FIREFLIES: জোনাকী পৰুৱা ৷৷ An honest review in Assamese from a Cinephilic

"হেঁপাহৰ হেঁচাত
ধিমিধিমি জ্বলি থকা 
মই এটি জোনাকী পৰুৱা,
তমসাৰ পৰশত সাৰ পাই উঠা
মই এটি জোনাকী পৰুৱা,
হালধীয়া, সোনাৰুবুলীয়া ..."
            ভাৰতবৰ্ষৰ সংবিধানৰ ৩৭৭ ধাৰাই সমকামিতাক সম্পূৰ্ণকৈ অপৰাধ বুলি ঘোষণা নকৰিলেও কিন্তু এতিয়াও গৰিষ্ঠসংখ্যক ভাৰতীয়ৰ বাবে ই এক দণ্ডনীয় অপৰাধ .. ই এক অপ্ৰাকৃতিক ক্ৰিয়া !  তেনে এটা খুব স্পৰ্শকাতৰ বিষয় লৈ নৱাগত পৰিচালক প্ৰকাশ ডেকাই আত্ম"প্ৰকাশ" কৰিছে তেওঁৰ নৱতম চিনেমা "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা"ৰ যোগেদি ৷ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা হিচাপে প্ৰকাশ ডেকাৰ প্ৰথম ছবি  "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা" হৈছে  সমকামিতাৰ ওপৰত নিৰ্মিত প্ৰথমখন অসমীয়া কথাছবি ৷ নিজৰ অস্তিত্বৰ সংকটত জোনাকী পৰুৱাৰ দৰে ধিমিধিমিকৈ জ্বলি থকা জাহ্নুৰ জীৱনৰ দস্তাবেজ হৈছে ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা...বা .. মৰম, ভালপোৱা, লজ্জা আৰু হতাশাৰ সমাহাৰ হৈছে "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা" ৷ চিনেমাৰ কাহিনী আগবাঢ়ে নিজৰ অস্তিত্বৰ সংকটত ভোগা যুৱক জাহ্নুক লৈ ৷ জাহ্নু এজন সমকামী যুৱক, যাৰ লয়লাস খোজ কাটলৰ বাবে তেওঁ নিজৰ গাঁৱত বিখ্যাত (?) লেডিজ অথবা মাধুৰী দীক্ষিত হিচাপে ৷ এগৰাকী ছোৱালী হিচাপে কল্পনা কৰি ভালপোৱা জাহ্নুৱে কিদৰে নিজকে জাহ্নবীলৈ ৰূপান্তৰিত কৰে সেয়াই হৈছে "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা"ৰ থুলমূল কাহিনী ৷ 
            এতিয়া আহো শিল্পী নিৰ্বাচনলৈ ৷ "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা"ত আপুনি দেখা নাপাব কোনো নামধাৰী অভিনেতা বা অভিনেত্ৰীৰ গিমিক ! কিন্তু মই এটা কথাত আপোনাক নিশ্চিতি প্ৰদান কৰিব পাৰো যে অভিনয় শিল্পীসকলৰ দূৰ্দান্ত অভিনয়ে আপোনাক ১ মিনিটৰ বাবেও পৰ্দাৰ পৰা চকু আঁতৰাবলৈ নিদিব !
চিনেমাখনত অভিনয় কৰা শিল্পীসকল হৈছে (মূলত):      
ফটোত একাদিক্ৰমে বেঞ্জামিন দৈমাৰী, ড° বিটপী দত্ত, নিবেদিতা কলিতা, পলাশ মেচ আৰু মানস ৰঞ্জন                                         

                 প্ৰথমেই আহো চিনেমাৰ কেন্দ্ৰবিন্দু জাহ্নুলৈ ৷ জাহ্নুৰ চৰিত্ৰ নিখুতভাৱে দৰ্শকলৈ আগবঢ়াই দিছে বেঞ্জামিন দৈমাৰী ওৰফে বেঞ্জুৱে ৷ চিনেমাখন চলি থাকোতে আপোনাৰ মনলৈ এবাৰো নাহিব যে কেমেৰাৰ সন্মুখত বেঞ্জামিনৰ সেয়া প্ৰথম অভিনয় ৷ জাহ্নুৰ বায়েকৰ চৰিত্ৰত নিখুতভাৱে অভিনয় কৰিছে ড° বিটপী দত্তই ৷ আয়াৰলেণ্ডৰ পৰা পি.এইচ.ডি গৱেষণা সম্পূৰ্ণ কৰি অহা বিটপীৰ অভিনয়ৰ  নিপুনতা দেখিলে আপোনাৰ এনে লাগিব যে তেওঁ যেন আপোনাৰ লগতেই কথা পাতি আছে ! অভিনয় শিল্পী নিৰ্বাচনত পৰিচালক প্ৰকাশ ডেকাৰ নিপুনতা সঁচাকৈয়ে মানিবলগীয়া ৷ সেয়া লাগিলে বেঞ্জামিনেই হওক বা বিটপীয়েই হওক বা পলাশ মেচেই হওক বা অতি কম সময়ৰ বাবে ভূমুকি মৰা নৃত্য পৰিচালক উদয় শংকৰেই হওক ৷ জাহ্নুৰ বান্ধবী "নিবি" ৰ চৰিত্ৰত অভিনয় কৰা নিবেদিতা কলিতায়ো কম সময়ৰ চৰিত্ৰ এটি ৰূপায়ন কৰিলেও দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ এটা কথা আপোনাৰ আচৰিত লাগিব যে বেঞ্জামিনৰ বাহিৰে চিনেমাখনত থকা প্ৰায়বোৰ চৰিত্ৰৰ ৰিয়েল নাম আৰু ৰিল নাম প্ৰায় একে ৷ 
            অভিনয় শিল্পীসকলৰ এই দূৰ্দান্ত অভিনয়ৰ পিছত থকা, চিনেমাৰ মূখ্য ব্যক্তিকেইজনক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিয়াতো দৰকাৰী বুলি ভাৱিলো ৷ তেওঁলোক হৈছে: 

 

চিত্ৰনাট্য আৰু পৰিচালক: প্ৰকাশ ডেকা

 

প্ৰযোজক: মিলিন দত্ত

সংগীত: তৰালী শৰ্মা
শব্দ: দেৱজিত গায়ন
সম্পাদনা: ৰতন শীল শৰ্মা 
            তৰালী শৰ্মাৰ সংগীতৰ কথা পুনৰবাৰ কোৱাৰ ধৃষ্টতা নকৰো ৷ যদিও চিনেমাখনত আপুনি কোনো গীত বিচাৰি নাপাব তথাপিও সঠিক সময়ত সঠিক আৱহ সংগীতে যে আপোনাৰ কৰ্ণকুহৰত যে মৃদু কম্পন তুলিব সেয়া এজন দৰ্শক হিচাপে মই নিশ্চিত ৷ ৰতন শীল শৰ্মা আৰু দেৱজিত গায়নৰ কামৰ প্ৰশংসা বহুতৰ মুখত শুনিছিলো ৷ জোনাকী পৰুৱাই সেয়া সঁচা প্ৰমানিত কৰি দিলে ৷ 
            চিনেমাখনৰ চিত্ৰগ্ৰহন গুৱাহাটী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতেই কৰা হৈছে ৷ চিনেমাখনৰ কিছুমান দৃশ্য যেনে জাহ্নুৱে প্ৰতিকীৰূপত অকলে বৈ যোৱা নদীখনৰ সৈতে কথা পাতি নিজৰ জীৱনটোতো অকলে জীয়াই থকাৰ সিদ্ধান্ত লোৱা , দুখৰ দৃশ্যবোৰত বহল নদীখনত অকলে চলি যোৱা টুলুঙা নাওঁখনৰ দৃশ্য বা নদীৰ বালিচাপৰিত ওপৰৰ পৰা লোৱা জাহ্নু আৰু পলাশৰ পাৰাপাৰহীন প্ৰেমৰ দৃশ্যই সঁচাকৈ মন চুই যাব আপোনাৰ ৷  


            ইতিমধ্যেই দেশে বিদেশে বহু পুৰষ্কাৰ আঁজুৰিবলৈ সক্ষম হোৱা চিনেমাখনে যে আপোনাৰ মনো জয় কৰিব সেয়া নিশ্চিত ৷ তাৰোপৰি কাহিনীৰ মূল চৰিত্ৰত অভিনয় কৰা বেঞ্জামিনে দক্ষিন পূৱ এচিয়াৰ সৰ্ববৃহৎ সমকামী চলচ্চিত্ৰ মহোৎসৱ "কাশিচ"ত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আঁজুৰি আনিবলৈয়ো সক্ষম হৈছে ৷ ই সঁচাকৈয়ে আমাৰ বাবে এটা গৌৰৱৰ কথা ৷ 
            এজন চলচ্চিত্ৰপ্ৰেমী হিচাপে ৰাইজলৈ এটাই অনুৰোধ আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটি জীয়াই ৰাখিবলৈ আমি অসমীয়া চিনেমা চাবই লাগিব ৷ জোনাকী পৰুৱা চোৱাৰ পিছত এজন দৰ্শক হিচাপে অনুভৱ কৰিলো যে বাণিজ্যিকভাৱে ছবিখনে কিমান সফলতা অৰ্জন কৰে সেয়া হয়তো আমি এতিয়াই ক'ব নোৱাৰিম কিন্তু চিনেমাখনে যে সমকামিতাৰ ওপৰত থকা আমাৰ মান্ধাতাকলীয়া চিন্তাধাৰাক সলনি কৰিব সেয়া ধুৰূপ ! 
            চিনেমাখন চাবলৈ আপুনি চিনেমা গৃহলৈয়ো যাব নালাগে ৷ মাত্ৰ ১১৭ টকা (৯৯ টকা + ১৮% কৰ) খৰচ কৰি আপোনাৰ মোবাইল  / লেপটপতে চিনেমাখন চাবলৈ তলৰ লিংকটোত টিপি দিয়ক: 

Comments

  1. সুন্দৰ অনুভৱ 🌈🌈

    ReplyDelete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries