কুকুৰা মাংসৰ দুটা সুস্বাদু ৰেচিপি

মূৰ্গী অৰ্থাৎ কুকুৰাৰ মাংস আমাৰ গৰিষ্ঠ সংখ্যক মানুহৰে প্ৰিয় ৷ ঠাইভেদে কুকুৰা মাংস ৰন্ধনৰ কিমানযে পদ্ধতি আছে হিচাপ নাই !  আজি আপোনালোকলৈ লৈ আহিছো কুকুৰা মাংসৰ দুবিধ সুস্বাদু ৰেচিপি !  আহকচোন ব্লগটো পঢ়ি চাওঁ ..

১৷ চিকেন চালামী: 

আপোনাক লাগিব:
ব্ৰইলাৰ মূৰ্গীৰ হাড় নথকা অংশ: ৫০০ গ্ৰাম
পিঁয়াজ: ১ টা
নহৰু: ১৫-২০ টুকুৰা
আদা: এক আঙুলি মান দীঘল
জলকীয়া: ৩-৪ টা
ৰিফাইন তেল: ডাঙৰ ১ চামুচ
নিমখ: আন্দাজমতে
জিৰা, জলকীয়া গুৰি, জালুক গুৰি: আধা চামুচকৈ


পদ্ধতি:

মাংসখিনি ভালদৰে ধুই সৰু সৰুকৈ কাটি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পিঁয়াজ, নহৰু, জলকীয়া আৰু আদাৰ সৈতে খুন্দি ল'লো ৷ মচলা আৰু নিমখ ভালকৈ সান খাবলৈ মিক্সাৰতে দি অলপমান মেচিনটো চলাই ল'লো ৷ মাংসৰ কিমাখিনি নৰম হ'বলৈ তাত ডাঙৰ চামুচেৰে ১ চামুচ ৰিফাইন তেল যোগ কৰি দিলো ৷ মাংসখিনি উলিয়াই লৈ অলপ সময় আটা মৰাৰ দৰে মাৰি ল'লো ৷
এতিয়া এখন এলুমিনিয়াম ফইল পেপাৰত মাংসখিনি ঢালি ভিডিঅ'টিত দেখুওৱাৰ দৰে ৰ'ল বনাই ল'লো ৷ ফইলৰ দুয়োটা কাষ পকাই পকাই টান কৰি দিলো ৷ এতিয়া এখন কেৰাহীত গৰম পানী দি তাতে মাংসৰ ৰ'লকেইটা প্ৰায় ৩০ মিনিটৰ ববে সিজাই ল'লো ৷ মাংসখিনি সিজাৰ পিছত ১০-১৫ মিনিটৰ বাবে ফ্ৰিজত থৈ দিলো ৷ পিছত উলিয়াই আনি এখন চোকা চুৰিৰে পিচ পিচকৈ কাটি এটা টিফিনত টানকৈ সাফৰ মাৰি ফ্ৰিজত ভৰাই থ'লো ৷ হৈ গ'ল আপোনাৰ চিকেন চালামী ৷ 



২৷ চিকেন হাৰিয়ালী: 

আপোনাক লাগিব:
ব্ৰইলাৰ মূৰ্গীৰ মাংস: ৫০০ গ্ৰাম
পিঁয়াজ: ২ টা, মিহিকৈ কুটি লোৱা
নহৰু: ১০-১৫ টুকুৰা
আদা: এক আঙুলি মান দীঘল
জলকীয়া: ৩-৪ টা
ধনীয়া: ডাঙৰ এমুঠি
পুদিনা: ডাঙৰ এমুঠি
ৰিফাইন তেল: ডাঙৰ ১ চামুচ
বাটাৰ: সৰু, এটুকুৰা
নিমখ: আন্দাজমতে
জিৰা, জলকীয়া গুৰি, গৰম মচলা: এক চামুচকৈ
দৈ: ৩ চামুচ


পদ্ধতি:

মাংসখিনি ভালদৰে ধুই ল'লো ৷ মিক্সাৰ গ্ৰাইণ্ডাৰত নহৰু, জলকীয়া, আদা, ধনীয়া, আৰু পুদিনা একেলগে খুন্দি ল'লো ৷  গোটেইকেইবিধ মচলাৰ সৈতে নিমখ, ধনীয়া, পদিনাৰ পেষ্ট আৰু দৈ দি মাংসখিনি আধাঘন্টাৰ বাবে মেৰিনেট কৰি ফ্ৰীজত থৈ দিলো ৷ এতিয়া এখন ননষ্টিক কেৰাহীত ৰিফাইন তেল যোগ কৰি দিলো ৷ তেলখিনি উতলি আহোতে তাতে অলপ বাটাৰ যোগ কৰি দিলো ৷ বাটাৰ ভালকৈ গলি যোৱাত তাতে লং, ডালচেনি আৰু ইলাচী যোগ কৰি দিলো ৷ এতিয়া তাতে মাংসখিনি যোগ কৰি দি একদম কম জুইত মাংসখিনি প্ৰায় ১০ মিনিটৰ বাবে ভাজিলোঁ ৷
মাংসখিনি সিজি থাকোতে অন্য এখন কেৰাহীত অলপমান ৰিফাইন তেল যোগ কৰি আধা চামুচ চেনিৰ সৈতে কুটি থোৱা পিয়াজখিনি ভাজি ল'লো ৷ পিয়াজখিনি ৰঙা হওঁতে সেয়া ভাজি থকা মাংসত যোগ কৰি দিলো ৷ এনেকৈ বেলেগকৈ পিয়াজ ভাজি দিলে পিয়াজৰ বাবে হোৱা মিঠা মিঠা ভাৱটো বহুখিনি কমে ৷ এতিয়া মাংসখিনি কোনো পানী যোগ নকৰাকৈ একদম কম জুইত প্ৰায় ১৫- ২০ মিনিট সময় ভাজিলো ৷ ধনীয়া আৰু পদিনা লগতে মাংসৰ পৰা ওলোৱা পানী কমি আহি ডাঠ হৈ যাওঁতে গেচটো বন্ধ কৰি দিলো ৷ হৈ গ'ল আমাৰ হাৰিয়ালী চিকেন ৷ 

Comments

Popular posts from this blog

How to make Papad from rice ? চাউলৰ পৰা পাপৰ কেনেকৈ বনাব ?

Khonoma: The Greenest Village of Asia ! How and When to visit ?

বিষুৱ ৰেখাৰ সেউজীয়া চহৰ ইণ্ডোনেচীয়া আৰু এচিয়াৰ সিংহ ছিংগাপুৰত এভূমুকি::দ্বিতীয় খণ্ড