চিকেন নাগেট কিদৰে বনাব ?

ঠাণ্ডা বতৰ ৷ চাহৰ লগত পকৰিৰ দৰে কিবা এটা হ'লে খাই ভাল লাগে ৷ বেচন পকৰিও একঘেমীয়া হ'ল ৷ সেয়েহে আজি ভাৱিলো চিকেন নাগেটচ্ বনাওঁ ৷

কি কি লাগিব:
ব্ৰেড্:  ৪ টুকুৰা
কুকুৰা মাংস (ব্ৰইলাৰ): ২৫০ গ্ৰাম
নিমখ, জলকীয়া গুৰি:  আন্দাজমতে
ৰিফাইন তেল
কৰ্ণফ্লৰ: ৩ চামুচ
ৰাস্ককিট্ বিস্কুট: ৬ টুকুৰা
কণী: ১ টা

কি দৰে বনাব:
ব্ৰেডৰ কেইটুকুৰাৰ কাষবোৰ কাটি সৰু সৰু টুকুৰা কৰি মিক্সাৰত গুৰি কৰি ল'ব ৷ ব্ৰইলাৰ মাংসখিনি বইল কৰি পানী পেলাই দিব ৷ ব্ৰইলাৰ বইল কৰিহে খাব ৷ বহুত বেমাৰ হৈছে আজিকালি ৷ বইল কৰা মাংসখিনিও ব্ৰেডৰ গুৰিখিনিৰ লগত মিলাই মিক্সিত পিহি ল'ব ৷ এইখিনি কোমল হ'বলৈ ৪-৫ চামুচ ৰিফাইন তেল দি দিব ৷ এতিয়া গুৰি কৰি লোৱা ব্ৰেড আৰু মাংসখিনি আটা মৰাদি মাৰি ডাঠকৈ বেলি ল'ব ৷ বেলি লোৱা ৰুটিখন মজলীয়া আকাৰত টুকুৰা টুকুৰাকৈ কাটি ল'ব ৷ এতিয়া ১ টা কণী ভাঙি লৈ নিমখ, আৰু জলকীয়া গুৰিৰ লগত ২-৩ চামুচ কৰ্ণফ্ল'ৰ মিলাই ল'ব ৷ একেসময়তে ৰাস্ককিট্ বিস্কুট কেইটুকুৰা হাতেৰে মোহাৰি গুৰি কৰি ল'ব ৷ এতিয়া টুকুৰা কৰি লোৱা ৰুটিৰ টুকুৰাকেইটা এটা এটা প্ৰথমে কণীত ডুবাই বিস্কুটৰ গুৰিৰে ভালকৈ সানি ল'ব ৷ ৰিফাইন তেল কেৰাহীত গৰম কৰি একেবাৰে কম জুইত ৩-৪ মিনিট ভাজিব ৰঙা হোৱাকৈ ৷ হৈ গ'ল চিকেন নাগেটচ্ :)  একদম সহজ নহয়নে?  এতিয়া অলপমান টমেট' চচ্ লৈ নাগেটচ্ টুকুৰা সানি লৈ চাহৰ লগত পৰিৱেশন কৰক ৷

আপোনালোকৰ সুবিধাৰ বাবে ৰেচিপিৰ লিংকটো দিলো ৷ এবাৰ চাব বুলি আশা কৰিলো ৷

Youtube link:

Comments

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries