কেইটামান মাছৰ ৰেচিপি: অসমীয়া ৰন্ধন প্ৰকৰণ

১৷   তেল নিদিয়াকৈ বনোৱা ৰৌ মাছৰ আঞ্জা:
কি কি ল'লো::
১৷  ২-৩  টা বিলাহী, কাটি ল'লো
২৷  ২ টা ডাঙৰ পিঁয়াজ, কাটি ল'লো
৩৷   ১ টা ডাঙৰ নহৰু
৪৷   ৬-৭ টা জলকীয়া
৫৷   ২০-২৫ খিলা নৰসিংহ পাত
৬৷   নিমখ, হালধি, জলকীয়া গুৰি, গৰম মচলা আন্দাজমতে
কেনেকৈ ৰান্ধিলো:
এখন নন ষ্টিক কেৰাহীত তেল নিদিয়াকৈ পিঁয়াজ, নহৰু, জলকীয়াখিনি ভাজি ল'লো ৷ পিঁয়াজ ৰঙা হওঁতে কাটি লোৱা বিলাহীখিনি যোগ কৰি দিলো ৷ এতিয়া সোৱাদ অনুসাৰে নিমখ, হালধি, জলকীয়া গুৰি আৰু গৰম মচলাৰ গুৰি যোগ কৰিলো ৷ পাঁচ মিনিটমান ভাজি নমাই থ'লো ৷ একেখন কেৰাহীতে নৰসিংহ পাতকেইটাও কৰ্কৰিয়া কৰি ভাজি ল'লো ৷ এতিয়া এই আটাইবোৰ মিহলাই মিক্সিত পিহি ল'লো ৷
এতিয়া একেখন কেৰাহীতে মাছ কেইটুকুৰা শুকানে শুকানে ভাজি ল'লো ৷ মাছৰ পৰা তেল ওলাল ৷ সেই তেলতে মাছকেইটুকুৰা ভালদৰে ভাজি ল'লো ৷ এতিয়া মাছকেইটুকুৰা কেৰাহীতে ৰাখি ৪-৫ কাপ গৰম পানী যোগ কৰি দিলো ৷ ৫ মিনিট বইল হ'ব দিলো ৷ এতিয়া মিক্সিতগুৰি কৰি থোৱা পিঁয়াজ, নহৰুখিনি মাছৰ পানীখিনিত যোগ কৰি দিলো ৷ ২০ মিনিটমান সিজিবলৈ দিলো ৷ পানী কমি অহাত গেছটো বন্ধ কৰি দিলো ৷ অলপ ধনীয়া কাটি দিলো  শেষত ৷


২৷  ঔষধি উদ্ভিদৰ সৈতে মাছৰ আঞ্জা:
কি কি লাগিব:
১৷ পদিনা, নৰসিংসৰ পাত, ভেদাইলতাৰ পাত, কাজি নেমুৰ পাত
২৷ নহৰু, জলকীয়া, পিঁয়াজ, আদা
৩৷ তিল দুচামুচ
৪৷ নিমখ, হালধি আৰু তেল
৫৷ ভাঙোন মাছ
কি দৰে ৰান্ধিলো::
প্ৰথমে এখন নন্ ষ্টিক কেৰাহীত পিঁয়াজ, জলকীয়া, নহৰু আৰু আদা শুকানকৈ ৰঙা হোৱালৈ ভাজি ল'লো ৷ এতিয়া একেখন কেৰাহীতে তিলকেইটা ফুটাই ল'লো ৷ এটা মিক্সাৰত গোটেইখিনি মিহলাই খুন্দি ল'লো ৷ একেটা মিক্সাৰতে গোটেই পাতবোৰ একে লগতে অলপ পানী দি খুন্দি ল'লো ৷ এখন চেকনিৰে চেকি সিঁতাবোৰ পেলাই দিলো ৷ মাছকেইটা নিমখ, হালধি আৰু অলপ তেল দি সানি লৈ কম তেলত ভাজি ল'লো ৷ থাকিযোৱা তেলতে খুন্দি থোৱা পিঁয়াজ আৰু তিলৰ মিশ্ৰণটো ধুনীয়াকৈ ভাজি ল'লো ৷ তাতে গোটেইবোৰ শাকৰ পৰা ওলিয়াই লোৱা ৰসখিনি দি অলপ পানী দি উতলিব দিলো ৷ উতল আহোতে নিমখ দি দিলো ৷ এতিয়া ভাঁজি লোৱা মাছকেইটা দি পাঁচ মিনিটৰ কাৰণে সিঁজিব দিলো ৷ গৰমে গৰমে নমাই ভাতৰ লগত পৰিৱেশন কৰিব ৷

৷ সৰিয়হৰ সৈতে ভাপত দিয়া ইলিচ্ মাছ
কি কি লাগিব:
১৷ ইলিছ্ মাছ:  ৪ টুকুৰা
২৷ ক'লা সৰিয়হ: ১ চামুচ
৩৷  বগা সৰিয়হ: ২ চামুচ
৪৷  নহৰু, জলকীয়া আৰু ১টা সৰু পিঁয়াজ
৫৷  দৈ: ২ চামুচ
৬৷   নাৰিকলৰ গাখীৰ: ১ চামুচ
৭৷   তেল: ২ চামুচ
৮৷   নিমখ, হালধি: আন্দাজমতে
৯৷   মান ধনীয়া, ধনীয়া: আন্দাজমতে
১০৷  বান্ধিবলৈ কলপাত আৰু সুঁতা
কেনেকৈ ৰান্ধিলো::
ক'লা আৰু বগা সৰিয়হখিনি ভালকৈ কুমলাই লৈ নহৰু, জলকীয়া, মান ধনীয়া, ধনীয়া, দৈ, নিমখ আৰু হালধি দি ভালকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি ল'লো ৷
এতিয়া মাছকেইটুকুৰা ভালকৈ ধুই এই মিশ্ৰনত সানি প্ৰায় আধা ঘন্টাৰ বাবে মেৰিনেট কৰি ল'লো ৷
এইবাৰ কলপাত কেইখন গেছৰ জুইত অলপ লেৰেলাই ল'লো যাতে ভাঁজ কৰোতে ফাটি নাযায় ৷ ইয়াতে এটুকুৰা এটুকুৰাকৈ মাছ পাঁচটুকুৰা বান্ধিলোঁ ৷ 
এতিয়া এখন কেৰাহি স্ট'ভটোত পাতি দি জুই অলপ কমাই দিলো ৷ কেৰাহীতে মাছ কেইটুকুৰা ভালকৈ পাতি দি ঢাকনি লগাই ভাপতে সিজিব দিলো ৷ ১০ মিনিটকৈ দুয়োটা ফালে মাছকেইটুকুৰা ভাপতে সিজালো ৷
গেছৰ পৰা নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিলো ৷

৪৷  নগাসকলৰ শুকান মাছৰ চাটনি
কি কি লাগিব:
১৷ শুকান মাছ
২৷  বিলাহী
৩৷  আদা, নহৰু, জলকীয়া, কেঁচা ধনীয়া
৪৷  নিমখ আৰু মিঠাতেল
কেনেকৈ ৰান্ধিলো::
শুকান মাছ কেইটা গৰম পানীৰে ধুই ল'লো ৷ বিলাহীকেইটাত অলপমান মিঠাতেল সানি জুইত পুৰি ল'লো ৷ আদা, নহৰু আৰু জলকীয়াও পুৰি ল'লো ৷ এটা খুন্দনাত আটাইবোৰ মিলাই খুন্দিলো ৷ খুন্দোতে ধনীয়া যোগ কৰি খুন্দিলো ৷ সোৱাদ অনুসাৰে নিমখ আৰু অলপমান মিঠাতেল মিহলি কৰি দিলো ৷ হৈ গ'ল শুকান মাছৰ চাটনি ৷


৫৷ ৰৌ মাছৰ কণী ভঁজা
কি কি লাগিব :
১৷ ৰৌ মাছৰ কণী ২৫০ গ্ৰাম
২৷  ডাঙৰ পিঁয়াজ ১টা
৩৷  সৰু বিলাহী ১টা
৪৷  নহৰু ১০ ফুটা মান
৫৷  সৰু আদা ১ টুকুৰা
৬৷  জলকীয়া ২টা মান
৭৷  নিমখ, হালধি, জলকীয়া গুৰি আন্দাজমতে
৮৷  চিলি চ'চ আৰু চ'য়া চ'চ ১ চামুচ
৯৷  মিঠাতেল আৰু গৰু ঘিঁউ ১ চামুচ
১০৷ নৰসিংহ পাত আৰু ধনীয়া
কি দৰে ৰান্ধিলো: 
পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া এটা প্ৰেষ্টিজ চ'পাৰত মিহিকৈ কাটি ল'লো ৷ বিলাহী মিহিকৈ কাটি ল'লো ৷ মাছৰ কণীৰ আৱৰণখন আঁতৰাই মিহি কৰি ল'লো ৷ এতিয়া কেৰাহীত অলপমান মিঠাতেল দি নৰসিংহ পাত, পিঁয়াজ, নহৰুখিনি ভাঁজি ল'লো ৷ পিঁয়াজখিনিৰ পৰা তেল ওলাই ৰঙা বৰণ লওঁতে নিমখ, হালধি যোগ কৰি বিলাহীখিনি ভাঁজিব ধৰিলো ৷ বিলাহীখিনি গলি যাওঁতে কণীখিনি দি অলপদেৰি ভাঁজিলো ৷ কণীবোৰ এটাৰ পৰা আনটো এৰি যোৱালৈ ভাঁজিলো ৷ তাৰ পিছত অলপমান চ'য়া চ'চ আৰু অলপমান চিলি চ'চ যোগ কৰি কণীখিনি আৰু পাঁচমিনিট ভাঁজিলো ৷ এতিয়া ১চামুচ গৰু ঘিঁউ যোগ কৰি দি ২মিনিট ভাঁজিলো ৷ শেষত ধনীয়া যোগ কৰি দি ভাতৰ লগত পৰিবেশন কৰিলোঁ ৷






Comments

  1. খুব সুন্দৰ।

    ReplyDelete
    Replies
    1. বহুত ধন্যবাদ দৰ্শনা ! আপুনি মোৰ ব্লগৰ প্ৰথম কমেন্ট কৰা ব্যক্তি ৷ সদায় মনত থাকিব :)

      Delete
  2. শুভেচ্ছা থাকিল।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ ৷ আশাকৰো এইদৰেই উৎসাহ দি যাব :)

      Delete
  3. gta videos - youtube,videos,videos,free
    Download Gta videos free online - Videoslip.com with no download and no installation. Gta videos free youtube mp3 online - Best and Best Video Gta Videoslot.

    ReplyDelete

Post a Comment

Popular posts from this blog

Model Questions for Computational Biology and Biostatistics

Munmi Bora: the Assamese music sensation of 90's :::: অসমীয়া সংগীত জগতৰ বিস্ময় বালিকা : মুনমী বৰা

Model questions for B.Sc. 3rd Semester Skill development Paper of Gauhati University: Ornamental Fish and Fisheries