় ৷ ৰাস্তাৰ পদপথত কিছুমান চুইট্যচ আছে ৷ ৰাস্তা পাৰ হ'বলৈ মানুহ নাথাকিলে গাড়ী নৰখে ৷ ব্যস্ত ট্ৰেফিকবোৰৰ বাহিৰে বাকীবোৰ ৰাস্তাত আমাৰ ভাৰতৰ ট্ৰেফিকৰ দৰে ১ মিনিটৰ মূৰে মূৰে লাইটবোৰ সলনি হৈ নাথাকে ৷ পদপথেৰে যাত্ৰী পাৰ হ'ব থাকিলে চুইট্যচটো টিপি দিয়ে ৷ ১৫ ছেকেণ্ডৰ ভিতৰত গাড়ী ৰখি যায় ৷ মানুহ অনায়সে পাৰহৈ যাব পাৰে ৷ ইমাৰজেন্সিৰ বাবেও চুইট্যচ থাকে ৷ আৰু এই প্ৰক্ৰিয়াৰে কোনো যানজঁট নোহোৱাকৈ গাড়ী চলি থাকে ৷ ইয়াৰ বাচত অকল ড্ৰাইভাৰজনেই থাকে ৷ বাচত উঠিবলৈ কিছুমান ৰিচাৰ্জ কাৰ্ড ব্যৱহাৰ কৰা হয় যিখন মেট্ৰ ৰেলতো ব্যৱহাৰ কৰিব পাৰি ৷ সেই কাৰ্ডেৰে ভাড়া নিজেই দি যি স্থানত নামিব লগা হয় , প্ৰতিটো আসনত লাগি থকা stop চুইট্যচতো ব্যৱহাৰ কৰি নামি যোৱা হয় ৷ দুমহলীয়া গাড়ীয়ে বেছি ৷ মানুহ ৰাস্তাৰে পাৰ হোৱা দেখিলে বাছবোৰ ৰৈ দিয়ে ৷

সেইদিনাই আমি লিটিল ইণ্ডিয়ালৈ গ’লো ৷ ভাৰতীয় আৰু বাংলাদেশী মানুহেৰে ভৰপূৰ এখন অঞ্চল লিটিল ইণ্ডিয়া ৷ তাত গ'লেই গম পোৱা যায় আমি ভাৰতীয়বোৰে কিমান শিকিবলৈ বাকী আছো ৷ লিটিল ইণ্ডিয়া ছিংগাপুৰৰ বাকী অঞ্চলৰ দৰে নহয় ৷ অলপ লেতেৰা ৷ গাড়ী চলি থাকিলেও দৌৰি পাৰ হয় (যিমান ক'লেও ভাৰতীয় যে !!)




তাৰ পিছদিনা চানত'চা দ্বীপলৈ গ’লো ৷ তাৰ ইউনিভাৰ্ছেল ষ্টুডিঅ’ আৰু যাদুঘৰ চালো । চানত'চাৰ পানীৰ তলৰ পৃথিৱীখন চাই আচৰিত হ’লো !! জেলী মাছৰ পৰা বৃহৎ শ্বাৰ্ক, কি নাছিল তাত !! সকলোতকৈ আচৰিত লাগিল সামুদ্ৰিক সিংহ আৰু ডলফিনৰ খেলা চায় । গীতৰ তালে তালে সামুদ্ৰিক সিংহ আৰু ডলফিনৰ নৃত্য চাই সকলো মানুহে হাত তালিৰে ষ্টেডিয়াম ভৰাই তুলিলে । চানত'চাতে গধুলি হ’ল । তাৰপৰা আমি চিধা ছিংগাপুৰৰ বিখ্যাত ‘মেৰিণা বে’ লৈ গ’লো ‘মেৰ লায়ন’ চাবলৈ । হিন্দী চিনেমাত দেখা, মুখেৰে পানী ওলাই থকা সিংহ মুৰ্তিটো দেখি ৰোমাঞ্চিত হৈ গ’লো । বহুত ফটো তুলিলো । মেৰিণা বে’ত গধুলি এটা ৱাটাৰ শ্ব’ হয় । সেইটোও চালো । নিশা প্ৰায় ১০ বজাত লিটিল ইণ্ডিয়াত থকা বাংলাদেশী হোটেল ‘কৰিম’ ত ভাতসাজ খাই ধীৰাজৰ জুৰ্ং ইষ্টৰ ফ্লেটলৈ ঘুৰি আহিলো ।





ছিংগাপুৰত নবেম্বৰতো কুলিয়ে মাতে ৷ ধীৰাজ থকা বৃহৎ এপাৰ্টমেন্টৰ পৰা কুলিৰ কুউ কুউ শব্দ শুনিছিলো ৷ ৫ নবেম্বৰৰ দিনা ৰাতিপুৱা ১০:৩০ মানত ধীৰাজ আৰু মই জুৰ্ং পখী উদ্যান চাব গ’লো । খুবেই ধুনীয়া, পৰিষ্কাৰ, বিভিন্ন চৰাইৰ কল কাকলিৰে ভৰপুৰ পখী উদ্যানখন দেখি আমাৰ গুৱাহাটীৰ চিৰিয়াখানাখনলৈ মনত পৰিল আৰু মনটো বেয়া লাগি গ’ল আমাৰ জীৱ জন্তুবোৰৰ কষ্টৰ কথা ভাৱি । দীঘল ভৰিৰ ফ্লেমিংগ’বোৰ, বিভিন্ন প্ৰজাতিৰ ভাটৌবোৰ আৰু পেংগুইনবোৰ দেখি বৰ ভাল লাগিল । তাত থকা নিশাচৰ চৰাইকেইটাক আন্ধাৰ কোঠাতে ৰখা হৈছিল । দুপৰীয়া ১২:৩০ মান বজাত পখী উদ্যানৰ মুকলি মঞ্চ ‘এমফি থিয়েটাৰ’লৈ ওলাই আহিলো । তাতে সকলো পৰ্য্যটক গোট খাইছিলহি । সেইঠাইতে অলপ সময়ৰ পিছত ধুনীয়া ধুনীয়া চৰাইবোৰে নিজৰ ক্ৰীড়া প্ৰদৰ্শন কৰিলেহি । চৰায়ে ইংৰাজীত ১ ৰ পৰা ১০ লৈও ক’লে আৰু ইংৰাজী, চীনা আৰু ইণ্ডোনেচীয়ান ভাষাত গানো গালে । সেইবোৰ দেখি তবধ মানি চকু ডাঙৰ কৰি চোৱাৰ বাদে অন্য উপাই নাছিল । প্ৰায় ডেৰ ঘণ্টাৰ পিছত মুখত এটা হাঁহি লৈ জুৰং পক্ষী উদ্যানৰ পৰা ওলাই আহিলো । গধুলিলৈ শেষবাৰৰ বাবে আকৌ লিটিল ইণ্ডিয়াৰ কৰিম হোটেলত ৰাতিৰ ভাতসাজ খালোগৈ ।









পিছদিনা ৰাতিপুৱা ৪ টা বজাতেই ধীৰাজৰ ফ্লেটৰ পৰা চাংগী বিমান বন্দৰ অভিমুখে ৰাওনা হ’লো এটা বিষাদভৰা মন লৈ । ছিংগাপুৰৰ সময়মতে পুৱা ৮ বজাত এয়াৰ ইণ্ডিয়াৰ ব’য়িং বিমানখনৰ খিৰিকিৰ কাষৰ আসনত বহি দিল্লীলৈ বুলি উৰা মাৰিলো । খিৰিকিৰে মনোমোহা ছিংগাপুৰখন চাই ৰ’লো ।বিমানখন ওপৰলৈ উঠিল আৰু ডাৱৰৰ মাজত ছিংগাপুৰখন হেৰাই গ’ল । ময়ো ছিংগাপুৰত কটোৱা সোনসেৰীয়া দিনৰ স্মৃতিবোৰ জীৱনৰ কাৰণে মনত বান্ধি নিদ্ৰাৰ কোলাত নিজকে হেৰুৱাই পেলালো ।

শেষত ৱাটছ আপত পোৱা এটা বাৰ্তাৰে লেখাটিৰ মুখনি মাৰিব বিচাৰিলো,

“If something good happens,

Travel to celebrate,

If something bad happens,

Travel to forget,

If nothing happens, travel to

Make something happen”

কৃতজ্ঞতা: লিখনিটোত চকু ফুৰাই দিয়া বাবে লেখিকা মনালিছা শইকীয়া (মনা বা) ক অশেষ ধন্যবাদ জনালোঁ ।

Comments

  1. Replies
    1. বহুত ধন্যবাদ মামু বা :)

      Delete
  2. Bhal lagil gitu..dhuniyake explain kori sa ..ketiya goisila PhD kori thakute goisila niki

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ ৷ আপুনি ভাল পালে বুলি শুনি সুখী হ'লো ৷ হয় Ph.D. কৰি থাকোতে যোৱাৰ সুবিধা পাইছিলো :)

      Delete
  3. Replies
    1. বহুত বহুত সুখী হ'লো পঢ়ি ভাল পোৱা বুলি শুনি ৷

      Delete
  4. পঢ়ি ভাল লাগিল ভ্ৰমণ অভিজ্ঞতাৰ কথাখিনি

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ ৰাজীৱ ৷ ভাল লাগিছে বুলি গম পাই বহুত সুখী হ'লো ৷

      Delete
  5. ভাল লাগিল তোমাৰ শেষৰ লিখনিটো পঢ়ি।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ ৷ আপুনি ভাল পোৱা বুলি গম পাই সুখী হ'লো :)

      Delete
  6. খুইব ভাল লাগিল পঢ়ি Gk

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ ৰামু ভাই ৷ তোৰ ভাল লাগিল, গতিকে মোৰো ভাল লাগিল ৷

      Delete
  7. ভাল লাগিল পঢ়ি

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ :)

      Delete
  8. সুন্দৰ লিখনি ড° গীতাৰ্থ। পঢ়ি বহুত বেছি ভাল লাগিল।

    ReplyDelete
    Replies
    1. মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক এবাৰ চকু ফুৰাই চোৱাৰ বাবে বহুত ধন্যবাদ আপোনাক :)

      Delete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries